মোৰ আজি সন্ধিয়াৰ গানৰ
অৱয়ব
মোৰ আজি সন্ধিয়াৰ
গানৰ কথা
প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা,
গোপনৰ বাণী----
মৰমেৰে সানি
গানতে মিলাই গালে
উলিয়াব জানো তোৰ
চকুৰ পানী?
আকুল ই কণঠৰ গানে
কব জানো তোৰ কাণে কাণে
মোৰ হিয়া নিজানৰ
নুফুটা ব্যথা?
মোৰ আজি সন্ধিয়াৰ
গানৰ কথা----
প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা৷৷