লুইতৰ পাৰৰ বৰেচহৰ

ৱিকিউৎসৰ পৰা


লুইতৰ পাৰৰে বৰেচহৰ !

      গুণাৰে বনে কৰা বৰেপাগে পিন্ধি

            তাহানি ধৰিলা ব’গা ডাৱৰ ৷

ডাৱৰে বুলিলে বেলিক লাজ দিয়ে,

      কি গুণা পিন্ধিছা,

বগী ডাৱৰো বৰণ আমোলাই

      পিন্ধিলা পাগুৰি কিনো পাটৰ

            পাগুৰিত পিন্ধিলা হীৰা-পাথৰ

            লুইতৰ পাৰৰে বৰেচহৰ !

ওজা খনিকৰে, ওজা কাৰিকৰে

      দিলে শিলৰ ঘৰে সাজি,

            তাতে লেখি লেখি,

      জোনবাইৰ সতে কিবা মেলে পাতি,

অ’ বৰেচহৰ ! ভাগৰি-জুগৰি

কত ডাৱৰীয়া ৰাতি---

      এটি তৰাৰে দুটি ওলাব বুলি

            ওৰে নিশাটি দিছিলা পৰ

      লুইতৰ পাৰৰে বৰেচহৰ ৷