মণিৰাম দেৱানৰ গীত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
মণিৰাম দেৱানৰ গীত
লেখক অজ্ঞাত
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
মানুহৰ মুখে-মুখে প্ৰচলিত হৈ অহা মণিৰাম দেৱানৰ জীৱনভিত্তিক এই বেলাড বা কাহিনী-গীতটো বেণুধৰ শৰ্মা ৰচিত আৰু মানুহ প্ৰকাশন, ৰিহাবাৰী, গুৱাহাটী-৭৮৫৬৯০ ৰ দ্বাৰা ১৯১৫ শকত প্ৰকাশিত 'মণিৰাম দেৱান' শীৰ্ষক গ্ৰন্থৰ (পৃঃ ৩১৭-৩২৩) পৰা সংগ্ৰহ কৰা হৈছে।
আই সৰেচতী দেৱী পাৰেৱতী
তোমালৈ বঢ়াই যাওঁ চাউল,
পাহৰা পদকে সোঁৱৰাই দি যাবা
গীতৰ ভাঙি যাবা আউল।
চান্দক সেৱা কৰোঁ সূৰ্যক সেৱা কৰোঁ
পাৰ্ৱতীক সেৱা কৰো,
ভৰলী আইকো কৰোঁ সাত সেৱা
মণিৰামৰ ভণিতা জোৰোঁ।
কোনে বোলে জীলে,
ইংৰাজে দেশখন
আকৌ আমাক দিলে
কোনো বোলে চৰিল,
ইস্কট চাহাবেৰে সখি কৰিলে।
চাহাবে কলেহি বুজাই,
অসম দেশ লব লাগে
বৰ লুইতে উজাই।
নহ'বলৈ হ'ল
অসম দেশ গুচি
বঙাল দেশ হ'ল।
নহ'বলৈ হ'ল
ইংৰাজ উঠা দেখি
ৰাইজৰ মন ভাল হ'ল।
মনে গুণি চালে-
মণিৰাম দেৱানক মন্ত্ৰী বাব দিলে
অনেক গুণনি ধৰিলে দেৱানদেৱৰ
ভাটীলৈ ভটিয়াই গ'ল।
বঙালৰ ঘৰতে আপালি মিলিল ঐ
দেশখন তল-ওপৰ হ'ল।
ৰূপৰ তোলোথা সোণৰ দোৰ্পতি
বহি বৈ আছিলো তাঁত,
লাহে-লাহে কৰি মণিৰাম দেৱানে
লগায় পটেশ্বৰীক মাত।
পানী আন ব'মৰ মাক
ভাত আন ব'মৰ মাক,
মই যাওঁ বঙাল দেশলৈ।
গাটি মোৰ ৰঙে চং
খোপাতে মোৰ বালি চং
চ'ৰাতে নো মূৰে যুঁজায়
কলৈ নো মোৰ স্বামী যায়।
১০
কান্দিবলৈ ধৰিলে তুলাৱতী গাভৰু
মণিৰামৰ মুখলৈ চাই
গাৰ মঙ্গহ লৰে, সোঁ চকু লৰিছে
কাউৰীজনীয়ে খায়।
১১
এ- দেউ ৰ'ল
চ'ৰা মাৰি দেৱানদেৱ
ভটিয়াই গ'ল।
নগৰৰ হ'ল বাজ
পোনাই গৈ পালেগৈ
চিলমাৰী ৰাজ।
এ- দেউ
কিনো মাছ মাৰিবৰ শল।
চিলমাৰীতে দেৱানৰ
আদ বছৰ গ'ল।
১২
মিৰিটি কান্দিলে কান্দে মিৰিয়নী
লুইতৰ বালিলৈ চাই,
মণিৰাম দেৱানে কান্দে কলিকতাত
ৰংপুৰ জিলালৈ চাই।
১৩
বৰা ধানৰে নৰা মোৰ দেউতা
বৰা ধানৰে নৰা,
মণিৰাম দেৱানৰ অমঙ্গল মিলিল ঐ
ওলাল নেজলগা তৰা।
১৪
এদিন দুদিনকৈ দিনে চাৰি গ'ল
আমঠু পৰি গ'ল ক'লা,
যঁতৰত সূতা কাটে বিনন্দিনী গাভৰু
যঁতৰত নুঘূৰে শলা।
১৫
ৰৈ নো ৰৈ কান্দিলে বৃন্দাৱনী গাভৰু
তামৰ ঘৰৰ মুখলৈ চাই
তামৰ ঘৰ আছে দেও, স্বামী নাইকীয়া
কোনে নিলে মণিৰামক পাই।
১৬
চম্পাৱতী গাভৰুৰ সেন্দুৰ মচে খালে
ঘনে সোঁহাত লৰে,
কাউৰীয়ে ৰমলিয়ায় ফেঁচাই কুৰুলিয়ায়
সপোনত আগদাঁত সৰে।
১৭
দেশ পাতিবলৈ ওলালি মণিৰাম
জঁতৰাই মাৰিলে হাঁচি
লগৰ সমনীয়াই শতৰু শালিলে
ললি যোৰহাটত ফাঁচী।
১৮
ৰজা পাতিবলৈ ওলালি মণিৰাম
জঁতৰাই মাৰিলে হাঁচি,
ল'ৰাকৈ তিৰুতা এথানিত পেলালি
ললি যোৰহাটত ফাঁচী।
১৯
মণিৰাম গৈছিলে বঙালৰ দেশলৈ
ৰংপুৰত মাৰিলে হাঁচি,
কাণৰ গুণা ছিগি অমঙ্গল মিলিল ঐ
দিলে যোৰহাটত ফাঁচী।
২০
চিৰিপ্ চিৰিপ্ কৰি
চাহাব গৈ আছিলে
মণিৰাম গৈছিল নাৱত,
মণিৰাম দেৱানে টাংগুটি খেড়োতে
পিছলি পৰিল খালত।
২১
এপিনে পাৰ হল মৰিকৈ মিছিমি
এপিনে পাৰ হ'ল ডোম,
এপিনে পাৰে হ'ল মণিৰাম দেৱান ঐ
পিছলি পৰিলে খালত।
২২
ভটীয়াই গলেগৈ উজনীৰ মণিৰাম
বাটত খাই গ'ল জৰা,
মণিৰামৰ বাটৰি নেপাওঁ ভালে কৰি
যংতৰৰ নুঘুৰে শলা।
২৩
মণিৰাম দেৱানে 'ভাট' ফকিৰক
চিঠি দি পঠিয়াই দিলে,
দিচৈ নৈৰ পাৰতে পৰ্বতীয়া বৰুৱাই
ফকিৰক ধৰোৱাই দিলে।
২৪
তৰাণিৰ মাজৰে গান্ধী ঐ মণিৰাম
তৰাণিৰ মাজৰে গান্ধী,
যেতিয়াই পালেগৈ হাওলাট চাহাব
তেতিয়াই আনিলে বান্ধি।
২৫
হাবিৰ ডলীয়া বেত মোৰ দেউতা
হাবিৰ ডলীয়া বেত,
মণিৰাম দেৱানক বান্ধি-ছাটি লৈছে
গোৰোহাই বৈ যায় তেজ।
২৬
উজায়ে আহিলে মণিৰাম দেৱান ঐ
বাটত কিনি খালে আখৈ,
খৰকৈ যোৱাগৈ ব'মৰ মাকক কোৱাগৈ
মূৰতো নিদিব কাকৈ।
২৭
ৰূপৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম
সোণৰ ধোঁৱাখোৱাত খালি,
ৰজা হবলৈ ওলালি মণিৰাম
ডিঙিত ছিপেজৰী ললি।
২৮
আজি কি বাৰ গুৰু বৃহপতি
কালি কি বাৰ শুকুৰ,
মণিৰাম দেৱানৰ অমঙ্গল মিলিত ঐ
চালতে বগালে কুকুৰ।
২৯
উজায়ে আহিলে কাকতি-ফৰিঙে
বৰতী (ব্ৰডী) চাহাবৰ দিনত,
মাহে সৰিয়হ চপাই খাই গ'ল
পকা ধান নেখালে ঘিণত।
৩০
উজায়ে আহিলে মণিৰাম দেৱানঐ
মাজুলীত চটালে চটি,
ৰংপুৰ জিলাৰে বৰশী আনিলে
ডিঙিত চিপে জৰী দিলি।
৩১
ছ অৰা নাও লৈ লালেবন্দী দিবলৈ
মণিৰাম ভটিয়াই গ'ল,
পাচতে থাকিলে পিয়ালী বৰুৱা
ছকুৰি পাইকৰ খেল।
৩২
যোৰহাটত নুৰুবি আদা মোৰ কুটুম ঐ
গোলাঘাটত নুৰুবি আদা,
সাটোটা গেৰাজৰ চিপাহী
দিলে মণিৰামক খেদা।
৩৩
মণিৰামৰ বৰে ঘৰ কুঠলি কুঠলি
চুঁচৰি সোমালে গুঁই,
মণিৰাম গৈছিলে দেশ মাৰিবলৈ
বন্দুকে নিদিলে জুই।
৩৪
টেকেলি পৰিবৰ নাদত হৰি হৰি
টেকেলি পৰিবৰ নাদত,
বাগী দি সাৰিলে চৰাৰ চাৰি ফুকন
মণিৰাম পৰিলে ফান্দত।
৩৫
চান্দো লৰিছে সুৰুযো লৰিছে
লৰিল বসুমতী আই,
বাৰ পাল ৰণুৱাই খেদিব লাগিছে
মণিৰামৰ কিনো বিলাই।
৩৬
চোঁতালৰ আগৰে কাঞ্চন ফুল এপাহি
নিতৌ একো পাহি সৰে,
মণিৰাম দেৱানক চাঙলৈ তুলিলে
আগতকৈ জেউতি চৰে।
৩৭
জিলীয়ে কৰিবৰ কা মোৰ দেউতা
কাউৰীয়ে কৰিবৰ কা,
তিনি আলি মূৰতে মণিৰামক মাৰিলে
উভতি বলিলে বা।
৩৮
ফেঁচুৱে কৰিলে চিঁউ মোৰ দেউতা
ফেঁচুৱে কৰিলে চিঁউ,
মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
আকাশে উৰি গ'ল জিউ।
৩৯
মণিৰামক মাৰিলে আঁৰ কাপোৰ তৰিলে
ওপৰে বগালে চিলা,
মণিৰামৰ কাম-কাজ কৰিব লাগিলে
পামগৈ শদিয়া জিলা।
৪০
আগনিশা কান্দিলে ঘুঘূঁৰী কপৌ
পাচনিশা কান্দিলে ফেঁচা,
মণিৰাম দেৱানক যোৰহাটত মাৰিলে
চেঁচা হ'ল ৰংপুৰ জিলা।
৪১
মণিৰামক মাৰিলি ভালকে কৰিলি
পিয়ালিক মাৰিলি কিয়,
সেইনো কথা শুনি ৰংপুৰৰ আমোলাৰ
আকাশে উৰি গ'ল জীৱ।
৪২
ৰৈ ৰৈ কান্দিলে চুঙাৰ বাদুলী
ৰৈ ৰৈ কান্দিলে জিলী,
ৰৈ ৰৈ কান্দিলে লগৰ সমনীয়াই
মণিৰামক মাৰিলে বুলি।
৪৩
ভীৰ খাই বগৰি লাগিল,
মণিৰাম দেৱান মৰিবৰে পৰা
টেক্সি খাজনা লাগিল।
৪৪
কান্দিবলৈ ধৰিলে গাঁওৰ বুঢ়া-মেথাই
দেৱানৰ কথালৈ চাই,
সাতৰাজ মাৰি একেৰাজ কৰিলে
ললে যোৰহাটত ঠাই।
৪৫
ভাৱনাত লগালে ম'তা মণিৰাম
ভাৱনাত লগালে মতা,
নগাঁও নৰঙ্গী শবদ ফুটি গল
অকল মণিৰামৰ কথা।
৪৬
লথৌৱে লঠালে পুৰন্দৰে পুৰিলে
হৰনাথে মাৰিলে কণ,
অতক ধনেকৈ নাটিলে মণিৰাম
ভাটীলৈ মেলিলি মন।
৪৭
চালত মলঙিলে চালেদৈ কোমোৰা
টেকেলিত মলঙিলে লোণ,
মাটিত মলঙিলে মণিৰাম দেৱান ঐ
নেকান্দি থাকিব কোন।
৪৮
বালিত জিলিকিলে বালিৰ বালিচন্দা
তাতোকৈ জিলিকে সোণ,
তাতোকৈ জিলিকে মণিৰাম দেৱান ঐ
নেকান্দি থাকিব কোন।
৪৯
অতিকৈ চেনেহৰ মুগাৰ মহুৰা
তাতোকৈ চিকুণ মাকো,
তাতোকৈ চিকুণ মণিৰাম দেৱান ঐ
নেকান্দি কেনেকৈ থাকো।
৫০
ৰজাৰ নাওখন কোৰোকাকুৰুকি
ললে ৰৌমাছে কোৰ,
মণিৰাম দেৱানৰ ফাঁচী হবৰে পৰা
চকুলো নুগুছে মোৰ।
৫১
ই বোলে মণিৰাম, সি বোলে মণিৰাম
মণিৰাম কেহেলৈ গ'ল,
ছকুৰি চিকাৰূপ কঁকালত বান্ধি লৈ
মণিৰাম ভটীয়াই গ'ল।
৫২
মাকে কান্দিলে গঞায়ো কান্দিলে
কান্দিলে ডালৰে মিৰি,
পাটীৰে তিৰুতাই কান্দে বিলাপ কৰি
চুলি চিঙি কাতৰে ধৰি।
৫৩
বৰখন বজাৰৰ তিল অ' মণিৰাম
সৰুখন বজাৰৰ তিল,
মণিৰাম দেৱানক ফাঁচীকাঠত তুলিলে
গলিব ধৰিলে শিল।
৫৪
লেঙি তামোলৰ পুলি ঐ মণিৰাম
লেঙি তামোলৰ পুলি,
মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
তললৈ নামিলে চুলি।
৫৫
লৰে মাৰি ভাঙে শলেমাৰি
গাহৰিয়ে ভাঙিলে গৰাল,
শুকুৰবাৰৰ দিনাখন কালক্ষণ লাগিলে
হাততে ঐ মণিৰাম হেৰাল।
৫৬
জিলিকি আহিলে চৰা নাওখনি
জিলিকি আহিলে টিং
তাৰে মাজতে মণিৰাম জিলিকিল
গলধনৰ চুলিতে চিন।
৫৭
বৈ নববি চৈ ঐ মণিৰাম
বৈ নববি চৈ,
উধান যেন খোপা মই বান্ধি পঠিয়াম
ৰংপুৰত মেলিবি গৈ।
৫৮
ম'হত পৰিলে চুটীয়া শালিকা
আমত মলিয়ালে মল,
মণিৰাম দেৱানক যোৰহাটত মাৰিলে
বুকু হমহমাই গ'ল।
৫৯
আঠিয়া কলৰে আখা মণিৰাম
আঠিয়া কলৰে আখা,
মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
আমঠু পৰি গ'ল ক'লা।