মই গাঁৱৰ ল'ৰা
(ল’ৰাই গাব) মই গাঁৱৰ ল’ৰা
গাঁৱে গাঁৱে বন্তি জ্বলাই যাম
(ছোৱালীয়ে গাব) গাঁৱলীয়া ছোৱালী মই, শেৱালী মই নেৱালী
গাঁৱৰ কোলাত হাঁহি মাতি
সোণধানৰ জেউতি চৰাম৷
নতুন দিনৰ যঁতৰা
নতুন দিনৰ বতৰা
আন অ’ মোৰ
কবিটোক
জনা অ’ মোৰ
শিল্পীটোক
সেউতীৰে
মালতীৰে মালা পিন্ধাম
ন সুৰীয়া আইনাম
ন সুৰীয়া বিয়ানাম
তাৰ লগতে
গাঁৱলীয়াৰ জয়-সুৰীয়া নাম গাই
ন ছবিখন চাম৷
(ল’ৰাই গাব) গাঁৱৰ ল’ৰা,--- আগবাঢ়ি যাম
হাবি কাটি
আগবাঢ়ি যাম পৰ্ব্বত ভাঙি
আগবাঢ়ি গৈ উলিয়াম
নিতৌ নতুন পাম
জুই সুৰীয়া
জয় সুৰীয়া নতুন গান গাম
ৰাইজৰ বৰ নামঘৰত, সোণৰ
ৰূপৰ পাত মেৰিয়া
বৰখুটা লগাম৷
(ল’ৰাই ছোৱালীয়ে দুয়ো গাব) আমি দুয়ো একেলগে যাম
একেলগে খাম
একেলগেই জীৱন জুই গাঁৱে গাঁৱে লগাই
গাঁৱলীয়া ৰাইজৰ মনত জ্বলাই চাকি বাতি
সুন্দৰৰ থাপনা পাতি
আগলৈ--আগলৈ-- আৰু পোহৰলৈ
আগবাঢ়ি যাম৷
গাঁৱৰ ল’ৰা-ছোৱালীয়ে ঘৰে ঘৰে বন্তি জ্বলাম৷৷