ভুলৰ কাৰণে মাথো সৃষ্টি বিধাতাৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভুলৰ কাৰণে মাথো সৃষ্টি বিধাতাৰ

বিচলিত হবা জানো নোহোৱাতো তুমি?
ধনৰ দৌলত দেখি ধনেৰে হেতালি খেলি
ধনকে ফুৰিলা চুমি
নিষ্পেষিত অনাহত বেদনাৰ বিৰাত হৰ্ম্য
গঢ়ি তুলি ল'ই
কোন সিটি পথৰ ভিখাৰী, তোমাৰ কাষত,
চিনি পোৱা নাই?
কিবা তাৰ গুপুত ৰহস্য কিনো জানো উদ্ঘাটন
কৰি,
সংসাৰৰ এটি সুৰ এৰি সিটো সুৰে ফুৰিছে
বাগৰি।
বেদনাতে পুলকিত হ'ই বেদনাকে ধৰিছে
সাবটি,
কোনে তাৰ ঘাত-প্ৰতিঘাত বুজে আজি অন্তৰে
আবৰি।
মাথো শত কটাক্ষ চাৱনি সনা তাতো ঘৃণা
বিস্ফোৰণ
হায় মানৱৰো কৰ্কশ হৃদয়, নবই কাৰো ব্যাথা মাথো
কঠুৱা বচন
জহি যাব সংসাৰৰ এটি মাথোঁ লেৰেলা
কুসুম
তাৰ বাবে নুঠে কাৰো হিয়া ভেদি কৰুণ বিননি
এয়েনেকি সৃষ্টিৰ পাতনি?
এয়ে জানো সঁচা?
অনাদৰ অযত্নৰে গঢ়া নেকি দুখীয়াৰ দুখৰ জীৱন
নাই জানো একনিও সুখৰ সংসাৰ।
মহা ভুল মানৱৰ
ভুল কাৰ? বিশ্ব ভুল তুমি, ভুলৰ কাৰণ
সৃষ্টি বিধাতাৰ।।