মথন মথে যশোমতী মাই
Jump to navigation
Jump to search
।। ৰাগঃ বৰাড়ী।। তালঃ পৰি।।
ধ্ৰুং।। মথন মথে যশোমতী মাই।
হৰিগুণ গাৱত বয়নে মিলাই।।
পদ।। কঙ্কণ হাৰ-কুণ্ডল গণ্ড-লোলে।
মনোহৰ ক্ষৌম বসন পৰিধানে।
কম্পয় কুঁচযুগ ৰজ্জু সন্ধানে।।
উচল খোপা কুসুমে ৰঞ্জিত কেশ।
কজ্জ্বল নয়ন উজ্বল কৰি বেশ।।
আগহি নিজ তনয়ক পেখি।
ৰূপ বিনাৱত নয়নে নিৰেখি।।
মাৱক শ্ৰম দেখিয়ে তুলি হাসি।
মথন দণ্ডে ধৰিল হৰি আসি।।
তেজল মথন যশোমতী মাই।
মাধৱ মূৰখ দীন মতি গায়।।