মাউৰা

ৱিকিউৎসৰ পৰা


আন নহয়, আমাৰ সেই কৰ্ম্মেশ্বৰ কাকতীয়েই আজিৰ এই উপাখ্যানৰ ‘মাউৰা’। কাকতী মহাশয়ক লোকে চিনে নে নিচিনে ক’ব নোৱাৰোঁ, আমি হলে চিনো আৰু সেইদেখিয়েই তেওঁৰ উপাখ্যান লেখিবলৈ গৈছোঁ। কৰ্ম্মেশ্বৰৰ বয়স তিনিকুৰি, পৈতৃক ধাৰ চাৰিকুৰি, জঞ্জাল পাঁচকুৰি, আৰু উত্তৰাধিকাৰ সূত্ৰত পোৱা ডাঢ়ি-গোফ কেইকুৰি কোনে জানে? পিয়লৰ মহৰীয়ে যদি ভালকৈ ধৈৰ্য্য ধৰি পিয়ল কৰে, তেন্তে কিজানি তিনি লাখ তিনিকুৰিৰ অঙ্ক বা তেনেকুৱা কিবা এটা হিচাপত ওলাব পাৰে। কোনোৱে কয়- কৰ্ম্মেশ্বৰৰ মূৰত গোলমাল আছে। কোনোৱে কয়,- গোলমাল ফোলমাল একো নাই; দুষ্টালি আছে। কৰ্ম্মেশ্বৰৰ কিন্তু মনত দৃঢ় বিশ্বাস যে গোলমাল যদি আছে, তেন্তে সি লোকৰ মূৰতহে, তেওঁৰ মূৰত নহয়;-অৱশ্যে কথাৰ যোগ-বিয়োগ কৰোঁতে কোনোবা কাশ্চিত্ যোগ বা বিয়োগ ফলত তেওঁৰ ভুল সোমায়। কিন্তু কাৰো তেনে নহয় বুলি কবপৰা বৰমতা কেইটা আছে, তেওঁ জানিব খোজে। তেওঁৰ বিশ্বাস যে, বৰং তেওঁ আনতকৈ কমহে ভুল কৰে। এনে ধাৰণাৰ বশৱৰ্ত্তী হৈয়েই কৰ্ম্মেশ্বৰে লোকৰ ভুল ঘুকটি ফুৰিবলৈ ভাল পায়। আৰু সেইটো স্বাভাৱিকো। ইফালে এই দেখিয়েই কৰ্ম্মেশ্বৰেৰে সৈতে ৰাইজৰ মতভেদৰ এই গোচৰখন চালিছত নিদিলে, তাৰ মীমাংসা হবৰ কোনো আগন্তুকেই নাই বুলি আমি ভাবোঁ। কিন্তু চালিছত দিয়ে কোনে আৰু চালিছ মানে বা কোনে? সেইদেখি সেইবিধ কৰ্ম্মীৰ অভাৱত কৰ্ম্মেশ্বৰ কাকতী ভজুঁৱা টকাৰ দৰে ধৰা নপৰাকৈ নিৰ্ব্বিবাদে দেশত ‘মাউৰা’ হৈয়েই চলি আছে আৰু চলি থকাই ভাল আৰু ক’তকালযে চলিব, তাৰো উৱাদিহ আমি দিব নোঁৱাৰো।

কৰ্ম্মেশ্বৰৰ বাপেক মৌজাদাৰ আছিল। সেই স্বত্ব সাব্যস্ত কৰি কৰ্ম্মেশ্বৰ আঢ়ৈকুৰি বছৰ বয়সলৈকে মৌজাদাৰৰ ল’ৰা হৈয়েই চলিছিল আৰু নচলিবই বা কিয়? তেওঁতো লোকক খুচী কৰিবলৈ মৌজাদাৰৰ ল’ৰা নহৈ দাৰোগাৰ বা আন কাৰো ল’ৰা হব নোৱাৰে। তেওঁৰ আহাৰ, নিদ্ৰা, চলন-ফুৰণত এই সুদীৰ্ঘকাল কোনো আঁসোৱাহেই নোলাইছিল। ওলাইছিল যদিও কোনোৱে ধৰিবলৈ সাহ নকৰিছিল। কিন্তু অবিবেচন বাপেকে কৰ্ম্মেশ্বৰৰ আঢ়ৈকুৰি বছৰীয়া নাবালক অৱস্থাতে এৰি মৰি গুচি গ’ল। কৰ্ম্মেশ্বৰে ভাবিলে—বোপাই আক্কেলটো চোৱা! ফলত কৰ্ম্মেশ্বৰ থিতাতে মাউৰা হৈ পৰিল। বেচেৰাৰ মাকৰ স্বৰ্গাৰোহণো বাপেকৰ আগেয়েই ঘটিছিল, সেই নিমিত্তেই বাপেক মৰাৰ পিছত কৰ্ম্মেশ্বৰ নিৰ্ভুল ঘাট-মাউৰা হ’ল।

জিলাৰ বৰচাহাবৰ ওচৰত কৰ্ম্মেশ্বৰে জবৰ্দ্দস্ত দৰ্খাস্ত এখন দিলে যে, তেওঁক তেওঁৰ বাপেকৰ মৌজাদাৰী বিষয়খন দিবই লাগে; নহলে তেওঁৰ নচলে—যিহেতু, তেওঁ মাক বাপেক নথকা মাউৰা ল’ৰা। এই হেতু বা কাৰণটো কৰ্ম্মেশ্বৰে নিজৰ সেই দৰ্খাস্তত, দূৰৈৰপৰা লোকে চকুৰে মনিব পাৰকৈ-ডাঙৰ ডাঙৰ আখৰেৰে লেখি দিছিল। জিলাৰ বৰচাহাবে কৰ্ম্মেশ্বৰৰ দৰ্খাস্ত খন পঢ়ি কলে “ৱেল্ কৰ্ম্মেশ্বৰ, হামভি মাউৰা। হামৰাভি বাপ মা কৈ নাহি হেয়। মাউৰা হলেই যে চৰ্কাৰৰ ঘৰৰ চাকৰি পাবৰ দাবি চলিব পাৰে এইটো মই আগেয়ে নাজানিছিলো।”

কৰ্ম্মেশ্বৰে উত্তৰ দিলে—“হজুৰ খোদাবান্দা! খোদাবান্দা, খোদা মাউৰা হৈছে দেখিয়েই খোদাই খোদাবান্দাক জিলাৰ বৰচাহাব পাতিছে। হজুৰৰ গোলামেতো আৰু বৰচাহাব হব খোজা নাই; মাথোন এটি টিপচী মৌজাদাৰ হব খুজিছে। আৰু ভাবি চালে খোদাবান্দাই দেখিব, সিও গোলামৰ পৈতৃক সম্পত্তি। পুত্ৰ পিতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয় বুলি শাস্ত্ৰত কৈছে। হিন্দুৰ দায় ভাগ মিতাক্ষৰা-এই দুইখন আইনে এনে ব্যৱস্থা দিছে।

হজুৰৰ বাইবেল আৰু হজুৰৰ আদালতৰ চিৰস্তাদাৰ মিঞা যিদা হুছেন চাহাবৰ কোৰাণেও কিজানি তাকেই কয়।”

বৰচাহাবে কৰ্ম্মেশ্বৰৰ সৈতে তৰ্ক কৰা বৃথা ভাবি হাঁহি ‘গুডমৰ্নিং’ বুলি কৰ্ম্মেশ্বৰক বিদায় দিলে। কৰ্ম্মেশ্বৰে কিন্তু বিদায় গ্ৰহণ নকৰি বৰ চাহাবক কলে-, “হুজৰ খোদাবান্দা! এই মাউৰা ল’ৰাক চাকৰি নিদিলে তাৰ পক্ষে গুদমৰ্নিং বেদ্ ইভিনিঙত পৰি বেডনাইট হবগৈ। সেই হেতুকে বন্দীক চাকৰি দিবই লাগিব।”

ইয়াৰ পিছত বৰচাহাবে চাপৰাচীক মাতি কৰ্ম্মেশ্বৰক ওলাই যাবলৈ বাট দেখুৱাই দিবলৈ কলত, অগত্যা কৰ্ম্মেশ্বৰ মৰ্ম্মেশ্বৰ হৈ গুচি আহিল।

জিলাত এজন মুছলমান সদাগৰে কুৰি হাজাৰ টকা খৰচ কৰি, মাউৰা মুছলমান ল’ৰাৰ নিমিত্তে এটা অৰ্ফেনেজ কৰি দিছিল। কি ভাবি কব নোৱাৰোঁ, এদিন কৰ্ম্মেশ্বৰে নিজৰ শোৱাপাটী আৰু টোপোলা-টাপুলি লৈ তাত উপস্থিত হ’লগৈ। অৰ্ফেনেজৰ মেনেজাৰে কৰ্ম্মেশ্বৰক অহাৰ কাৰণ সুধিলত, কৰ্ম্মেশ্বৰে কলে যে, তেওঁ মাউৰা। সেই দেখি তাত থাকিবলৈ আহিছে। কৰ্ম্মেশ্বৰৰ কথা শুনি মেনেজাৰে হাঁহি তেওঁক উভতি যাবলৈ কলে। কৰ্ম্মেশ্বৰে নাযাওঁ বুলি মহা ৰক্ৰাৰ লগাই দিলত, হাই শুনি অৰ্ফেনেজৰ সন্মুখত বাটত মানুহ গোট খাই পৰিল। মেনেজাৰে কলে “এইটো মুছলমানে ল’ৰাৰ নিমিত্তেহে, হিন্দুৰ নিমিত্তে নহয়। কৰ্ম্মেশ্বৰ হিন্দু। তাৰ উপৰি কৰ্ম্মেশ্বৰ তিনিকুৰি বছৰীয়া বুঢ়া।”

কৰ্ম্মেশ্বৰে উত্তৰ দিলে “শুনক মেনেজাৰ মিঞাচাহাব। বিলাতত ঘুৰণীয়া মেজৰ মেলত কমিউনেল কোৱেচন চলিব পাৰে, মাউৰাৰ নিমিত্তে পতা অৰ্ফেনেজত সেই কোৱেচন চলিব নোৱাৰে, মাউৰাৰ বাপেক নাই, মাক নাই; আছে মাথোন ঈশ্বৰ। ঈশ্বৰৰ আগত হিন্দু-মুছলমান সকলো সমান। নহলে, হিন্দুৰ দেহতো তেওঁ যেনেকৈ দহোটা ইন্দ্ৰিয় মন, বুদ্ধি চিত্ত দিছে, মুছলমানৰ দেহতো তেনেকৈ নিদিলেহেঁতেন। হিন্দুৱেও খায়, শোৱে, বহে, জিৰায়, হাঁহে, কান্দে, মুছলমানেও তাকে কৰে। হিন্দুৰ গাৰ তেজো ৰঙা, মুছমানৰ গাৰ তেজো ৰঙা। তেনেহলে মাউৰালৈ মৰম কৰি, মাউৰাৰ দুখ গুচাই ঈশ্বৰৰ প্ৰতি সাধন কৰিবলৈ কৰা এই অৰ্ফেনেজত হিন্দু আৰু মুছলমানৰ পৃথক ব্যৱস্থা কিয়? আৰু আপুনি কৈছে, এই অৰ্ফেনেজ ল’ৰাৰ নিমিত্তেহে। মই নো কি? মই ল’ৰা নহওঁনে? নতুবা ইয়ালৈ আহিলোঁহেতেন কিয়? ল’ৰা, ডেকা আৰু বুঢ়া এই তিনিও লগ লাগি একেডাল বিৰিয়া হৈছে—এমূৰে ল’ৰা সিমূৰে বুঢ়া। দুই মূৰ জোৰা লাগি এই সংসাৰত জীৱৰ বিৰিয়াডাল পকোৱা হৈছে। কোনটো মূৰ আগ কোনটো মূৰ গুৰি, কোনে বাছি দিব পাৰে? তেন্তে মই মোৰ প্ৰাপ্য ঠাই নাপাবৰ কাৰণ কি?”

কথাত বলে নোৱাৰি মেনেজাৰে অৰ্ফেনেজৰ লগুৱাৰ হতুৱাই কৰ্ম্মেশ্বৰক তাৰ পৰা বলেৰে খেদাই দিলে।

কৰ্ম্মেশ্বৰে বাপেকৰ মৌজাটো যে নাপেলই, নিজৰ থকাঘৰ আৰু বাৰী মাটিৰ খাজানা বাকী পৰিলত, ন-মৌজাদাৰে যেতিয়া খাজানা সাধিলে, তেতিয়া কৰ্ম্মেশ্বৰে খঙত চকুপকাই মৌজাদাৰক কলে,-“নিদিওঁ খাজানা। মোৰ বোপায়ে আঢ়ৈকুৰি বছৰ মৌজাদাৰী কৰি সসাগৰা পৃথিৱীৰ খাজানা আদায় কৰিছিল। এতিয়া তেওঁ মৰিলতে মোক মাউৰা হোৱা দেখি ফোপয়হী ন-মৌজাদাৰ তুমি মোৰ পৰা খাজানা বিছাৰিচা! নিদিওঁ খাজানা তোমাক। তুমি আকৌ খাজানা বিচাৰি আহিলে লঘু হবা কৈ দিলোঁ। ময়ো আঢ়ৈকুৰি বছৰ মৌজাদাৰৰ ল’ৰা জানি থবা।”

মাউৰা কৰ্ম্মেশ্বৰৰ ইয়াৰ পিছত নানা কথাত অনেক লটিঘটি হৈছিল। সেইবোৰ বৃত্তান্ত এই সৰু গল্পৰ ভুৰুকাত ভৰাবলৈ নাটে। সেই দেখি সেইবোৰ যেনেকৈ য’ত হৈছিল—ততে তেনেকৈ এৰি থৈ, কৰ্ম্মেশ্বৰে সৈতে আমি কলিকতাত ওলাওঁগৈ।

কৰ্ম্মেশ্বৰে ৰেলৰ কেৰেয়া দি নে নিদি কেনেকৈ কলিকতা পালেহি কব নোৱাৰোঁ; আমি কিন্তু গাঁঠিৰ পইচা ভাঙিহে আহিলো। কলিকতালৈ অহাৰ আগতে কৰ্ম্মেশ্বৰৰ সম্পৰ্কে আৰু এটা ঘটনাৰ বিৱৰণ এই খিনিতে দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ। এবাৰ কৰ্ম্মেশ্বৰে মিউনিছিপেলিটিৰ মেম্বৰ হবৰ নিমিত্তে বৰকৈ লাগিছিল। ভোটাৰ ৰাইজৰ পৰা ভোট পাৰম আশা নেদিখি তেওঁ এখন আৰ্জি লেখি লৈ জিলাৰ বৰচাহাবৰ ওচৰত উপস্থিত, তাত তেওঁক গৱৰ্ণমেণ্টৰ মনোনীত মেম্বৰ কৰি লবলৈ প্ৰাৰ্থনা কৰিছিল। আৰ্জিত তেওঁৰ যুক্তি আৰু প্ৰস্তাৱ আছিল যে,--অসমত মাউৰা ‘মাইনৰিটি কমিউনিটি’; অৰ্থাত্ লেখত কম। সেইদেখি মিউনিছিপেলিটিৰ সভাত অ-মাউৰা যে মাউৰাক চেপি মাৰিব, এইটো নিশ্চয়। এতেকে মাউৰা সভ্যৰ লেখ তাত সৰহ কৰিব লাগিব। সেই সবাত যদি এশজন খেলুৱৈ হয়, তেন্তে মাউৰাৰ লেখ তাত আঢ়ৈকুৰি তিনিজন হবই লাগিব; নতুবা মাউৰাৰ আৰু ৰক্ষা নাই। মাউৰালৈ এই লেখটো থৈ বাকী লেখ চৰকাৰে নিজৰ ইচ্ছামতে পূৰাই লওঁক। তাত মাউৰাৰ আপত্তি নাই।“
দৰ্খাস্তৰ উত্ৰত বৰচাহাবে কৰ্ম্মেশ্বৰক কলে,-“আজি ইমান দিন মাউৰা আৰু অ-মাউৰাই মাউৰাক একেলগে থাকি চলি আহিছে, কোনেও কাকো একো কৰা নাই, কোনো বিষয়ত অ-মাউৰাই মাউৰাক চেপি মৰাও নাই। এতিয়ানো কেনেকৈ মাউৰা কৰ্ম্মেশ্বৰ কাকতীয়ে সেইটো কয়?”

কৰ্ম্মেশ্বৰে উত্তৰ দিলে,--“আগেয়ে অ-মাউৰাই মাউৰাক কামুৰি মৰা নাই বুলি যে এতিয়া মাৰিব নোৱাৰিব এনে নহয় হজুৰ! আগেয়ে সম্ভৱতঃ অ-মাউৰাৰ কুকুৰ দাঁত গজাও নাছিল। এতিয়া কিন্তু গজিল। সেই দাঁত মই সোঁ চকুৰেই দেখিছোঁ। আৰু হজুৰেও অ-মাউৰাৰ কোৱাৰিখন মেলাই চালেই দেখিব। সেই দাঁত দীঘল আৰু চোকা হৈ ওলাইছে হজুৰ।”

বৰচাহাব-“শুনা, মিষ্টাৰ কৰ্ম্মেশ্বৰ! মাউৰাবোৰৰ যদি মনুষ্যত্ব আছে, আত্ম সন্মান আছে, তেন্তে এনেকৈ ভয় কৰাৰ কোনো কাৰণ নাই। মাউৰাবোৰ ইমান অপদাৰ্থ হ’লনে যে চৰকাৰে তেওঁলোকক পাখিৰ তলত নললে, অ-মাউৰা চিলনীয়ে তেওঁলোকক থাপ মাৰি লৈ গুছি যাব?”

কৰ্ম্মেশ্বৰ-“কাৰণ আছে, ডাঙৰ কাৰণ আছে, হজুৰ খোদাবান্দা গৰীপপৰবৰ। আমি মাউৰা; আমি নিজৰ আই বোপাইক হেৰুৱাই হজুৰকে মা-বাপ বুলি ধৰিছোঁ। আমাক সামৰি লওক হজুৰ, নেৰিব। আমিও হজুৰক নেৰো। আমাক হজুৰৰ তলত ডাঙৰ ডাঙৰ চকৰি বাকৰি দিয়ক হজুৰ। মোক মোৰ পৈতৃক মৌজাদাৰীখন নিদি হজুৰৰ আগৰজন বৰচাহাবে ভুল কৰিলে। দিয়াহেঁতেন হজুৰৰ ঘৰে এই গোলামক সদায় হাততে পালেহেঁতেন। ঔচ বুলিলেই গোলাম হাজিৰ হ’লহেঁতেনে। মই শিৰফুটা মৌজাদাৰৰ ঘৰৰ ল’ৰা। মই মাউৰা হৈ পৰিলতে অ-মাউৰা ন-মৌজাদাৰে মোৰ পৰা মাটিৰ খাজানা খুজি মোক অপমান কৰিলে হজুৰ। এই গোলামৰ পিতৃপুৰুষে অনেক কাল অ-মাউৰাৰ ওপৰত মৌজাদাৰী কৰি সিহঁতক গেবাৰী খটাই আহিছে হজুৰ। এতিয়া অ-মাউৰা মৌজাদাৰৰ ল”ৰা এটাই মোক অপমান কৰিলে!!! চন্দ্ৰ সূৰ্য্যই ইয়াৰ পিছতো ৰথ চলাই চলিছে, এয়েহে আচৰিত কথা হজুৰ।”

দুখৰ বিষয়, ইত্যাদি ন্যায় আৰু যুক্তিসঙ্গত কথা কৈও কৰ্ম্মেশ্বৰে বৰচাহাবক ঘূৰাব নোৱাৰিলে। ফলত কৰ্ম্মেশ্বৰ আৰু মিউনিছিপেলিটিৰ মেম্বৰ হব নোৱাৰিলে। নানা বেজাইৰ ভিতৰত এই বৰ বেজাইটো কৰ্ম্মেশ্বৰৰ পক্ষে মাৰঘাত হ’ল। তেওঁ বিৰক্ত হৈ অসম পৰিত্যাগ কৰি কলিকতালৈ আহিল।

কলিকতা চহৰৰ উত্তৰ অঞ্চলৰ অবলা আশ্ৰম। নিঃসহায় তিৰুতাৰ নিমিত্তে এইটো অনুষ্ঠান। এদিন পুৱা ডাঢ়িয়ে-গোফে ভোবোকাৰ কৰ্ম্মেশ্বৰ ভটং কৰে অবলা আশ্ৰমাৰ দুৱাৰ মুখত উপস্থিত। আশ্ৰমৰ গৰাকী মহিলা চুপাৰিণ্টেডেণ্ট তেওঁক সুধিলে, “কি লাগে?”

কৰ্ম্মেশ্বৰে উত্তৰ দিলে, “আশ্ৰমত মোক থাকিবলৈ দিব লাগে।”

কৰ্ম্মেশ্বৰৰ মুখৰ আৰু কথাৰ গঢ় দেখি মহিলাজনীয়ে ভয় খাই দাৰোৱানটোক মাতিলত, দাৰোৱান ওচৰতে থিয় হলহি। দাৰোৱানক দেখি কৰ্ম্মেশ্বৰে চিঞৰি কলে,”ছিকৌ!!! এই চিপাহীটো ইয়াত কিয়? ছুপৰিন আইদেউ! মই মাউৰা ল’ৰা। মোক ইয়াত থাকিবলৈ ঠাই দিব লাগে, সেইদেখি আহিছোঁ।”

ছুপাৰিণ্টেডেণ্ট—“তুমি বিদেশী মানুহ হবলা, সেইদেখি নাজানা। এইটো আশ্ৰম অৱলা তিৰুতাৰ নিমিত্তেহে, মতাৰ নিমিত্তে নহয়।”

এইবাৰ কৰ্ম্মেশ্বৰে বঙলা ভাষাৰ আশ্ৰয় লৈ কলে, -“আমাকেও অৱলাৰ সামিল কৰে নিন মা ঠাকুৰুণ! আমি পিতৃ-মাতৃহীন বালক। পিতাৰ মৃত্যুৰ পৰ থেকে আমি ভালকৰে খেতে পাইনি, সেইজন্য আমাৰ গায়ে বল মোটেই নেই, মা ঠাকুৰুণ! আমাৰ লম্বা ডাঢ়ি-গোফ দেখে আপুনি মনে কৰিবেন না যে আমি পুৰুষ মানুহ। এটা ব্যতিক্ৰম একটা মাত্ৰ। এখন আমি আপনাৰ দয়াৰ ভিক্ষাৰী মা ঠাকুৰুণ!”

কৰ্ম্মেশ্বৰৰ এই কথা শুনি মহিলা চুপাৰিণ্টেডেণ্টে আৰু বেছিকৈ ভয় খাই, দাৰোৱানৰ ফালে চালত দাৰোৱানে, ‘নিকালো বাবু’ বুলি—ক’ত হাত দি, নেখেদিলে, কৰ্ম্মেশ্বৰক তাৰ পৰা উলিয়াই দিলে।
ইয়াৰ পিছত মাউৰা কৰ্ম্মেশ্বৰ কলৈ গ’ল, আৰু খৱৰ নাপালোঁ।






(লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ দ্বিতীয় সংকলন,বাঁহী, ২০শ ভচৰ, ১০ম সংখ্যা, ১৯৩২ চনত প্ৰকাশিত, সম্পাদনা আৰু সংকলন-হৃদয়ানন্দ গগৈ, প্ৰকাশক-নগেন শৰ্মা, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-১)