যশোৱা গোপাল কোলে নিছা
অৱয়ব
।। ৰাগঃ শ্যাম।। তালঃ পৰি।।
ধ্ৰুং।। যশোৱা গোপাল কোলে নিছা।
বয়ন ভৰি ঘন চুম্বন দিছা।।
পদ।। কবহু ভৰি হৰি চান্দ বয়নে।
পূৰল মন পয়োধৰ পানে।।
কবহু বয়নে হেৰি হেৰি হাসে।
জগতক হৰি যশোৱা কোলে ভাসে।।
সনক সনাতন যাকৰু সেৱা।
যশোৱা কোলে শোহয় সোহি দেৱা।।
ভকত-বত্সল হৰি দীন দয়াল।
কহয় মাধৱ গতি বাল-গোপাল।।