মোকে ইবাৰ কৰুণা কৰা
।। ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। মোকে ইবাৰ কৰুণা কৰা নাৰায়ণ
কৰুণা-সাগৰ স্বামী।
তোমাৰ অভয় চৰণে শৰণ,
আশা কৰি আছো আমি।।
পদ।। সনত-কুমাৰ, নাৰদ, অনন্ত,
শঙ্কৰ, শুক, সনন্দে।
তোমাৰ অৰুণ চৰণপঙ্কজে
সেৱন্ত কত প্ৰৱন্ধে।।
তাসম্বাক দেখি তোমাৰ চৰণ
সেৱিবাক কৰোঁ আশা।
সিংহৰ গতিক ক্ষুদ্ৰ মূষ হুয়া
ইচ্ছা কৰো মতি-নাশা।।
ঘোৰ দুৰাচাৰ ভকতৰে নষ্ট
নাহি বুলি আছা বাণী।
মই দুৰাচাৰ তোমাক ভজিতে
আশা কৰোঁ তাকে জানি।।
তুমি সত্যব্ৰত আপোনাৰ নিজ
বচনক সত্য কৰা।
তোমাৰ দাসৰো দাসৰ কিঙ্কৰ
বুলি মোক প্ৰভু ধৰা।
তোমাৰ অনাদি-অবিদ্যা তিমিৰে
অন্ধ কৰি আছে মোৰে।
তোমাক না জানি দেহক মঞি বুলি
মজিলোঁ এ দুঃখ ঘোৰে।।
সন্তৰ সঙ্গতি, তযু গুণ নাম
পৰম প্ৰসাদ দিয়া।
কহয় মাধৱ ইবাৰ গোৱিন্দ
দাস কৰি মোক নিয়া।।