মই দুৰাচাৰ কেৱল তোমাৰ
অৱয়ব
॥শৰণ॥
মই দুৰাচাৰ কেৱল তোমাৰ
... অপৰাধী নাৰায়ণ।
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ॥
হে কৃষ্ণ স্বামী তযু পাৱে আমি
কেৱল শৰণ চাওঁ।
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
তেৱেসে প্ৰভু এৰাওঁ॥
হে যদুপতি মইু মূঢ়মতি
নাজানো সেৱা তোমাৰ।
কেৱল তোমাৰ চৰণ পংকজে
শৰণ কৰিলো সাৰ॥
পুৰুষ উত্তম পৰম পুৰুষ
পৰম আনন্দ স্বামী।
তযু পাদ–পদ্ম মকৰন্দ আশে
শৰণ পশিলো আমি॥
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ
প্ৰপন্ন – জন তাৰণ।
তুমি প্ৰিয়তম পৰম দেৱতা
জানিয়া লৈলো শৰণ॥