মানৱ বন্দনা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

আহিছে মানুহ গইছে মানুহ

মানুহ ময়াপী জীৱ,

মানুহ-সোঁতৰ অন্ত নাইকিয়া

বুলিলে মৰত কিয়?

মানৱী জনম দিয়া উটুৱাই

মানৱী কৰম সোঁতে,

মানুহৰ মৰম বুজিব মানুহে

ধৰম যে মৰমতে।

মানুহেই লগ মানুহেই সংগ

মানুহেই পৰাৎ‍পৰ,

এই হে পৃথিৱী স্বৰ্গতো অধিক

মানুহৰ নিজাপী ঘৰ।

মানুহেই দেৱ মানুহেই সেৱ

মানুহ বিনে নাই কেৱ,

কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই

জয় জয় মানৱ দেৱ।