ভৱানীপুৰীয়া

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search



ভৱানীপুৰীয়া
লেখক গোপালদেৱ
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
গীত৷৷

ৰাগ শ্ৰীগান্ধাৰ ৷৷যতি

আহে শুন মধুকৰ হে
বুজলো তোহাৰ অভিপ্ৰায় ৷
হামাৰি পাশক দূত কৰি তোক ষটপদ ৰে
জানলোহো পঠাইলা মধাই ৷৷

পদ ৷৷
তোহাৰি কানুৰ সঙ্গে পিৰীতি নকৰো হামু ৰে
কপটী তাহেৰ সম নাই ৷
তই যেন মধুকৰ পৰম দাৰুণ চিত্ত ৰে
পুষ্প চুম্পি নাস ৰে দুনাই ৷৷

সতিনীৰ কচুৰ কুঙ্কুম ছোৰত তোৰ হে
পৰশিৰি নাহি মোৰ পাই ৷
গোপীনীক প্ৰেম- ভকতি-ৰসে আকুল
দীন গোপাল গুণ গাই ৷৷

ঘোষা

মাধৱ মাধৱ প্ৰাণ       মাধৱ মাধৱ আত্মা
মাধৱ মাধৱ গুৰু ইষ্ট।
মাধৱ মাধৱ নাম       সুমৰণে সুমঙ্গল
মাধৱেসে ইষ্ট দেৱ নিষ্ট॥

নমো শঙ্কৰদেৱ       মাধৱ সহিতে দুইকো
মোৰ ইষ্টদেৱ দুইজন ৷
মাধৱৰ শিক্ষা ধৰি       শুদ্ধভাৱে ভজা হৰি
বন্দো হেন ভক্তৰ চৰণ ৷৷

হে প্ৰভু ভগৱন্ত       পূৰ্ণব্ৰহ্ম পৰমাত্মা
শ্ৰীকৃষ্ণ দেৱ যদুপতি ৷
মাধৱ বান্ধৱ হে       চৰণে শৰণ লৈলো
তুমি মোৰ অগতিৰ গতি ৷৷

ধীৰসৱে নাৰায়ণ       ময় মাত্ৰ জগতক
দেখে আক জানা সাৰে সাৰ ৷
লুদ্ধকে দেখয় ধন       কামুকসৱৰ মনে
দেখে সদা কামিনী-আকাৰ ৷৷

শুনিযো অবিদ্যা মাৱ       তেজা মোৰ স্নেহ ভাৱ
বিদ্যা তুমি আপেক্ষিয়ো মোৰে ৷
কৃষ্ণ-পদ-নখ-চন্দ্ৰ       যাৱত অমৃত-পান
কৰোঁ আমি নয়ন-চকোৰে ৷৷

সৰ্ব্ব-দেৱ-শিৰোমণি       কৃষ্ণক সততে ভজা
যাত পৰে আন নাহি কেৱ ৷
আপোনাৰ নিজ ৰূপ       স্মৰণ মাত্ৰকে দেন্ত
কিনো কৃপাময় প্ৰভুদেৱ॥

যাৰ পদ-ৰেণু শিৰে       ধৰি নিৰন্তৰে নৰে
ভৱ তৰি পৰম্পদ পাই ৷
হেনয় জগত-গুৰু       তোমাৰ চৰণ দুই
অনুদিনে প্ৰণামো সদায়॥