লাচিতৰ আহ্বান
সৌৱা---
শৰাইঘাট ;
প্ৰশস্ত
নিমাত ।
ৰামসিংহ বীৰ
বিজয়ৰ গৰৱেৰে উন্নত শিৰ,
পিন্ধি জয়োজ্জ্বল শিৰস্ত্ৰাণ
লৈ আহে
দম্ভালি দম্ভালি
ভাৰতবিজয়ী অভিযান ।
অলৰ-অচৰ মোৰ
বজ্ৰপাথৰ
অস্থিত আহি আহি হানিছে আঘাত
প্ৰতিঘাত পাই
হতবীৰ্য্য সিংহ সম
যায়
শতমুখে অসমীয়া যুঁজাৰুৰ
গৌৰৱ গায় ।
সৌৱা---
মোৰ নীলাচল সম
বুকুৰ পটাত
অস্ত্ৰাঘাত ব্যৰ্থ হ’ল,
সাম্ৰাজ্যৰ দম্ভ ধূলিসাৎ
বিজয়ীবাহিনী উৎখাৎ ।
সৌৱা---
শৰাইঘাট,
প্ৰশস্ত
নিমাত ।
নিমাত ? নিমাত ? নহয় নিমাত,
দেশ ৰাখ, দেশ ৰাখ বুলি
উঠে শুন অৰ্ব্বুদ মাত ।
প্ৰতিধ্বনি
উঠে তাৰ
অসমীয়া নবীনৰ
তপত হিয়াত,
সিৰাই সিৰাই
অগ্নিপাত ।
আসুৰীয়
বিজ্ঞানৰ
ঘৰ্ষন-গৰ্জ্জন
ভেদি আহে
শুন সৌ
শৰাইঘাটৰ
বজ্ৰভাষী সিংহনাদ,
শতাব্দী সুপ্তিৰ ছিঙ্ ভাঙ্
লোহাৰ শৃঙ্খল
এদিনলে’ হ’ উশৃঙ্খল
লুইততে
জহি যাওক
জড়-অৱসাদ,
সিংহৰ পোৱালি তই
নবীন অসমীয়া
সুঘোষিত কৰ তোৰ
অধিকাৰবাদ,
বিপ্লৱী তূৰ্য্য-নিনাদ ।
সৌৱা---
শৰাইঘাট,
প্ৰশান্ত
নিমাত
লক্ষ লক্ষ অসমীয়া
নবীনৰ
বক্ষ ঝৰি ঝৰি
ৰঙা তেজ কলিজাৰ
নিজৰি নিজৰি
অসমীৰ চৰণ ধুৱাই
শৰাইঘাটৰ সৌ
বালি-মাটিয়ে
আছে মিল খাই ।
নবীনৰ তেজ-পানী পাই
গজালি সঁজালি আহে
ন-যুঁজাৰুৱে হাঁহে
জীৱন-যুঁজৰ বাৰ্ত্তা পাই
শকতিৰ শঙ্খ বজায় ।
বুৰঞ্জী বিদাৰি তই
মোক চা, নিজকে চা
বান্ধি লৈ সাহ,
যন্ত্ৰযুগৰ নৱ
মন্ত্ৰ ফুকাৰি তই
শঙ্কা পেলাই দি
আগবাঢ়ি আহ ।
নতুন দিনৰ অসমীয়া
যুগে যুগে হবি তই
শৰাইঘটীয়া,
তোৰ দেশ ৰাখিবলে’
গঢ়ি গঢ়ি লবি তই
নতুন হিলৈ
চিৰজয়ী হবি তই
মাভৈ মাভৈ ।
মোমাই দুখণ্ড কৰা
তৰোৱাল এতিয়াও লই
তহঁতৰ কাষে কাষে
ঘূৰি ফুৰি
বিৰাজিছোঁ
শকতিৰ সূৰ্য্য সম মই
নাই ভয়, হ’ব তোৰ জয় ।
কোন তই ?
কোন তই
দাসত্ব পিন্ধি
স্বৰ্ণময়
মোহমণিবন্ধ
অৱসাদক্লিষ্ট
নিৰাশাৰে বুকু ধুনি
কুতৰ্কমুগ্ধ,
দেখিও নেদেখি একো
হই আছ অন্ধ ?
দৈন্য-বিপদ পৰান্মুখ
কৰ্ম্মবিমুখ
কোন তই কাপুৰুষ মূৰ্খ দুৰ্ম্মুখ ?
শৰাইঘটীয়া সৈন্যদল !
নাই তেন্তে কি তোৰ
আপোনাৰ বিশ্বাস অটল ?
সাৰ কৰি
মাথোঁ
ভোগ-সুখ
কৰ্ত্তব্যৰ নহলি সন্মুখ,
মোমাইতামুলী গড়ে
প্ৰত্যক্ষ কৰিলে যি
জননী ৰক্ষাৰ বাবে ভৈৰৱ শক্তি,
জনা নাই তই জানো
আকৌ তাৰেই হ’ব পুনৰাবৃত্তি ?
তেজপিয়া তৰোৱালে
ৰাম তৰোৱালে
একেই তেজকে পিব
ঝলসি শক্তি দিব
যুগে কাল-কালে ।
সন্মুখ থিয় দিব আহি হাঁহি
ভালে ভালে ।
কোনে ক’লে নাই ?
কোনে ক’লে নাই
গদাপাণি নাই ?
সৌৱা তোৰ গদাপাণি
ঘোষিছে বজ্ৰবাণী
ভৈয়ামে ভৈয়ামে ফুৰি অনাই বনাই---
কৰ্ত্তব্যৰ যজ্ঞ জ্বালি
ত্যাগৰ মহাযোগী
ল’ৰা-তিৰোতা সঁপি
শক্তিমন্ত্ৰ জপি,
আছে বাট চাই
পৰ্ব্বতৰ গুহাত সোমাই,
দেশৰ কল্যাণৰূপী
আশা-কল্পনাই
মনৰ ডালিমী হৈ
নিৰাশাৰ বন ভেদি
ভৈয়ামলে’ বৈ অহা
মন-জুৰিটিৰ
পাৰে পাৰে
নাচি নাচি
সঞ্জীৱনী গায়ত্ৰী
শুনায় ।
ৰুদ্ধ বীৰ্য্য গদাপাণি হ’ব উদ্বুদ্ধ
অত্যাচাৰী লালুকৰ
সপোন চূৰ্ণ কৰি
উজ্বলিব অসমত
ৰুদ্ৰসিংহৰূপে
নিৰ্ম্মল শুদ্ধ
পূৰ্ব্বভাৰত জ্ঞানবৃদ্ধ ।