মুক্তি

ৱিকিউৎসৰ পৰা
মুক্তি
লেখক লক্ষ্মীনাথ বেজবৰুৱা
কেহোঁকলি গ্ৰন্থৰ দ্বিতীয় চুটিগল্প


সুকুমাৰ ডাঙৰ ল'ৰা। তাৰ খাব-পিন্ধিবৰ অভাৱ নাই। স্বভাৱতে সি বুদ্ধিমান, কিন্তু পঢ়া-শুনাত হ'লে তাৰ মন নাই। তাৰ চৌধ বছৰ বয়স হ'ল; তথাপি সি ইংৰাজী স্কুলৰ চতু্ৰ্থ শ্ৰেণীতে। দেউতাকে "পঢ় পঢ়" কৰে; সুকুমাৰে আগতে কিতাপ মেলি লৈ আকাশ-পাতাল ভাবে। ক'ত গছত পকা আম, দাঁহেচীয়া মধুৰি আম আছে, ক'ত ঘৰৰ পানী পাছৰ চুকত বৰলে বাস সাজিছে, সেই বৰলৰ বাহ ভাঙি তাৰ টোপ লৈ ক'ৰ পুখুৰীত বৰশী বাই পুঠিমাছ ধৰা যাব; ক'ত গছৰ বাহৰ পৰা চৰাই-পোৱালি আনি পুহিব লাগিব; পোহনীয়া মেকুৰী, কুকুৰ, পহু-পোৱালিৰে কেনেকৈ ধেমালি কৰিব লাগিব ইত্যাদি কথাৰে সুকুমাৰৰ মূৰ ভৰপূৰ; তাত স্কুলৰ পাঠ্য কিতাপৰ কথালৈ ঠাই তাকৰ। স্কুললৈ তপতে তপতে ভাত এগাল খাই সি যায় হয়। কিন্তু পঢ়াৰ মহলা দিব নোৱাৰি শিক্ষকৰ গালি খাই শাস্তি ভুগি ঘৰলৈ আহে আৰু মাকে আতৌপুতৌকৈ দিয়া ম'হৰ এঠা গাখীৰেৰে কোমল চাউলৰ জলপান এটা খাই, স্কুলৰ সকলো ডাবি-শাস্তি পাহৰি পেলাই লগৰীয়া ল'ৰাৰ সৈতে ধেমালিত পুৰ্বৱতে মগন হয়। এদিন শিক্ষকে সুকুমাৰৰ পঢ়াত অমনোযোগিতাৰ বিষয়ে দেউতাকৰ আগত গোচৰ দিলত দেউতাকে ধৰি সুকুমাৰক চেকনিৰে নথৈ কোবালে। সি মাৰ খাই অভিমান কৰি পলাই কোনেও নেদেখাকৈ তেঁতেলী গছ এজোপাৰ ওপৰত উঠি তাৰ ফেৰেকা ডাল এটাত শুই থাকিল। ওৰে দিনটো ওৰে ৰাতিটো আৰু ঘৰলৈ নাহিল। মাকে বিচাৰি নাপাই "মোৰ ল'ৰাটো ক'লৈ গ'ল" বুলি কান্দিবলৈ ধৰিলে; দেউতাকে মনত বৰ দুখ পাই অনুতাপ কৰি "হেৰ সুকু, আহ, ক'ত আছ ওলাই আহ; আজিৰ পৰা আৰু তোক মই নামাৰোঁ।" বুলি মাত মাতি ভাগৰি চিন্তাকুল হৈ বিচনাত শুই পৰিল।

পিছদিনা পুৱা বোকে-পিয়াহে লাল-কাল লগা সুকুমাৰ মাকৰ ওচৰত উপস্থিত হ'লত; মাকে পুতেকক সাবট মাৰি ধৰি চকুলো টুকি আদৰেৰে সানমিহলি উত্সনা কৰি, গা-পা ধুৱাই ভালকৈ খাবলৈ দিলে; দেউতাকেও তাক দূৰৈৰপৰা মিঠা মাতেৰে সম্ভাষণ কৰি বুজনি দি শান্তি লভিলে।

সুকুমাৰৰ দেউতাক পুৰণি ধৰণৰ মানুহ। কোন বাটেৰে পুতেকক সাৱধানে বলাই আনিলে তাৰ পঢ়া-শুনাত মন বহিব, সেইটোৰ উৱাদিহ তেওঁ বালকৈ নাজানিছিল। তেওঁ জানিছিল যে, পুতেকক স্কুলত মাছুল দি পঢ়িবলৈ পঠিওৱা হৈছে যেতিয়া, স্কুলৰ অধ্যাপকে পুতেকক অচিৰতে সৰ্ববিদ্যা-বিশাৰদ কৰি তুলি তেওঁক শোধাই দিব। তেওঁ নাজানিছিল যে, আজিকালিৰ স্কুল আগৰ দিনৰ নিচিনা বিদ্যাৰ্থীক পৱিত্ৰ বিদ্যা দান দিয়া পঢ়াশালি নহয়। সি চকী, মেজ, বেঞ্চ, ঘড়ী, চকীদাৰ আদিৰে বিভূষিত আৰু গুৰু-শিষ্যৰ আন্তৰিকতাশূন্য ক্ষন্তেকীয়া সমন্ধেৰে সমন্ধ লগা নিৰ্মম মহলা লোৱা কাৰখানাহে। তাত ছত্ৰৰ মানসিক সুবৃত্তিবোৰ পৰিবৰ্দ্ধিত নহৈ জাঁতত চাউল পিহ খোৱাদি পিহ খোৱাৰহে বন্দৱস্ত। সেই দেখি যেতিয়া তেওঁ এদিন সুকুমাৰৰ পঢ়া-শুনাৰ অভাৱ আৰু অমনোযোগিতাৰ বিষয়ে শিক্ষকৰ পৰা শুনিলে, তেতিয়া হতাশ হৈ সকলো দোষৰ ভাগী সুকুমাৰকে কৰি সেইদৰে নিষ্ঠুৰভাৱে তাক প্ৰহাৰ কৰিছিল। দিন-ৰাতিৰ দোমোজা কালডোখৰ সকলোৰে পক্ষে ভয়ানক। দিন-ৰাতিৰ সন্ধিক্ষমতে নৰসিংহ দ্বাৰায় হিৰণ্যকশিপুৰ বিনাশ ঘটিছিল। পুৰণি সভ্যতা বা অসভ্যতা আৰু নতুন সভ্যতা বা অসভ্যতাৰ মাজৰ দূৰদৃষ্টিৰ নিমিত্তেই এই ভদ্ৰলোকজনৰ এনে মানসিক বিপদ ঘটিছিল। সংক্ষেপতে এয়ে কথা।

তেওঁৰ দুটি পুতেক-সুকুমাৰ আৰু সুকুমাৰৰ ককায়েক দেৱকুমাৰ। দেৱকুমাৰে কলিকতাতে পঢ়ি বি-এল পৰীক্ষাত উঠি ডিব্ৰুগড়ত ওকালতি কৰে। তেওঁ ভাল উকিল; গতিকে তেওঁৰ আয় আৰু সন্মানৰ ভাগো ভালৰ ফালে। দেউতাক আৰু মাকে এই পুতেকৰ যশ আৰু প্ৰতিপত্তিত স্বভাৱতে নিজক নথৈ গৌৰৱাম্বিত বিবেচনা কৰিছিল। কোনো ভদ্ৰলোকৰে সৈতে দেখা-শুনা হ'লে ক্ষন্তেকৰ পিছতে দেউতাকৰ মুখৰ পৰা বৰপুতেকৰ যশস্যাৰ কথা ওলোৱাটো সূৰ্যোদয়ৰ নিচিনা নিশ্চয়। উকীল পুতেকৰো দেউতাক- মাকৰ ওপৰত অশেষ প্ৰভাৱ; আৰু সেই প্ৰভাৱ বা প্ৰতাপ তেওঁ প্ৰতি কথাতেই প্ৰকাশ কৰিবলৈ কৃপণতা নকৰিছিল। তেওঁ ছমাহে বছৰেকে যাই ঘৰলৈ আহে; আৰু ককায়েক আহিবৰ আগ-বাতৰি শুনিলে সুকুমাৰে আনন্দতে জঁপিয়ায়; কিন্তু ককায়েক আহি পালে সুকুমাৰ তেওঁ সন্মুখত থিয় হ'ব নোৱাৰে। কাৰণ সি ককায়েকৰ পৰা গালি আৰু কদৰ্থনাৰেহে প্ৰথম সম্ভষণ পোৱাটো ধৰা-বন্ধা কথা। এবাৰ এনে ঘটনাত মাকে বৰপুতেকক ক'লে,"তোৰ ভায়েৰ তই আহিবি বুলি শুনি ৰঙত জঁপিয়াই ফুৰিছিল আৰু তইনো তাক প্ৰথম আষাৰ মাততে ইমানকৈ গালি পাৰিব আৰু কেটকেটাব পাৱনে বাৰু?" মাকে বৰপুতেকৰ পৰা ইয়াৰ উত্তৰ পালে, " তোমালোকে সুকুমাৰৰ মূৰ খালাহঁক। তাক মৰম চেলাই চেলাই গুচালাহঁক। ইমানটো ধোদোঙা ল'ৰা, সি পঢ়া-শুনা নকৰে। আৰু দিনদিয়েকৰ পিছত সি ম'হ-গোৱাল হ'ব লাগিব; নাইবা লোকৰ ঘৰত সিন্ধি দিব লাগিব; নহ'লে ভাত খাব ক'ৰপৰা?" মাকে বৰপুতেকৰ মুখৰ পৰা এই কঠোৰ তৰ্জন আৰু নিৰ্মম মন্তব্য শুনি চকুৰ পানী টুকি অলপ আঁতৰি গৈ প্ৰকৃতিস্থ হৈ পুনৰায় পুতেকৰ কাষ পাবলৈ কিছু সময় লাগিছিল।

এবাৰ পূজৰ বন্ধত উকীল পো ঘাই ঘৰলৈ আহোঁতে দেউতাক আৰু মাকক তেওঁ দৃঢ়ভাৱে ক'লে, "এইবাৰ মই এই গৰুটোক লগত লৈ যাম, মোৰ তত্ত্বাৱধানত ৰাখি বঢ়িম। তোমালোকে আৰু ইয়াক ইয়াত ৰাখি ইয়াৰ ইহকাল-পৰকাল খাব নোৱাৰাহঁক। মই কাইলৈ যাম; ইয়াৰ কাপোৰ-কানিৰ টোপোলাটো বান্ধি মোৰ লগত দিবা।" এই প্ৰচণ্ড আদেশ শুনি মাকে চকুৰ পানী টুকিলে; বাপেকে অনেক বিবেচনা কৰি অনেক থেৰো-গেৰোঁ কৰি সেই আদেশ মানিবলৈকে অন্তত থিৰ কৰিলে। এই অভাৱনীয় সিদ্ধান্ত শুনি সুকুমাৰৰ যদিও অণ্ঠে-কণ্ঠে শুকাই গৈছিল, তথাপি সি জানিলে যে, তাৰ আৰু অন্য পন্থা নাই; এইবাৰ ককায়েকৰ লগত ককায়েকৰ কঠোৰ শাসনৰ তলত থাকি সি লিখা পঢ়া শিকিবলৈ যাবই লাগিব। গতিকে নিৰুপায় হৈ সিও এই নতুন অৱস্থাত আত্মসমৰ্পণ কৰাটোকেই থিৰ কৰিলে। তেতিয়াই সি তেঁতেলী গছ, আমগছ, কঁঠালগছ বৰপুখুৰী, ফুলনিবাৰী, মুকলি আকাশ, আহল-বহল পথাৰ, উৰি ফুৰা পখিলা আৰু পোহনীয়া চৰাই-পহু, চৰিফুৰা গৰু-ঘোঁৰা, লৰি ফুৰা লগৰীয়াসকলৰ পৰা শোকাকুল হৃদয়েৰে অথচ দৃঢ় মনেৰে বিদায় লৈ সেই পৰম আত্মীয়সকলক পৰিত্যাগ কৰি বিদেশলৈ যাবলৈ সাজু হ'ল।

সুকুমাৰক লগত লৈ দেৱকুমাৰে মাক-বাপেকক সেৱা কৰি বিদায় ল'বৰ সময়ত মাকে সুকুমাৰৰ মুখত এটা চুমা খাই ক'লে "হেৰ',তই ককাইদেৱৰৰ হাক-বচন মানি চলিবি, মোৰ সোনাই। আৰু মন দি পঢ়িবি।" আৰু বৰপুতেকৰ মুখত হাত ফুৰাই তেওঁ ক'লে, "হেৰ বৰপোবা, তাক তই বৰকৈ তম্বি নকৰিবি, মোৰ মইনা; সি লাহে লাহে পঢ়িব; অজলা ল'ৰা, একেবাৰেই বৰকৈ টানি নধৰিবি।' এই বুলি নিজৰ আঁচলেৰে তেওঁ চকুৰ পানী মচিলে। বৰপুতেকে মাকৰ কথা শুনি মিচিক কৰে হাঁহি ক'লে-"হৈছে,হৈছে, আৰু তাৰ বিষয়ে তোমাৰ ভাবিবৰ দৰ্কাৰ নাই, লেন দি দি তাক যি লাগে কৰিলাহঁক।"

সুকুমাৰক ডিবুৰুলৈ আনি ককায়েকে ইংৰাজী স্কুলত নাম লগাই দিলে আৰু পুৱা গধূলি নিজে তাৰ পঢ়া-শুনাৰ তত্বাৱধান কৰিবলৈ ধৰিলে। মুকলি আকাশত উৰি ফুৰা চৰাই লোৰ সজাত বান্ধ খালে। কঠোৰ শাসনৰ গধুৰ শিল সুকুমাৰৰ বুকুত বহিল। সুকুমাৰেও বিদ্ৰোহী নহৈ এই শাসন মানি ল'লে, কাৰণ তাৰ পঢ়া-শুনাত অপৰাগতাৰ নিমিত্তে এতিয়া নিজৰ মনতে ধিক্কাৰ উপস্থিত হৈছিল। ককায়েকো স্বভাৱতে যে বৰ নিষ্ঠুৰ প্ৰকৃতিৰ মানুহ আছিল এনে নহয়; কিন্তু ভাবিছিল, ভায়েকক কিছু দিন কঠোৰ শাসনৰ তলত ৰাখি অচিৰতে বিদ্বান কৰি দেউতাক-মাক আৰু আনকো তধা লগাই দিব। কিন্তু কঠোৰ আৰু অবিবেকী শাসনৰ ফল শীঘ্ৰে ফলিল; সুকুমাৰৰ স্ব-ইচ্ছাৰ বিৰুদ্ধে স্বভাৱ-বিদ্ৰোহী হৈ উঠিল; তীক্ষ্ণ বুদ্ধিৰ সুকুমাৰৰ বুদ্ধি অচিৰতে ক্লান্ত হৈ অকৰ্মণ্য হৈ পৰিল। ওৰে দিনটো সুকুমাৰে কিতাপ আগত লৈ পঢ়েহে পঢ়ে, কিন্তু তাৰ পঢ়া আৰু আয়ত্ত নহয়। ফলত ককায়েকৰ শাসন, প্ৰহাৰ আৰু কটুক্তি দিনে দিনে যিমান কঠোৰৰ পৰা কঠোৰতৰ হ'বলৈ ধৰিলে, সুকুমাৰৰ বুদ্ধি-বৃত্তি, স্মৃতি আৰু পাঠ গ্ৰহণ কৰিবৰ ক্ষমতাও সিমান কমিবলৈ ধৰিলে।

এদিন গধূলি ককায়েকে সুকুমাৰৰ পঢ়াৰ মহলা ল'বলৈ বহি দেখে যে সি একোৰে ভালকৈ উত্তৰ দিব নোৱাৰে; আনকি, সি আগেয়ে যিবোৰ শিকিছিল সেইবোৰো তাৰ মনত নাইকিয়া হ'ল। খং উঠি তেওঁ তাক অত্যন্ত প্ৰহাৰ কৰি আৰু গালি-শপনি পাৰি, শেহত নিজেই ক্লান্ত হৈ এই বুলি উঠি গ'ল, "তই আমাৰ বংশৰ কলঙ্ক। তোক মোৰ বাই বুলি মানুহৰ আগত চিনাকি দিবলৈ মোৰ লাজ লাগে। তোক আয়ে আদৰ দি ডাঙৰ-দীঘল কৰক, তাৰ পিছত লোক ম'হ-গৰু ৰাখি বা ছুৱা-পাত পেলাই ভাত খাবি।" সুকুমাৰ নিৰ্বাক-নিষ্পন্দ হৈ ৰ'ল।

ৰাতি ন মান বজাত বৌয়েকে সুকুমাৰক ভাত খাবলৈ মাতিলত সি বৌয়েকক লাহেকৈ ক'লে-"বৌদেও, মই আজি ভাত নাখাওঁ, মোৰ গাটো বেয়া লাগিছে।" সুকুমাৰ ভাত খাবলৈ অহা নাই বুলি শুনি ককায়েকে উঠি আহি তাক কটুক্তি কৰি ভাত খাবলৈ আহিবলৈ হুকুম দিলত সি কাতৰ কণ্ঠেৰে ক'লে, "ককাইদেও, সঁচাকৈয়ে মোৰ গা বেয়া কৰিছে, মই বাত খাবলৈ যাব নোৱাৰোঁ।" ককায়েকে তাৰ গাত হাত দি চাই দেখিল যে, সুকুমাৰৰ গা বৰ তপত।

আজি সাত দিন হ'ল সুকুমাৰৰ নেৰানেপেৰা জ্বৰ। মাজে মাজে সি ভ্ৰম বকিছে। ককায়েকে জিলাৰ ডাক্তৰ লগাই তাৰ চিকিত্সা কৰাইছে হয়; কিন্তু দেউতাকলৈ সুকুমাৰৰ জ্বৰৰ একো খবৰ দিয়া নাই। আঠ দিনৰ দিনা ডাক্তৰৰ পৰামৰ্শমতে সুকুমাৰৰ জ্বৰৰ বাতৰি বিজুলী-চাকেৰে ককায়েকে দেউতাকলৈ পঠিয়ালে। খৱৰ পাই দেউতাক-মাক দুয়ো বিহ্বল হ'ল আৰু দিনে তিনি-চাৰিখনকৈ বিজুলী বাতৰি তেওঁলোকৰ ভিতৰত চলাচলত কৰিবলৈ ধৰিলে।

বিকাৰ অৱস্থাতে সুকুমাৰৰ মুখৰ পৰা এইকেইটা কথা শুনা গৈছিল, "আই, তুমি আহিছা? মই পোহা চৰাই আৰু আন জন্তুবোৰ কেনে আছে? সিহঁতে মোক বিচাৰেনে? মই গৈ সিহঁতৰে সৈতে উমলিম। মই পঢ়িম আই, তুমি নাভাবিবা। ককাইদেৱে মই পঢ়া-শুনা নকৰাত বৰ বেয়া পাইচে। মই পঢ়িম, ডাঙৰ মানুহ হ'ম। উস ককাইদেউ, মোক আৰু নেমাৰিবা, মই এইবাৰৰ পৰা পঢ়া ঠিক মনত ৰাখিম। মই ভাল ল'ৰা হ'ম। মোৰ বাবে তুমি আৰু লাজ নোপোৱা হ'বা।"

নৰিয়া পৰিবৰ দিনাৰে পৰা চৈধ্য দিনৰ দিনা সুকুমাৰৰ দেহসজাৰপৰা প্ৰাণ-পখী ওলাই গৈ চিৰকাললৈ মুক্তি লাভ কৰিলে।






(লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ দ্বিতীয় সংকলন,(বাঁহী, ১২শ বছৰ,২য় সংখ্যা, ১৯২৩ চন) সম্পাদনা আৰু সংকলন-হৃদয়ানন্দ গগৈ, প্ৰকাশক-নগেন শৰ্মা, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-১)