ভূত পোৱালি আৰু যখিনী ছোৱালী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search


 ভূত পোৱালি আৰু যখিনী ছোৱালী

কুম্পু নামৰ অকণমানি ল'ৰাটো। বয়স তাৰ খুউব বেছি চাৰি বা পাঁচ বছৰ। প্লাষ্টিকৰ ক্ৰিকেট বেট-বল লৈ ৰূম প্ৰেক্টিছ কৰি দুৱাৰ খিৰিকীৰ আইনা ভাঙিব পৰা হৈছে আৰু, দিনৰে দিনটো অলৌ-তলৌকৈ ঘূৰি ফুৰে সি। ভাগৰ হলে অকনো নালাগে। ঘূৰি ফুৰিয়েই সি ভাবি থাকে- ডাঙৰ হ'লে ধুনীয়া ধুনীয়া ছবি আঁকিব, গান লিখিব-গাব, ক'ৰবাত দূৰত পঢ়িবলৈ যাব, নাটক কৰিব, টকী কৰিব ইত্যাদি ইত্যাদি বহুত কিবা কিবি কৰিব। মাজে মাজে ৰূমত সোমাই কল্পনাৰ বিশাল সাগৰত উটি-ভাঁহি ফুৰে সি।

বৰ বেছি শকত-আৱত নহলেও তাৰ সাহসটো হলে বেছিয়েই । ভয়-দৰ বোলা বস্তুটো তাৰ অকনো নাই। সৰু ল'ৰা-চোৱালী বোৰেতো ভূত-পিশাচ, যখিনী আদিলৈ বৰ ভয় কৰে। অৱশ্যে ডাঙৰৰ মুকত সাধু শুনি শুনিহে সিহঁতৰ ভূতলৈ ভয় বাঢ়ে। এনেয়ে ভূত-চুতনো আছে ক'ত? মানুহৰ ওপৰত ভূতে কৰা অত্যাচাৰৰ বৰ্ণনা বোৰ আচলতে মানুহৰে কল্পনাহে। সেয়ে আমাৰ কুম্পুৱে ভূতলৈকো ভয় নকৰে।

এদিন পিছে হ'ল কি-কুম্পু অলপ দেৰিলৈকে শুই আছিল। দেৰিলৈকে শুই থকা ল'ৰাক তাৰ মাকে বৰ বেয়া পায়। সেয়েহে তেওঁ কিমাননো শুই থাকা, উঠা বুলি কুম্পুক দিলে জগাই। মাকৰ মাতত সাৰপাই একে জাপে শোৱাৰ পৰা উঠি, চকু মোহাৰি মোহাৰি মাকক সি কবলৈ ধৰিলে- জানা মা আজি মই এটা ভূতৰ সপোন দেখিলো। এইদৰে আৰম্ভ কৰি কুম্পুৱে তাৰ সপোনটো বৰ্ণনা কৰাত লাগিল।

প্ৰথমতে সি হেনো দেখাপালে দুটা ভূতৰ পোৱালী। সিহঁতৰ লগতে দুজনী যখিনী ছোৱালীও আছিল। যখিনী হ'তৰ যি হে চেহেৰা - ট ট কৈ জিলিকি থকা নাক, টেলেকা টেলেকা চকু আৰু সিহঁত তেনেই তিলিকা তিলিকা পিলিকা পিলিকা।

ভূত পোৱালী দুটাৰ এটা ক'লা, আনটো বগা। দুয়োটাই টাকুট টাকুট কুট কুট কৈ কথা পাতি আছিল। এটাই যদি কয়, পুট পুট পুট ইটোৱে নাকটো জোকাৰি ধুত্ ধুত্ ধুত্ কৈ নাচিবলৈ ধৰে।
মা এনে ভাল ভূত পোৱালীৰ নাচ-নাচৰ লগে লগে সিহঁতে ফুছ ফুছ ফাছ বুলি গানো গাই থাকে। ইফালে যখিনী হঁতকো সুদাই নেৰে। একে লৰে গৈ এংকোৰ বেংকোৰ কৰি যখিনীৰ চুলিত ধৰি নাচিবলৈ লগাই দিয়ে। চৰখোৱা যখিনীয়ে নাচে ককাল ভাঙি ভাঙি আৰু ভূত পোৱালী দুটাই ঠেং ডাঙি ডাঙি জপিয়াই জপিয়াই নাচি থাকে।

এদিন কুম্পুৰ মাকে তাক কৈছিল- ভূত বোৰে ল'ৰা ধৰি খায়, পুখুৰীলৈ নি ভৰি দুটা ওপৰ কৰি মূৰটো বোকাত হেঁচা মাৰি ধৰে। সপোনৰ ভূত দুটাই কিন্তু কুম্পুৰ ওচৰ চাপিবলৈ সাহেই নকৰিলে। কাৰণ সিতো ভূতলৈ ভয় কৰা ল'ৰা নহয়। ভয় কৰা ল'ৰাক হে ভূতি ধৰি কিলায়। ওলোটাই কুম্পুৱে কৰিলে কি-ভূত দুটাই যখিনীৰ হাতত ধৰি ঘূৰি ফুৰোতেই দুয়োটাৰে দুখন কাণ দিলে মুচৰি। কাণ মোচৰা খাই চিঞৰত তালফাল লগাই ভূত পোৱালী দুটা দৌৰি দৌৰি ক'ৰবাত লুকাল। পিছে লুকাই সাৰে ক'ত? বিচাৰি বিচাৰি কুম্পুৱে পালেগৈ নহয়। দুয়োটাকে ধৰি আনি তাৰ পুতলা থোৱা আলমাৰীটোত ভৰাই থৈ দিলে। যখিনী দুজনীক বিছাৰিবলৈ লওঁতেই মাকৰ মাতত সি সাৰ পাই গ'ল।

কুম্পুৰ কথা শুনি মহা চিন্তা লাগিল মাকৰ। লাগিবইতো। ভূতৰ সপোন দেখি অকণমানি ল'ৰাটোৱে নিশ্চয় বৰ ভয় খাইছে! কিন্তু আমাৰ কুম্পুৰ হ'লে অকনো ভয় লগা নাই। মাকৰ ভয় দূৰ কৰিবলৈ সি ক'লে-

ভয় কৰা ল'ৰাক হে মা
             ভূতে ধৰি কিলায়,
                          মা মোৰ হ'লে ভূতলৈ ভয় নাই।

ঠিকেই কৈছে কুম্পুৱে। ভূত-প্ৰেত, যখিনী-ডাকিনী এইবোৰ চব মিছা। ভয়াতুৰ মানুহবোৰকহে ভূতে পায়।