ভেমপুৰীয়া মৌজাদাৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভেমপুৰীয়া মৌজাদাৰ
লেখক লক্ষ্মীনাথ বেজবৰুৱা
সাধুকথাৰ কুঁকিৰ গল্প


এওঁকে বোলে। এওঁৰ ঘাই নাম ডাঙৰীয়া শ্ৰীযুত লম্বোদৰ শৰ্মা বৰুৱা। এই ধানপুৰীয়া কঁঠাল যেন নামটো ওপৰত উল্লেখ কৰা উপলুঙা নামৰ ডাঠ পাতৰ তলত সদায় ঢাক খাই থাকে, কাৰো সতকাই চকুত নপৰে। ডাঙৰীয়াৰ ঘৰ উজনিত; আৰু সেই ফালৰে ভেমপুৰ মৌজাৰ মৌজাদাৰ। বৰ ডাঙৰ লোক। মূৰ ডাঙৰ, কাণ ডাঙৰ, হাত ডাঙৰ, ভৰি ডাঙৰ আৰু সকলোতকৈ পেট ডাঙৰ। বোধকৰোঁ ডাঙৰীয়াৰ এনে ভৱিষ্যত্ ভাবিহে তেওঁৰ দীৰ্ঘদৰ্শী পিতৃদেৱতাই তেওঁৰ নাম লম্বোধৰ ৰাখি থৈছিল। কিন্তু দেউতাকে নামটো য’তে ৰাখিলে ততে থাকিল; ডাল-পাত পুলি-পোখা মেলি সি আৰু বাঢ়িব নেজানিলে। তেওঁক ভেমপুৰীয়া বুলিলেহে সকলোৱে চিনে। চলিত গল্প আছে, এদিন হেনো ডাঙৰীয়াই ৰাতি কৰবাৰ পৰা ফুৰি আহি বাহিৰৰ পৰা ডাঙৰীয়ানীক ঘৰৰ দুৱাৰ মেলি দিবলৈ ক’লত, ডাঙৰীয়ানীয়ে কোন বুলি সোধাত “মই লম্বোদৰ” বুলি উত্তৰ দিলে। উত্তৰ শুনি ডাঙৰীয়ানীয়ে “চোৰ ঐ” “চোৰ ঔ” বুলি চিঞৰ লগাই দিছিল। পাছে লৰালৰিকৈ লম্বোদৰ গুচি ভেমপুৰীয়া হলতহে জানিবা সেই যাত্ৰাত ডাঙৰীয়াৰ মান ৰ’ল।

অলপ আগৰে পৰা ধৰি আমাৰ ডাঙৰীয়াৰ ইতিহাসটোৰ সংক্ষেপ আভাষ দিওঁ। সুপ্ৰসিদ্ধ অধ্যাপক উৰ্বীধৰ শিৱসাগৰীয়া বৰুৱাৰ পঢ়াশালিত বছৰছেৰেক লৰোঁ নামেৰেই তেওঁ শব্দ সাধি বিদ্যাৱন্ত হৈ কাছাৰীত লম্বোধৰ শৰ্মা বৰুৱা নামেৰে মহাপেচ কামত সোমাল। মহাপেচ খানাত কাকত পেচ, বাহিৰত কথা পেচ আৰু মুখৰ ভিতৰত বুঢ়া তামোল কোমল তামোল পেচ কৰি থাকোতেই, দুই এবছৰৰ ভিতৰতে তেওঁৰ নামেৰে পেটৰ দন্দ ভাগিল। অৰ্থাত্ পেটটো দেখিলেই তেওঁৰ নামটোলৈ আৰু নামটো শুনিলেই তেওঁৰ পেটটোলৈ সকলোৰে মনত পৰা হ’ল। তৰাং পানীত পিঠীয়া মাছৰ পিঠি ওলাই পৰাদি সোনকালে কাছাৰী ঘৰত ডাঙৰীয়াৰ পিঠি ওলাই পৰিল। বৰচাহাবৰ বৰ চকু ডাঙৰীয়াৰ পেচখানাৰ পৰা ওলাই ভেমপুৰীয়া মৌজাদাৰৰ বিষয়খন পালে। কি “গেৰ গেৰি” (Grergory), কি “খিলিপ” (Phillip), কি “কম্বল” (Campbell), কি “লেমটেম” (Lamb) চাহাব, ডাঙৰীয়াই এদিন বা দুদিন তেওঁক লগ পালেই হ’ল, টুপুৰ কৰে ডাঙৰীয়াই হজুৰৰ বৰ খাটনীয়াৰ হৈ পৰিল। আমি কওঁ, ডাঙৰীয়াৰ ৰাশিটো কিছু বলী; জহৰমহৰ ডোখৰৰ আগত ফেটী সাপৰ ফেটটো যেনেকৈ দোঁ খায়, আমাৰ ডাঙৰীয়াৰ আগতো ওপৰত কোৱা চাহাবসকলৰ হেটটো বা ফেটটো তেনেকৈ দোঁ খাই পৰে। কিন্তু নিন্দুকবিলাকে ইয়াৰ ব্যাখ্যা বেলেগ প্ৰকাৰে কৰে। সিহঁতে কয়, ডাঙৰীয়াৰ প্ৰাতঃসন্ধ্যা একাদশী-আউসীত ক্ষতি হ’লেও, পুৱা গধূলি বৰচাহাব পুৱা ফুৰি আহি চাকৰক বুটজোতা সোলোকাই দিবলৈ কওঁতে আমাৰ ডাঙৰীয়া আগতে আছিল: চাহাবৰ চাকৰ আহি পাওঁতে নৌপাওঁতেই ডাঙৰীয়াই টপৰাই বহি বুট সোলোকাই দিলে। চাহাবৰ চাকৰবিলাকৰ মুখ তলি ফুটা নে কি ক‘ব নোৱাৰি, ফুটা মাটিকলহৰ পানী ৰোৱাদি সিহঁতৰ মুখৰ পৰা এই কথাটোও বৈ ওলাই পৰিবলৈ বৰ পলম নেলাগিল। সি যি হওক, এদিনৰ এই ক্ষুদ্ৰ ঘটনা এটাৰ পৰা লম্বোদৰ শৰ্মা বৰুৱা ভেমপুৰীয়া মৌজাদাৰ ডাঙৰীয়াৰ গাৰপৰা সাত পুৰুষীয়া মানৰ গোবৰ-মাটিৰ লেওটা খহি পৰাটো সম্ভৱ নহয়। ডাঙৰীয়া পাবত-গজা লোক নহয়। শাস্ত্ৰত কৈছে, মৃগ মীন আৰু সাধুলোক সকলৰ, ব্যাধ মাছমৰীয়া আৰু খলবিলাক নিষ্কাৰণ বৈৰী। এতিয়াওঁ এই মৃগপহু ডাঙৰীয়াৰ বিনা কাৰণতে হোৱা, বৈৰীৰ আটক নাই। হৰিণাৰ মাংসই বৈৰী, আমাৰ ডাঙৰীয়াৰো বৰপেটটোৱেই যে বৈৰী ই কথা ঠিক। বৰপেটটো দেখি নিশ্চয় সকলোৰে খিয়াল লাগে। কিন্তু খিলাল লাগিলে কি হ’ব, ডাঙৰীয়াই কিবা তেওঁৰ বেচেৰা বৰপেট ডোখৰক তামোল পাণৰ শৰাই দি মাতি আনিছিলগৈ নে কি? সি পূৰ্বজন্মৰ পুণ্যৰ ফলত হোৱা বস্তু।

ডাঙৰীয়াৰ মৌজাতো ঘৰ আছে, নগৰতো ঘৰ আছে। ডাঙৰীয়াৰ মৌজালৈ গ’লে মৌজাৰ মাটি তলৰ পৰা ওপৰ হয়, নগৰলৈ আহিলে নগৰৰ মাটিৰো সেই দশা হয়। অন্ততঃ তেনে হয় বুলি ডাঙৰীয়াই নিজে ভাবে। বৰচাহা মফস্বললৈ গ’লে মৌজাদাৰ ডাঙৰীয়াৰ কপাল ফুলে বুলি শুনা যায়। একেবাৰেই হেনো এবছৰলৈ ডাঙৰীয়াৰ নিজ খোৰাকৰ দুখ গুচে। ৰাইজৰ পৰা বিনামূলীয়াকৈ আদায় কৰা ৰচত বৰচাহাবলৈ যদি এগুণ যায়, ডাঙৰীয়াৰ ভড়ালত হাতৰ-পাচ তাৰ ৯ গুণ ৰৈ যায়। কুলি ধৰাতো ডাঙৰীয়া হেনো কালান্তক যম। এই অমৃতক্ষণ পৰিলে হেনো ডাঙৰীয়াৰ “আখেজ”ৰ ডাঙৰ খালবিলাকত ধুমাধুমিকৈ মাটি পৰি পোট খাই যায়। ভদায়ে দিনটোত পাঁচোটা দণ্ডবত্ কৰি পাঁচবাৰ ডাঙৰীয়াক দেউতাঈশ্বৰ নুবুলিলে, “বাৰু দেখা যাব।” ৰূদায়ে তাৰ বাৰীত হোৱা সোন্দা কল থোকা ডাঙৰীয়ালৈ পঠিয়াই নিদি, তাৰে বৰসাবাহ কৰিলে তই কেনে ৰূদাই ওলাইছ দেখিম।“ ঘিণায়ে ডাঙৰীয়াৰ জীয়েকৰ বিয়ালৈ পাঁচ ঘট গাখীৰ দিম বুলি তিনিঘট দিলে “তই দিনদেক বাট চা।” ডাঙৰীয়াই লোকৰ পৰা বৰঙণি তুলি নিজৰ নামে নিজৰ ঘৰত কৰা কালী পূজালৈ, পানীৰামে তিনিপুৰা কোমলচাউলৰ ঠাইত দুপুৰাহে দিলে, “পানীৰাম দুদিনমান ৰ তোক পানী কৰিম।”

ৰাজভক্তি ডাঙৰীয়াৰ গাত সোতৰ অনা বিদ্যামান। মন গ’লে চাহাবৰ চাপৰাচীটোৱেও ডাঙৰীয়াৰ হতুৱাই তাৰ ভৰিৰ ফটুৱাইবিলাকত তপত তেল দিয়াই ল’ব পাৰে। চাহাবৰ ছাপৰাচীৰ আগত পানীত তিতা মেকুৰীটো যে হৈ থকা ডাঙৰীয়াৰ শুভদৰ্শন আমাৰ অদৃষ্টত কেইবা দিনো ঘটিছে; কিন্তু নিন্দুকবিলাকে যে কয়,”ভেমপুৰীয়া মৌজাদাৰে বৰচাহাবৰ ছাপৰাচীৰ আগত হাত যোৰকৈ কথা কয়,” এই কাম আমি হ’লে আপোন চকুৰে দেখা নাই। মিছাকৈ পৰৰ বেয়াটো আমি কেতিয়াও নকওঁ।

মৌজাদাৰ ডাঙৰীয়া শুদা শক্তিৰ লোক নহয়। মহাপুৰুষ সদব্ৰাহ্মাণ। তেওঁ পাহ ৰাখি মূৰ খুৰাই ৰঙা চন্দনৰ ফোট লয়; ডাৰিগোফ নেৰাখে; লোকৰ হোকাত ধপাত নোহোহে। তিনি সন্ধ্যা পূজা আহ্নিক নিয়ম মতে কৰে; লোকৰ ঘৰত কেতিয়াও শৰাধে বিয়ায় জলপান এটাও নেখায়; মানুহক শপত খুৱাব লাগিলে নিজৰ গালৈ চোৱাই বা আপোনাৰ খৰম চুবলৈ কৈ শপত খুৱায়; দুৰ্গা পূজাত আৰু কালী পূজাত নিজ হাতে ছাগলী কাটে, বা আগত থিয় দি থাকি লোকৰ হতুৱাই কটাই তাৰ তেজৰ ফোটেৰে নিজৰ বহল কপাল শুৱনী কৰে; মুকেৰে দিনে ৰাতিয়ে “মা কালী” “জয় দুৰ্গা” কৰি থাকে; আন কি শিৱৰাত্ৰিৰ ভাঙৰ মিঠৈ আৰু বিজায়ৰ দিনা ঘোটা খাই ডাঙৰীয়াই বলিয়া হৈ গাৰ কাপোৰ-কানি খহাই থোৱাও দেখা গৈছে। ইমানতো তোমাৰ সন্দেহ আছে যে আমাৰ ডাঙৰীয়া সদব্ৰাহ্মাণ আৰু মহাপুৰুষ? আছে যদি কোৱা, তোমাৰ মুখ একেবাৰেই মাৰি থবৰ দিহা কৰোঁ। ডাঙৰীয়া অমুক বৰুৱাৰ বংশথকৈ অসমত ডাঙৰ বংশ নাই; ডাঙৰীয়াই নিজ মুখ-পদ্মৰেই এই কথা অনুগ্ৰহকৈ দিনটোত সহস্ৰবাৰ তেওঁৰ অনুগত লোকসকলৰ আগত কৈ থাকে। এনেস্থলত তোমাৰ সন্দেহ কৰিবৰ কি কাৰণ থাকিব পাৰে আমি দেখোন ক্ষুদ্ৰ বুদ্ধিৰে তাক ঢুকি নেপাওঁ। অবুজনক বুজাবলৈ আৰু ঢেৰুৱাৰ ঠাৰি সিজাবলৈ আমি গাত ল’ব নোৱাৰো, তেহেলৈ তুমি যিহকে মন যায় কোঁৱা। “ডাঙৰীয়াই ভেটী খায়।” খাবতো! ডাঙৰ লোকে ভেটী নেখাই তুমি আমি ছাল ছিগা ভিকহুৱে ভেটী খামনে? তোমা-আমাক ভেটী কোনোবাই মুখখন চাই দিবহি। লঘোনে ভোকে থাকি আউনীআটিত শপত খাই ক’ব পাৰি, তুমি ভেটী খাবলৈ পোৱাহেঁতেন ভেটী খোৱাৰ বিৰুদ্ধে তোমাৰ চন্দ্ৰমুখ ফেৰা নিশ্চয় গজালি থলাহেঁতেন। আৰু কৈছা, “ডাঙৰীয়াই বেটী-বান্দী চাকৰ-নাকৰক দৰমহা নিদিয়ে; সিহঁতে দৰমহা খুজিলে, চোতালত শুকাবলৈ মেলি দিয়া কাঠ-খৰি লৈ, সিহঁতে দৰমহাৰ সলনি প্ৰহাৰ দিয়ে।” প্ৰহাৰ দিবতো; দৰমহা নিদিবতো; ডাঙৰীয়াৰ হাতৰ মাৰ খোৱাটো যে সিহঁতৰ পক্ষে সৌভাগ্যৰ কথা, সেইটো গৰুহঁতে কেতিয়াও নুবুজে দেখিহে! মূৰ্খহঁতেনো ডাঙৰীয়াৰ পৰা দৰমহা বিচাৰে কিয়? বৰলোকক দিয়েনে নাই বৰ লোকৰ পৰা নিয়ে? ডাঙৰীয়া জ্ঞানী লোক, জানি শুনিয়েই তেওঁ চাকৰহঁতক দৰমহা নিদিয়ে। ব্ৰহ্মস্ব নিবলৈ দি ৰৌ ৰৌ নৰকত ডাঙৰীয়াই সিহঁতক পেলালেই মাৰিলেই তুমি সন্তুষ্ট? হাঁড় মূৰ ভাঙি লগুৱালি কৰাৰ পুৰস্কাৰ শেষত সিহঁতক ডাঙৰীয়াই এইটোকে দিয়ক আৰু কি! তোমাৰ বুদ্ধিটো মেমেৰা হৈ যাব লাগিছে, তাৰ গুৰিত সাৰ-জাবৰ দিবলগীয়া হ’লহি দেখিছোঁ।

ঘৰে ঘৰে ডাঙৰীয়াই জলপান চেলেকি নুফুৰা বাবে জগৰ লাগিল? আহা! কি জগৰটোকেই বিচাৰি পালেহি একা! যাৰ পাই যাৰে ঘৰত জলপান চেলেকি ফুৰি তাত তপস্যাৰ ফলত পোৱা ব্ৰাহ্মণৰ জাতটো নিয়ালেই তোমালোকৰ মনত সুখ। গুৰুজনে বৰগীতত বান্ধি থোৱা কথাটো ঠিক টং কৰিলেই বুজিব পাৰিবা। “কত তপস্যাই, নৰতনু পাই, বিকাইলোঁ কাঞ্চন মোলে।” তোমালোকৰ মতি-গতি ঘোৰ কলিয়ে গ্ৰাস কৰিলে। বাৰু তুমি আমাক এই কথাটোৰ সমিধান দিয়াচোন, ডাঙৰীয়াৰ জোৰৰ-ফেৰৰ কোন মানুহ আছে যে তাৰ ঘৰত গৈ তেওঁ জলপান খাব পাৰে? আৰু ডাঙৰীয়াৰ এটা দুটা যি দোষৰ কথা কৈছা, তাৰ বিষয়ে তোমাক চমুকৈ কৈ থওঁ। কীৰ্তনত আছে, “সৰ্ব ভক্ষ বহ্নি সবাকো শোষে; তাঙ্ক কি কৰিব ইসব দোষে।” মহত্ লোকক ক্ষুদ্ৰ পাপে ছুব নোৱাৰে। জুইয়ে কেঁচা পকা দুইকো পোৰে।

কি কলা? সিদিনা ৰাতি দুপৰত ডাঙৰীয়ানীয়ে অমুকী বেটীৰ ওপৰত খং কৰি, আৰু স্বামীৰ ঘিণ লগা ব্যৱহাৰত, নিজৰ জীৱনকে ধিক্কাৰ দি, চিঞৰবাখৰ কৰি লৰ মাৰি নৈত পৰি মৰিবলৈ গৈছিল কিয়? কি কলা? ওঁ গৈছিল কিয়? উৰহি গছৰ ওৰটো নেপালে তুমি নেৰা। তোমাৰ মুখৰ লগতে কেতিয়াবা তুমি কটা যাবা মই দেখিছোঁ। কেপকেপাই নেথাকিবা মনে মনে থাকা!

ইতি শ্ৰীভেমপুৰীয়া মৌজাদাৰস্ব আখ্যানং সম্পূৰ্ণ সমাপ্তং।












(লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ দ্বিতীয় সংকলন, সম্পাদনা আৰু সংকলন-হৃদয়ানন্দ গগৈ, প্ৰকাশক-নগেন শৰ্মা, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-১)