মোকে দেখিয়ো না কেনে আহে জগন্নাথ
।। ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। মোকে দেখিয়ো না কেনে, এহে জগন্নাথ,
মঞি বৰ পাপেৰ পাপী।
সংসাৰ কূপাত পড়িয়া তোমাৰ,
চৰণে নধৰো চাপি।।
পদ।। কত তপসাই নৰতনু পাই
গোৱাইলো বিষয় ভোলে।
যেন চিন্তামণি অমূল্য ৰতন
বিকাইলোঁ কাচেৰ মোলে।।
দেৱে নাহি পাই মানৱী হুইবাৰ
মই পাপী আসিয়া পাইলোঁ।
তোমাৰ ভকতি অমিয়া তেজিয়া
বিষয় গৰল খাইলোঁ।।
লোভ-মোহ-কাম ক্ৰোধ-মদ মান
ইসৱ বৈৰীৰ সঙ্গে।
আপোন ইচ্ছায় পাপ-আচৰিয়া
বেড়াইলোঁ মনত ৰঙ্গে।।
পৰতিৰী পৰ ধনেৰ আশায়
সদায় আকুল ভৈলোঁ।
তুমি মহাধন তোমাক নাসেৱি
জনম বিফল কৈলোঁ।।
দেহা আলে-জালে গৈল পাইলে কালে
প্ৰাণ কোনদিনা পৰে।
যমৰ যাতনা শুনিয়া হৃদয়
কম্পিত হৈ গৈলোঁ বৰে।।
তোমাৰ অভয় চৰণে শৰণ
বিনে নাহি আন গতি।
তুমি দয়াময় জানিয়ো কহয়
মাধৱ মূৰুখমতি।।