মালতী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
মালতী
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.

পূবৰে ৰ’দতে চিকমিক কৰিছে

লুইতৰ পাৰৰে বালি;

আকাশত উৰিছে তেনে চিকেমিকাই

বগলী জাকৰে লালী।


পাৰতে কহুঁৱাৰ ফুলে চিকেমিকাই

পানীতে ফটিকৰ জোল;

মালতীৰ হাঁহিতে দাঁতে চিকমিকাই

দেখোতেই আমোলমোল।


লুইতৰ কুঁৱৰী নহয় ঐ মালতী

নহয় তেওঁ ফুলৰে ৰাণী;

আকাশী পোহৰৰ নহয় তেওঁ প্ৰতিমা

নহয় তেওঁ বীণৰে বাণী।


পৰ্বতৰ জীয়ৰী সুন্দৰী গৌৰীৰ

সাঁচত মোৰ মালতী নাই;

নুশুঙা ফুলটিৰ নুফুলা কলিটিৰ

মালতীৰ তুলনা পায়।


ভাৱৰে প্ৰতিমা ভাৱতে বাঢ়িছে

ভাৱৰে বেহানি কৰে;

বুকুৰে ভিতৰত চেনেহৰ সঁফুৰাত

মালতীৰ চেনেহকন চৰে।


চাম মই মালতীক ওৰে জীৱন জুৰি

থম মোৰ বুকুতে বান্ধি;

মালতীৰ হাঁহিতে হাঁহিটি মিলাই মই

থাকিম কান্দোনতে কান্দি।


চেনেহী মালতীৰ কোলাত থৈ মূৰটি

মুদিম দুই চকুৰে পটা;

নিঠুৰ এই জগতৰ মেলানি মাগি লম

ঢুকাব সকলো কথা।