ভোকেন্দ্ৰ বৰুৱা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভোকেন্দ্ৰ বৰুৱা
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
জোনবিৰি গ্ৰন্থৰ তৃতীয় চুটিগল্প

<poem>

       গোন্ধাই গুৱাল–¬ ‘ভোকোন্দাইৰ মাক ঔ, ভোকোন্দাইৰ মাক! বোলো ক’লৈ গ’ল ঔ এইজনী! শুনিছ নে ঐ শুনিছ! বাঘেখাইটিক বিছাৰিলেও পাবলৈ নাই! বোলো শুনিছ নে!”

ঘৈণীয়েক জেতুকীয়ে লাওৰ হেদালিৰ তলত সোমাই লাও পাৰিবলৈ বিছাৰিছিল; গিৰিয়েকৰ মাত শুনি হেদালিৰ তলৰ পৰা ওলাই আহি উত্তৰ দিলে, “কি হ’লনো? চিঞৰ-বাখৰখন বা লগাইছে কেলৈ ? মোক নেদেখি কিবা এৱা চৰিল নে কি ?” গোন্ধাই— “এৱা চৰা নাই; শুনহি! তোৰ কলিকতীয়া পুতেৰে এইখন কলিকতাৰ পৰা কি লেখি, টিকচ মাৰি ডাকত দি পঠিয়াইছে, চাহিচোন চাহি৷” কলিকতীয়া পুতেকৰ নাম শুনিয়েই জেতুকী উছাহত উতলি লৰালৰিকৈ গিৰিয়েকৰ ওচৰ পালেহি৷ জেতুকী—“মোৰ ভোকোন্দায়ে নো কি লেখিছে ? মোৰ বোপাই ভালে আছেনে ? মোৰ বোপাই ভালে আছে বুলি শুনিলেই মোৰ বুকুখন শীতল পৰি যায়৷ মোৰ দেহডুখৰিক কিবা ধন-বিত লাগে নে? ধন-বিত লাগে যদি একুৰি ৰূপ পঠিয়াই দিয়া৷ মোৰ দেহডুখৰিয়ে পঢি় থাওক, পঢি় থাওক, বৰ মানুহ হওক, মোক আন একো নালাগে৷” গোন্ধাই –“বাঘেখাইটি! তোৰ দেহডুখৰিক ধন-বিত নালাগে, বৰুৱা ফুকন হ’বলৈহে লাগে৷ তাৰ এই চিঠি আজি ডাকত পাই, তাত নো কি লিখিছে পঢ়াই আনিবলৈ বেথাৰাম ভাগৱতীৰ ওচৰলৈ গৈছিলো৷ চিঠিখনত ইংৰাজী দেশী দুই কলম আছে৷ ভাগৱতী বাপুৱে ইংৰাজী সোপা এৰিও আমাৰ মাতত লেখা সোপা যি পঢি়লে তাক শুনি মোৰ গা গোটেইটোত জ্বৰ উঠিছে৷ তাৰ হেনো ভোকোন্দি নামটো কিবা অসইভ হৈছিল, সেইদেখি সি সেইটো নাম ঘাহি-মাজি সইভ কৰিলে৷ হেনো এতিয়াৰ পৰা মই তালৈ চিঠি লিখিলে কিবা ভোকইন্দ্ৰ বুলি লেখিব লাগিব; আৰু বৰুৱা কথাষাৰো হেনো তাৰ পিছতে যোৰাই দিব লাগিব৷ অর্থাৎ আমাৰ ভোকোন্দাই ভোকোন্দি গুছি ভোকইন্দ্ৰ বৰুৱা হৈছে হেনো৷” জেতুকী৷—“বুজিছো, মোৰ বোপায়ে হাড়-মূৰ ভাঙি দুখকৈ পঢি়ছে দেখি মহাৰাণীয়ে তাক বৰুৱা পাতিছে৷ বোলো, মোৰ এই গেন্ধেলা মুখখনেৰেই তোমাক কওঁ, দেখি থাকিবা, মোৰ ভোকোন্দাইক মনচুপ নাপাতিও নেৰে৷ হওঁক, হওঁক, মোৰ বোপায়ে সাত-সতৰুৰ মুখত ছাই দি মনচুপ, সদৰামিন এটাইবোৰ হওঁক৷ মই দিনৌ গোসাঁইক খাটি আছো, সেইদেখি তাৰ ভাল হৈছে৷ তাৰ হকে আমাৰ আতাৰ থানত মই পালনাম এভাগি গোৱাবলৈ আগ কৰি থৈছোঁ৷” গোন্ধাই—“তইনো এইখন কি বলকিছ ? মহাৰাণীয়ে তাক বৰুৱা পাতিছে বুলি তোক কোনে ক’লে ? তোৰ পুতেৰেহে আপোনা-আপুনি বৰুৱা হৈছে আৰু মোকো সি বৰুৱা পাতিছে৷ তাৰ আগৰ নামটো হেনো বেয়া, সেইদেখি সি সেইটো সলাই কিবা ভোকইন্দ্ৰ হৈছে৷ মোৰও হেনো সি কিবা চৰিত্ৰ লেখাইছে, সেইদেখি মোৰ নামটোও সলাই মোক গোন্ধেশ্বৰ বৰুৱা পাতিছে৷ তইনো কথামখাৰ আহমখা নুবুজাকৈ কি ক’ব লাগিছ ?” এনেতে গোন্ধাইৰ ঘৰৰ আগেদি বগীৰাম ডাকবাবু যাওক৷ বগীৰামক দেখি গোন্ধায়ে মাত লগালে,--“ডাকবাবু ডাঙৰীয়া! ডাকবাবু ডাঙৰীয়া! ভো-ভো কৰিনো ক’লৈ যাব লাগিছে ? এইপিনে এখন্তেক আহকচোন, তামোলছালি এখনকে খাই যাওকহি৷” এই কথা শুনি বগীৰামে আহি তেওঁলোকৰ ওচৰতে বহিলত, জেতুকীয়ে লৰালৰিকৈ তামোলৰ বঁটাটো উলিয়াই আনি তামোল কাটিবলৈ লাগিল৷ গোন্ধাই—“বোলো ডাকবাবু ডাঙৰীয়া, আমাৰ কলিকতীয়া ল’ৰাটোৰ পৰা এই চিঠিখন আহিছে, আমাৰ তাইক এবাৰ কির্পা কৰি চিঠিখন পঢি়-শুনাই দিয়াচোন৷” এই বুলি চিঠিখন গোন্ধায়ে বগীৰামৰ হাতত দিলত বগীৰামে ডাঙৰ ডাঙৰকৈ মাতি পঢি়বলৈ ধৰিলে—

“মাই ডিয়েৰ ফাদাৰ, “আজি তোমালৈ কি কথা লেখিছোঁ, মই হপ (hope) কৰো তুমি তাত মনোযোগ কৰিবা৷ আজি এবছৰ হবলগীয়া হ’ল মই কলিকতালৈ আহিলো৷ কিন্তু আহিবৰে পৰা মোৰ মনত এটা কথাই বৰকৈ উখল-মাখল লগাই আছিল৷ সম্প্ৰতি তাৰ এটা মিমাংসা কৰিছোঁ৷ বৰ লাজৰ কথা যে মোৰ নামটো ভোকোন্দি হৈছিল৷ really really বাস্তৱিকতে এইটো বৰ shameful লাজৰ কথা৷ ইয়াৰ কলেজৰ লৰাই এই নামটো লৈ মোক বৰ ঠাট্টা কৰে৷ ময়ো দেখিছো যে ভোকোন্দি বৰ অসভ্য নাম৷ monstrous! তাক আজি সভ্য কৰি লোৱাটো মোৰ duty অর্থাৎ মোৰ কর্তব্য৷ সেইদেখি মই আমাৰ কলেজৰ হাজিৰা বহীত আজি মার্চ মাহৰ ২০ তাৰিখে তাক কটাই ভোকেন্দ্ৰ কৰিলো৷ আৰু মোৰ নামৰ পিছত এটা উপাধী নোহোৱাৰ বাবেও বৰ হাঁহিয়াতৰ কথা হৈছে; সেইদেখি তাত বৰুৱা লগাই দিয়ালো৷ তুমিও আজিৰে পৰা তোমাৰ নামটোৰ উন্নতি বিধান কৰি তাক গোন্ধেশ্বৰ কৰিবা আৰু তাত বৰুৱা কথাষাৰ লগাই দিবা ; আৰু লোককো সেইদৰে তোমাক address মৰিবলৈ অৰ্থাৎ মাতিবলৈ কৈ দিবা৷ মই remember কৰো অর্থাৎ মোৰ মনত আছে, তুমি এদিন কৈছিলা, মোৰ পেহী এজনী দুলীয়া বৰুৱাৰ ঘৰৰ সতৰাম বৰুৱাৰ হৰিভকত কানুৰামলৈ পৰিবৰ কথা হৈছিল৷ যদি সেইটো সঁচা তেন্তে সেই সূত্ৰতে আমিও বৰুৱা লেখাত কোনো ব্যাঘাত নেদেখো৷ বিশেষ Ram gone, Ajodhya gone অর্থাৎ ৰাম গ’ল, অযোধ্যাও গ’ল; আহোম গ’ল, আহোমৰ ৰাজত্বও গ’ল৷ সেইদেখি আহোমে পতা বৰুৱা ফুকন সকলৰ সেই উপাধিৰ ওপৰত Copyright also gone, অর্থাৎ স্বত্বও গ’ল৷ এতিয়া যি যোগ্য, সিয়েই ইচ্ছামতে সেই উপাধি ব্যৱহাৰ কৰিব পাৰে৷ This is according to law of Equity অর্থাৎ ইকুইটি আইণ মতে সত্য৷ আৰু “যোগ্য ভোগ্য বসুন্ধৰা” বুলি শাস্ত্ৰত আছে; এই সংস্কৃত কথাফাকিৰ মানে তুমি আমাৰ ভাগৱতী বাপুক সুধি ল’বা৷ এই বিষয়ে in detail অর্থাৎ বাহুল্যকৈ তোমালৈ লেখাৰ সকাম নাই; কাৰণ তুমি ignorant, সেইবোৰ বুজিব নোৱাৰিবা৷ মুঠতে কওঁ, যে আজিৰ পৰা তুমি মোৰ instruction follow কৰি মই কোৱা মতে কার্য কৰিবা৷ আৰু এটা কথা মই তোমাক কওঁ৷ তুমি লাহে লাহে তোমাৰ Shameful গুৱালৰ ব্যৱসায়টো এৰিবলৈ চেষ্টা কৰিবা; কাৰণ সেইটো লাজলগা বুলি মই think অর্থাৎ বিবেচনা কৰিছোঁ৷ তুমি আগেয়ে যি আছিলা, এতিয়া, you are my father, তুমি মোৰ পিতাই; therefore you must behave like a gentleman, অর্থাৎ ভদ্ৰলোকৰ দৰে তুমি চলিব লাগিব৷ আইক ক’বা, তেওঁ যেন ঘৰে ঘৰে ঢেং ঢেং কৰে নুফুৰে৷ She must keep her respect অর্থাৎ এতিয়া তেওঁ নিজৰ মান-সম্ভ্ৰম ৰাখি ফুৰিব লাগিব৷ I hope অর্থাৎ মই আশা কৰো, তোমালোকে মোৰ কথাৰ অন্যথা নকৰিবা৷

ইতি …শ্ৰীভোকেন্দ্ৰ বৰুৱা৷ Mr. B.K. Boroah First Year Class, Metropolitan Institution, Calcutta. পুঃ – মোলৈ চিঠিৰ ওপৰত মোৰ বিজুগ এইদৰে লেখাবা৷ পুঃ পুঃ –মোৰ সৰু ভনীজনীৰ ভুর্ভুৰী নামটো সলাই ভ্ৰমৰিণী কৰিবা৷ কাৰণ সময় থাকোঁতেই সেই কাম কৰা উচিত; নাইবা, পিছত too late হৈ পৰিলে তাক শুধৰাবলৈ মোৰ নিচিনাকৈ বৰ কষ্ট পাব লাগিব৷ ভ্ৰমৰিণীক মোৰ kiss অর্থাৎ চুমা দি কবা, যে এই নামটো তাইৰ কলিকতীয়া ককায়েকে তাইক Birthday present অর্থাৎ জন্মদিনৰ উপহাৰ দিছে৷ আৰু এটা কথা—মই দকৈ ভাবি দেখিছো, যে আইৰ আচল নামটোও নসলালে নচলিব৷ তোমাৰ জীৱন চৰিতত আইৰ জেতুকী নামটো গুচাই যতিকেশ্বৰী দিলো৷ আমাৰ গাঁৱৰ নামটোও বদলাব পাৰিলে ভাল৷ অৱশ্যে সেইটো কাম তুমি অকলে কৰি উঠিব নোৱাৰিবা৷ অনেক লোকক influence কৰি অর্থাৎ ৰাজহুৱা মত সংগঠন কৰি গৱর্ণমেন্টক “মেমোৰিয়েল” অর্থাৎ দৰখাস্ত দিহে সেই কামটো কৰিব পৰা হ’ব৷ সেই দেখি সেইটো কাম মই উভতি যোৱালৈকে স্থগিত থাকক; মই গৈ agitation অর্থাৎ এটা আন্দোলন কৰি তাক হাতত লম৷ ভৱিষ্যতৰ ইতিহাসলৈ এইদৰে বাট পোনাই ৰখাটো অত্যাৱশ্যক হৈছে৷ মই শ্যেলি, কীটচ, ৰবি কবিৰ নিচিনাকৈ এখন বহুমূলীয়া কবিতা গ্ৰন্থ লেখিছোঁ, সি প্ৰায় শেষ হ’ব লগীয়া হৈছে৷ তাৰ পাতনিত মোৰ ছবিৰে সৈতে মোৰ সংক্ষিপ্ত জীৱনীও ওলাব৷ সেইবাবেই মই দীঘলকৈ চুলি ৰাখিছো, জ্ঞাত কাৰণ লেখিলো৷ তোমাৰ বিস্তৃত জীৱনচৰিত্ৰ এখন লেখা নিতান্ত প্ৰয়োজন হৈ উঠিছে৷ মই তাৰ যো-জা কৰিছো৷ তোমাৰ জীৱন চৰিত্ৰৰ নিমিত্তে কিছুমান material অর্থাৎ সজুলি অর্থাৎ ঘটনা মই সংগ্ৰহ কৰি ডাঙৰ মানুহ এজনৰ হাতত দিছো, তেওঁ তোমাৰ জীৱন চৰিত লেখিবলৈ গাত লৈছে আৰু তাৰ পাতচেৰেক লেখিছেও৷ কিন্তু সেই কিতাপৰ front page অত অর্থাৎ সমুখৰ পাতত তোমাৰ ছবি এটা দিবৰ দৰকাৰ, সেইদেখি তুমি এই চিঠি পোৱা মাত্ৰকতে তোমাৰ ছবি এটা তোলাই মোলৈ পঠিয়ায় দিবা৷ যোৰহাটত photohrapher অর্থাৎ ছবি তোলোতা মানুহ নাই যদি ডিবুৰুলৈ গৈ গোহাঁই ব্ৰাদার্চৰ তাত তোমাৰ ফটোগ্ৰাফ এটা তোলাবা; ইয়াত মই হাফটোন ব্লক কৰাই এনলার্জ কৰিব লাগিব৷ ফটোখন সোনকালে মোক লাগে৷ ডিবুৰুলৈ যাবলৈ সম্প্ৰতি তোমাৰ হাতত cash অর্থাৎ নগদ ধন নাই যদি সেই গাখীৰতী বগী ম’হজনী বেচি দিবা৷ অলপ cheap অর্থাৎ সস্তাকৈ দিলে থিতাতে বহুত কিনোতা ওলাব৷ আৰু তোমাৰ Travelling expenses অৰ অর্থাৎ ডিবুৰুলৈ যোৱাৰ খৰচৰ পিছত ছবিৰ নিমিত্তে যোৰাকৈ হাতত ৰূপ নথকাটো যেন দেখিলে আৰু এজনী ম’হ বেচিবা৷ মুঠতে এই কাম বৰ জৰুৰী জানিবা৷ --বি. কে. বি.

গোন্ধাই—“দেখিলি, দেখিলি, বাঘেখাঁতী দেখিলি এতিয়া, তোৰ পুতেৰ কেনেকৈ ভোকইন্দ্ৰ হ’ল, কেনেকৈ বৰুৱা হ’ল? সি বান্দৰে মোকো বৰুৱা পাতে, তোকো বৰুৱানী পাতে৷ গুৰুজনাৰ অনুগ্ৰহত ম’হ-গৰু দুটামান ৰাখি এগাল ভাত খাই আছোঁ, সি বৰুৱা হৈছে দেখি তাকো হেনো এৰিব লাগে, তাকো বেচি দিব লাগে৷” জেতুকী- “মই দেখোন তোমাক কৈছো যে, মোৰ বোপায়ে হাড়-মূৰ ভাঙি, তেজ পানী কৰি কলিকতাত পঢি়ছে দেখি বৰুৱা হৈছে৷ মহাৰাণীৰ পেটৰ কথাটো সি পাইছে; নাপালে তেনে কেতিয়াও নকৰে৷ সি কত হেপ্ (Hope) কৰিছে, থিং (think) কৰিছে, চেম (Shame) কৰিছে, ৰেচপেক (respect) কৰিছে, কৰিহে তেনে কৰিছে৷ মই এতিয়াও কওঁ যে মোৰ বোপাইক মহাৰাণীয়ে বৰুৱা পতাদি মনচুপ, সদৰামিনো পাতিব, তুমি চাই থাকিবা; মই অমুকী হওঁ যদি মোৰ কথা ফলিয়াবই ফলিয়াব৷ মোৰ বোপাইৰ হকে মই এই একাদশিতে থাপন পাল নাম গোৱাম৷ মোৰ বোপায়ে ভনীয়েকক কি হাৰ (উপহাৰ) দিছে চাওঁ ? কোন ধাৰ ? অ’ ভুর্ভুৰী ! অ’ ভুর্ভুৰী ! তোৰ কলিকতীয়া ককায়েৰে তোলৈ কিবা কলিকতীয়া হাৰ পঠিয়াইছে, চাহি৷ ক’লৈ গ’লনো এইজনী?”

গোন্ধাই—“বাঘেখাঁতী! তোৰ পুতেৰৰ লগতে তয়ো বলিয়া হৈছ নে কি? বোলে, সাত পুৰুষত নহ’ল গাই, কঁৰীয়া লৈ খিৰাবলৈ যায়৷ সি দুটা ইংৰাজী পঢি় ক-ক-ম-ম কৰিলে বুলি গোন্ধাই গোৱালে তাৰ সাত পুৰুষীয়া বৃত্তি এৰি বৰুৱা হ’ব লাগিব৷ সি বৰুৱা হয়, ফুকন হয়, বান্দৰ হয়, শিয়াল হয়, যি হয় হৈ থাওক, তাৰ লগতে মই বুঢ়াইও নাচিবলৈ যাব লাগিল নে কি? তই নাচিব খুজিছ নাচ৷ কিন্তু ৰাইজে তোৰ মুখত চূন সানি মূৰত ঘোল ঢালিব চাবি৷” জেতুকী—“মোৰ ল’ৰাৰ সুখ-সম্পদ দেখি ৰাইজৰ হিংসা লাগিছেই, সেইবুলি মোৰ ল’ৰাই নপঢি়ব নেকি ? ৰাইজে হিংসা কৰিলে বুলি মোৰ ল’ৰা মনচুপ, সদৰামিন নহয় নেকি ? মোৰ একেটা ল’ৰা, তাক এইদৰে সকলোৱে হিংসা কৰে৷ উ-উ-উ-উ৷

এইবুলি জেতুকীয়েও ৰাও জুৰি কান্দিবলৈ ধৰিলে৷ গিৰিয়েক ঘৈণিয়েকৰ চুপতাচুপতি লাহে লাহে এইদৰে বাঢি় গৈ শেহত গোন্ধায়ে জেতুকীক এখুন্দা দিবলৈ ঢেকি-থোৰা বিচৰা দেখি বগীৰাম ডাকবাবু তাৰপৰা লাহেকৈ উঠি প্ৰস্থান কৰিলে৷

এইখিনিতে আমি এই আখ্যানটোৰ অলপ আগৰেপৰা ধৰি তাক মুকলি কৰি দিওঁ৷ গোন্ধাই গুৱালৰ ঘৰ মাজুলিত৷ ম’হ আৰু গৰু ৰাখি, গাখীৰৰ ব্যৱসায় কৰি সি লাহে লাহে চহকী হৈ পৰিছিল৷ তাৰ এটা ল’ৰা, নাম ভোকোন্দি; আৰু এজনী ছোৱালী নাম ভুর্ভুৰি৷ ভোকোন্দিৰ বুধিটো সৰুৰে পৰা চোকা আছিল দেখি তাক গোন্ধায়ে পঢ়াশালিত পঢি়বলৈ লগাই দিলে৷ ভোকোন্দিৰ অদৃষ্ট সুপ্ৰসন্ন; গতিকে বুদ্ধিৰ সুবতাহ তেওঁৰ বিদ্যাৰ পালত লাগি, পাল ফুলি উঠি দোপতদোপে স্কুলীয়া জীৱন-নাও আগবাঢি় এন্ট্ৰেন্স পৰীক্ষা পাৰ হৈ গ’ল৷ গৱর্ণমেন্টৰ কুৰিটকীয়া বৃত্তি এটা ভোকোন্দিৰ কপালত উঠিলত বাপেক-মাকৰ আৰু উৎসাহ বাঢি়ল; সেইদেখি ভোকোন্দিৰ কলিকতাত “ফাৰ্ষ্ট আর্টচ” পঢি়বলৈ তেওঁলোকে পঠিয়াই দিলে৷ ফলত, ভোকোন্দিক আমি আজি মেট্ৰপলিটান ইনষ্টিটিউচনৰ প্ৰথম বার্ষিক শ্ৰেণীত পাই, তেওঁ বৰুৱা হোৱা ইতিহাস ঘুকটিবলৈ পাইছোঁ৷ ০০০০ <poem>