মাধৱ কন্দলী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
মাধৱ কন্দলী
লেখক হেমচন্দ্ৰ গোস্বামী
বাঁহী আলোচনীত প্ৰকাশিত

<poem> অসমীয়া সাহিত্য আকাশৰ সুবিমল শশধৰ মাধৱ কন্দলীক অসমীয়া সাহিত্যৰ আদি কবি বুলি ধৰিব পৰা যায়। তেওঁৰ পূৰ্বে আমাৰ সাহিত্যত ৰুদ্ৰ কন্দলী আৰু হেমচন্দ্ৰ আদি যি দুই-চাৰিজন কবিৰ নাম পোৱা যায়, মাধৱ কন্দলীৰ লগত তেওঁবিলাকৰ কোনো প্ৰকাৰে তুলনা নহয়। যেতিয়া অসমীয়া সাহিত্যৰ অৱস্থা নিচেই কুমলীয়া, যেতিয়া অসমীয়া ভাষাই ঠুনুক-ঠানাক মাতেৰে গাঁৱলীয়া গীত মাথোন গাবলৈ শিকিছিল, যেতিয়া আৰ্য্যবিলাকৰ শিক্ষা-দীক্ষা সকলো সংস্কৃত সাহিত্যত আবদ্ধ আছিল আৰু যেতিয়া কেৱল দুজন-এজন সাহিয়াল ব্ৰাহ্মণ পণ্ডিতে তলৰ শ্ৰেণীৰ মানুহৰ মাজত আৰ্যশিক্ষা প্ৰচাৰৰ উদ্দেশ্যে দুখন এখন সৰু পুথি অসমীয়া ভাষাত লেখিছিল, তেতিয়া এইজন মহাপুৰুষে, অসমীয়া জাতিৰ ভিতৰত আবিৰ্ভুত হৈ, বাল্মীকিৰ গোটেইখন ৰামায়ণ অতি সুললিত অসমীয়া পদ্যত লিখি অসমীয়া মানুহৰ হাতত দিলে। এইজন মহা কবিয়ে অসমীয়া ভাষাক যি সাঁচত লেখিলে সেই সাঁচেই প্ৰায় আজিলৈকে চলি আহিছে। অসমীয়া সাহিত্যৰ বৈষ্ণৱ যুগত মহাপুৰুষ শঙ্কৰদেৱকে আদি কৰি যিসকল প্ৰধান প্ৰধান কবিয়ে জন্ম গ্ৰহণ কৰিছিল, তেওঁবিলাকৰ অনেকৰ আদৰ্শ মাধৱ কন্দলীয়েই আছিল। সঁচা কথা কবলৈ গলে, মাধৱ কন্দলীৰ পবিত্ৰ আদৰ্শ আগত লৈয়ে তেওঁৰ পৰৱৰ্তী কবিসকলে এই দেশৰ দেশীয় সাহিত্যক চহকী কৰে আৰু মানুহৰ মনত ধৰ্ম্মভাৱ জাগৰিত কৰে।

শঙ্কৰদেৱে তেওঁৰ আৰ্হি লৈয়ে যে পদ লিখিবলৈ ধৰে, তাক তেওঁ উত্তৰাকাণ্ডৰ ৩২১ পদত এইদৰে উল্লেখ কৰিছে :

পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি

পদে বিৰচিলা পদ কথা।
হাতীৰ দেখিয়া লাদ, শশা যেন ফাৰে মাৰ্গ
মোৰ ভৈল তেহ্নয় অৱস্থা। ৩২১

মাধৱদেৱৰো যে তেওঁ আদৰ্শ আছিল, তাক মাধৱদেৱৰ তলত দিয়া পদকেইফাঁকিৰপৰাই ভালকৈ বুজিব পাৰি। মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ডৰ পদ কৰোঁতে লিখিছে-

ৰামৰ চৰিত্ৰ বিৰচি আছন্ত

মহা মহা কবিজনে।
তাসম্বাক দেখি পদ কৰিবাৰ সাধ ভৈল মোৰ মনে।
প্ৰমত্ত হস্তীক সিংহে বিমৰ্দ্দয়,
আপোনাৰ বলে ৰাগী।
দেখি আতিশয়, ক্ষুদ্ৰ মূষকৰ
শ্ৰদ্ধা হোৱে তাক লাগি।।
সিংহ মুষকৰ, যতেক অন্তৰ,
মোৰো সেহি পটন্তৰ।
ইটো মোৰ দোষ, ক্ষেমিবে উচিত,
তুমি সব মহন্তৰ। ৭২৬

ইয়াত মাধৱদেৱে স্পষ্টকৈ মাধৱ কন্দলীৰ নাম উল্লেখ নকৰিলেও, তেওঁ যে শঙ্কৰদেৱেৰ দৰে মাধৱ কন্দলীৰ আৰ্হিকে স্বীকাৰ কৰিছে তাক সহজে বুজিব পাৰি। ইয়াত বাজেও অনন্ত কন্দলীয়েও যে মাধৱ কন্দলীয়ে কৰা ৰামায়ণ পঢ়িয়েই অসমীয়া ৰামায়ণ লিখিবলৈ হাতত হয়, তাক তেওঁ অযোধ্যা কাণ্ডৰ ১৩ নং পদত এইদৰে লিখিছে –

মাধৱ কন্দলী বিৰচিলা ৰামায়ণ

তাক দেখি আমাৰ আকুল বৰ মন।

এইদৰে বহুত লিখকৰ লিখাৰপৰা পদ তুলি দেখুৱাব পাৰি যে তেওঁবিলাকে একবাক্যে মাধৱ কন্দলীৰ প্ৰাধান্য স্বীকাৰ কৰিছে। বাস্তৱিক পক্ষেও ইংৰাজী সাহিত্যত মহাকবি চছাৰৰ (Chaucer) যি স্থান, অসমীয়া সাহিত্যত মাধৱ কন্দলীৰো সেই স্থানেই। মাধৱ কন্দলী কিমান উদাৰ মনৰ লোক আছিল তাক এইটো কথাৰপৰাই ভালকৈ বুজিব পাৰি, তেওঁ এজন অগাধ সংস্কৃত পণ্ডিত হৈয়ো ৰামায়ণৰ নিচিনা এখন বিৰাট গ্ৰন্থৰ অনুবাদ কৰা গুৰুভাৰ কিয় ললে। তেওঁ লংকাকাণ্ডৰ এঠাইত সেই বিষয়ে এইদৰে কৈছে-

শ্লোক সংস্কৃতত আমি গঢ়িবাক পাৰিচয়

কৰিলোহো সৰ্ব্বজন বোধে।

তেওঁৰ জ্ঞানৰ যি সোৱাদ পাইছিল, তাক সকলোকে ভালকৈ বুজাই দিবলৈ, সৰ্ব্বজনৰ মাজত তাক বিলাই দিবলৈ, তেওঁ ব্যাকুল হৈ উঠিছিল। মহাপুৰুষ বিলাকৰ স্বভাৱ এনেই। অনন্ত কন্দলীয়েও ঠিক এই কথাকে আবৃত্তি কৰি লিখিছে যদিও মাধৱ কন্দলীৰ অনেক বছৰৰ পাছত-

শ্লোকে সংস্কৃতে আমি, লিখিবাক ভাল জানি

তথাপি কৰিছো পদবন্ধে।
স্ত্ৰীশূদ্ৰ আদি যত, জানোক পৰম তত্ত্ব
শ্ৰবণত মিলয় আনন্দ।

মাধৱ কন্দলী অসমীয়া সাহিত্যৰ প্ৰাক বৈষ্ণৱ যুগৰ কবি হ’লেও তেওঁৰ লিখাৰ অনেক ঠাইত শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্মৰ আৰু ভগৱতী নাম ধৰ্ম্মৰ প্ৰশংসা দেখিবলৈ পোৱা যায়। পৰৱৰ্ত্তী যুগত ধৰ্ম্ম প্ৰচাৰকসকলে তাক আৰু বহলাই লোক সমাজত বেছিকৈ প্ৰচাৰ কৰিলে মাথোন। মাধৱ কন্দলীয়ে সুন্দৰাকাণ্ডৰ এঠাইত ভাগৱতৰ শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম সন্বন্ধে এইদৰে কৈছে –

শ্ৰীৰামচৰণ সেৱাৰ দেখা বল।

জানি ভজা ৰাঘৱৰ চৰণ কমল।।
পৰম যতনে নিতে সন্তৰ সঙ্গত।
শ্ৰৱণ-কীৰ্ত্তন মাত্ৰ কৰিয়ো সতত।
এতেকে সংসাৰ তাপ তৰিবাহা সুখে।
পলাউক পাতক ৰাম ৰাম বল মুখে।

তেওঁ লিখা ‘দেৱজিত’ কাব্যৰ অনেক ঠাইতো নাম ধৰ্ম্মৰ প্ৰতি মানুহক উদগোৱা দেখিবলৈ পোৱা যায়। মাধৱ কন্দলীয়ে লিখা আমি কেৱল দুখন গ্ৰন্থহে দেখিছোঁ- সাতকাণ্ড ৰামায়ণ আৰু দেৱজিৎ কাব্য। দেৱজিত প্ৰকাশ হৈছে, কিন্তু তেওঁ লিখা সাতকাণ্ড ৰামায়ণ একেলগে প্ৰকাশিত হৈ ওলোৱা নাই, ই কম আক্ষেপৰ কথা নহয়। আমাৰ দেশত অনেক সাহিত্য সভাৰ আবিৰ্ভাৱ হৈছে। সেইবিলাকৰ কোনো সভাই এই কামটো সমাধা কৰে হলে জাতীয় সাহিত্যৰ এটা মহৎ উপকাৰ কৰা হ’লহেঁতেন।

মাধৱ কন্দলীৰ বংশ সম্বন্ধে আমি এতিয়াও কোনো কথাকে জানিব পৰা নাই। তেওঁ নিজৰ লিখাত ক’তো আত্মপৰিচয় দিয়া নাই। আহোম ৰজাবিলাকে যেতিয়া আহোম কটকী গুচাই ১৪ ঘৰ বামুণ কটকী লয়, সেই কেইঘৰৰ ভিতৰত এঘৰৰ নাম আছিল ‘মাধৱ কন্দলীৰ ঘৰ’। সম্ভৱতঃ এইটোকে সূত্ৰ ধৰি অনুসন্ধান কৰিলে আমি মাধৱকন্দলীৰ বংশ সম্বন্ধে কোনো কথা জানিব পাৰিমহঁক। আমাৰ দেশৰ শিক্ষিত ডেকাসকলে এইবোৰ অনুসন্ধান হাতত ল’লে বৰ সুখৰ কথা হব।

তেওঁ নিজৰ বিষয়ে ৰামায়ণৰ লংকাকাণ্ডত এইখিনি কথা মাথোন লিখিছে-

কবিৰাজ কন্দলী যে, আমাকেসে বুলি কয়

মাধৱ কন্দলী আৰো নাম।
সপোনে সচিতে মঞি, জ্ঞান কায় বাক্য মনে,
অহৰ্নিশে চিন্তো ৰাম ৰাম।
শ্লোক সংস্কৃতত আমি, গঢ়িবাক পাৰিচয়,
কৰিলোহো সৰ্ব্বজন বোধে।
ৰামায়ণ সুপৱাৰ শ্ৰীমহা মাণিক্য যে,
বৰাহী ৰজাৰ অনুৰোধে।
সাতকাণ্ড ৰামায়ণ, পদবন্ধে নিবন্ধিলো,
লম্ভা পৰিহৰি সাৰোদ্ধৃত।
মহা মাণিক্যৰ বোলে, কাব্য ৰস কিছো দিলো,
দুগ্ধ মথনত যেন ঘৃত।

ইয়াৰপৰা ইমানকে জানিবপৰা গল যে তেওঁৰ আৰু এটা নাম কবিৰাজ কন্দলীও আছিল আৰু তেওঁ সাতকাণ্ড ৰামায়ণ বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধত লিখে। এতিয়া, এই বৰাহীৰজা মহামাণিক্য কোন আৰু কেতিয়াৰ লোক আছিল তাক জানিব পাৰিলেই মাধৱ কন্দলীৰ কাল সম্বন্ধে আমি এটা মত স্থিৰ কৰিব পাৰোঁ। মহামাণিক্য যে এজন বৰাহীবিলাকৰ ৰজা আছিল তাক মাধৱ কন্দলীৰ কথাৰপৰাই জনা গৈছে। এই দেশলৈ আহোমবিলাক অহাৰ আগেয়ে উজনিত ছুটীয়া, মৰাণ আৰু বৰাহী এই তিনিটা জাতিয়ে ৰাজত্ব কৰাৰ প্ৰমাণ পোৱা যায়। অৱশ্যে তেওঁবিলাকৰ ৰাজত্বৰ সীমা নিৰাকৰণ কৰা নিচেই সহজ নহয়। ১১৫০ শকত চুকাফা ৰজাই অসমত প্ৰৱেশ কৰে আৰু ১১৬৪ শকত মটকৰ বদৌবা আৰু বৰাহীৰ থাকুম্‌থা ৰজাৰ সৈতে মিত্ৰতা কৰি মিলেৰে লাহে লাহে সিহঁতৰ দেশ তলতীয়া কৰি লয়। আহোমবিলাকে এৰি থৈ যোৱা বুৰঞ্জীৰপৰা দেখা যায়, বৰাহী জাতিটো মদাহীৰ দৰে কছাৰী জাতিৰে এটা ঠেঙুলি মাথোন। বৰাহী জাতিৰ আদি বিৱৰণ বুৰঞ্জীত এনেদৰে পোৱা যায়।

প্ৰথমতে বীৰহাঁস নামেৰে এজন পৰাক্ৰমী ৰজা আছিল। বীৰহাঁসে এদিন সপোনত দেখিলে যে এজন সন্ন্যাসী আহি তেওঁক কলে, ‘তোৰ দেশত যাৰ ঘৰত বাজনাসকল (আপুনি) বাজে, তাত হন্তে সুখ মিলিব।’ বীৰহাঁস ৰজাই পাত্ৰ-মন্ত্ৰীৰে আলচ কৰি দেশৰ সকলো মানুহৰ ঘৰে ঘৰে বাজনা থোৱালে। বীৰহাঁস ৰজাৰ এটা শুকুলা হাতী আৰু এযোৰ দেওকুকুৰা আছিল। শুকুলা হাতী, দেও-কুকুৰা আৰু বাজনা লগত লৈ ঘৰে ঘৰে ৰজাৰ মানুহ ফুৰিবলৈ ধৰিলে। এইদৰে গৈ এজনী দেওধনীৰ ঘৰ পালত বাজনাবিলাক আপুনি বাজি উঠিল, দেও কুকুৰায়ো ডাক দিলে। ৰজাৰ মানুহে গৈ সেই কথা বীৰহাঁস ৰজাক জনালেগৈ। দেওধনীজনী জাতত কছাৰী আছিল। ৰজা ঘৰৰ মানুহে সিহঁতক ৰখীয়া দি থোৱাত কিবা দায় লাগিছে বুলি, দেওধনী আৰু তাইৰ গিৰিয়েক দুয়ো ৰখীয়া মানুহক মদ-ভাত খুৱাই শুৱাই থৈ ৰাতি পলাই হাবখোলোং পৰ্ব্বতলৈ গল। সিহঁতৰ এটা ল’ৰা আছিল। তাকো লগতে লৈ গ’ল। যাওঁতে বাটত ভাগৰ লাগিলত, এজোপা বৰগছৰ তলত জিৰাবলৈ বহিল। দেওধনীৰ বৰ পিয়াহ লাগিলত জুৰিত পানী খাবলৈ গল আৰু ল’ৰাটি গিৰীয়েকৰ কোলাত দি গ’ল। যাওঁতে বাটত ভাগৰ লাগিলত, এজোপা বৰগছৰ তলত জিৰাবলৈ বহিল। দেওধনীৰ বৰ পিয়াহ লাগিলত জুৰিত পানী খাবলৈ গ’ল আৰু ল’ৰাটি গিৰীয়েকৰ কোলাত দি গ’ল। তাই ঘূৰি আহি গিৰীয়েকক নেদেখিলে, দেখিলে ল’ৰাটি মাটিতে শুই আছে। তাই একো উপায় নেদেখি গছৰ তলতে থাকিল। পাছদিনা পুৱা কছাৰণীক ঘৰত নেদেখি সেই কথা ৰজাক জনালেগৈ। ৰজাই দেওধনী আৰু তাইৰ ল’ৰাক বাদ্যভণ্ড লৈ আগৰদৰে বিচাৰিবলৈ কলে। ৰজাৰ মানুহে সেইদৰে বিচাৰি বিচাৰি বৰগছৰ তলত দেওধনী আৰু তাইৰ ল’ৰাটিক পালেগৈ। শুকুলা হাতীত তুলি ল’ৰাটি লৈ গৈ ৰজাক দিলেগৈ। ৰজায়ো মান সৎকাৰ কৰি আগবঢ়াই নিলেহি, আৰু নিজৰ পুত্ৰৰ নিচিনাকৈ অতি যতনেৰে তুলি তালি ডাঙৰ কৰিলে। ল’ৰাটি ডাঙৰ হলত বীৰহাঁস ৰজাই তেওঁৰ জীয়েকক সেই ল’ৰাতে বিয়া দিলে আৰু বিচাৰপতি ফা নাম দি নিজ দেশত ৰজা পাতি সিংহাসনত বহুৱালে আৰু নিজে তেওঁৰ মন্ত্ৰী হৈ থাকিল। তেতিয়াৰেপৰা এই নিয়ম হ’ল যে বীৰহাঁসৰ বংশৰ মানুহ মন্ত্ৰী হ’ব আৰু বিচাৰপতি ফাৰ বংশৰ মানুহ ৰজা হ’ব।

বিচাৰপতি ফা বৰ বুদ্ধিমান আৰু পৰাক্ৰমী ৰজা আছিল। তেওঁৰ এক পুত্ৰ হ’ল আৰু তেওঁৰ নাম থলে বিক্ৰমাদিত্য ফা। বিক্ৰমাদিত্যৰ বাপেক মৰিলত ৰজা হৈ নামচাঙৰ বৰহাটলৈকে তেওঁৰ ৰাজ্যৰ সীমা বহলাই বহুত দিনলৈকে ৰাজ্য ভোগ কৰিলে। তেওঁ সোণৰ দশভূজা মূৰ্ত্তি কৰি দেৱালয়ত থাপি, সোণাপুৰত নগৰ পাতিলে। এই নগৰ সদিয়াৰ উজনিত এতিয়াও আছে বুলি শুনা যায়। তেৱেঁই সোণৰ বাণেশ্বৰৰ মূৰ্ত্তি কৰি বাণপুৰ নগৰ পাতি তাত থাপনা কৰিলে। বিক্ৰমাদিত্যৰ কালক্ৰমত এক ল’ৰা হয়, তেওঁৰ নাম থলে মহামাণিক্য ফা। বিক্ৰমাদিত্যই মহামাণিক্যক সোণাপুৰত ৰাখি লক্ষ্মীন্দ্ৰপুৰত (?) ৰজা হলহি আৰু তাতে তেওঁ স্বৰ্গী হল। তেওঁৰ মৃত্যুৰ পাছত মহামাণিক্য ফাই তেওঁৰ পুতেক মাণিক্য ফাক লক্ষ্মীন্দ্ৰপুৰত ৰজা পাতি থৈ, পাটহেড়ম্বত ৰজা হ’লহি। এই পাটহেড়ম্বই আজি-কালিৰ ডিমাপুৰ। এই বুৰঞ্জীমতে বৰাহী ৰজাসকলৰ পুৰুষনামা এই – বিচাৰপতি ফা -> বিক্ৰমাদিত্য ফা -> মহামাণিক্য ফা -> মাণিক ফা -> লাৰ ফা -> খোড়া ফা -> দেড়চোং ফা

এই দেড়চোং ফাকে গেইট চাহাবে তেওঁৰ History of Assam-ত দেতচং বুলি লিখিছে। চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনত মৰঙিত আহোম কছাৰীৰ যি যুঁজ হয় সেই যুঁজত কছাৰী হাৰি খাচপুৰলৈ ভাগি গ’ল, আৰু কাজলি মুখলৈকে আহোমৰ ৰাজত্ব হ’ল। এই যুদ্ধৰ সময়ত কছাৰীৰ ৰজা দেড়চোং ফা বা দেত চোং আছিল। দিহিঙীয়া ৰজা ১৪১৯ শকত ৰাজপাটত উঠে। তেনেহলে দেড়চোং ফাও সেইসময়ৰ ৰজা হ’ব।

তেনেহলে মহামাণিক্য দেড়চোং ফাৰ পৰা পাঁচপুৰুষ। এক পুৰুষত ত্ৰিশ বছৰ ধৰিলেও মহামাণিক্য দেড়চোং ফাৰপৰা ১৫০ বছৰৰ আগৰ হব। তেনেহলে মহামাণিক্যৰ আনুমানিক কাল প্ৰায় ১৪১৯-১৫০০ অৰ্থাৎ ১২৬৯ শক। মহামাণিক্যৰ অনুৰোধত যেতিয়া মাধৱ কন্দলীয়ে ৰামায়ণ লেখিছে বুলি কৈছে তেতিয়া তেওঁও সেই সময়ৰে অৰ্থাৎ ১২৬৯ শকৰ লোক আছিল বুলি অনুমান কৰিলে বেছি ভুল কৰা নহব। এতিয়া তেওঁৰ ঘৰ ক’ত আছিল তাক আমাৰ শিক্ষিত ডেকাসকলে অনুসন্ধান কৰি প্ৰকাশ কৰিলে এটা বৰ ডাঙৰ কাম কৰা হব।