ব্ৰহ্ম কৰতি

ৱিকিউৎসৰ পৰা
বৰ-কৰতি
ব্ৰহ্ম কৰতি
শ্ৰীকৃষ্ণায় নমঃ

শ্ৰীশ্ৰীধন্বন্তৰয়ে নমঃ।


অনন্ত শয্যাত গোঁসাই শুতি আছিলন্তে। বাজ ভৈলে চাৰিবেদ নিশ্বাস কাড়ন্তে। অথৰ্ব্ববেদৰ অৰণ্য কৰতি কহে। কৰতি মন্ত্ৰ জগততে ৰহে।। শিৱ কৰতি ব্ৰহ্মা কৰতি ৰুদ্ৰ কৰতি সাৰ। কৰতিয়ে চাৰিটা কাটি কৰো পানীধাৰা ওঁকাৰ শৱদে গোঁসাঞি চাড়িলেক ডাক। জপিবাক লৈলা। ওঁকাৰতে যাতো যমদেৱ কৰতি নাম থৈলা।। ওঁকাৰ শৱদে গোঁসাই ছাড়িলেক ডাক। ওঁকাৰ শৱদে বিষ পানী হুই থাক।।*।। ওঁকাৰ শৱদে ব্ৰহ্মা স্ৰজিলেক চাৰিখান বেদ। ব্ৰহ্মাৰ আগত মেলিলো। ওঁকাৰ শৱদে ব্ৰহ্মায়ে দিলা হাত। আপোনাৰ বেদ এৰি পৰৰ বেদ কাটো। ওঁকাৰ শৱদে যত কৰতি আছে। আন কৰতি কাটিবো পাচে। যাহানি কৰতি নাম সব কৰতি কৰো নিৰ্য্যাণ। ওঁকাৰ শৱদে কৰতি জাপো।। ওঁকাৰ শৱদে তাত আন কৰতি মানে যায়। জয় জয় কৰতি।।*।। বান্ধনী। শুনৰে য়াৰ যেন ভূষণী।। দৈত্য কাটো হেলে, দানৱ কাটো হেলে। কুষ্ণান কুমন্ত্ৰ কাটো কৰতি মন্ত্ৰৰ বলে।। উপজিল কৰতি থৰ থৰাই। মূৰ্তি দেখি কৰতিৰ ত্ৰিদশে পলাই।। ব্ৰহ্ম কৰতি ধৰিলো হাতে। ব্যাপ শুনি কুজ্ঞান কুমন্ত্ৰ কাটে। সিদ্ধ গুৰুৰ পাৱ। হুংঙ্কাৰ নাহিবি আমুকাৰ সীমা সঞ্চাৰ।।*।। দানবী মন্ত্ৰেৰে পিশাচ মন্ত্ৰেৰে কুমন্ত্ৰ নাশায় স্বাহা। সৰ্ব্বক নাশায় স্বাহা। স্বাহা ওঁকং সৰ্ব্বগ্ৰাহ নাশায় স্বাহা। জ্বৰবাণ, শৰবাণ, ব্ৰহ্মবাণ, সৰ্ব্ববাণ নাশায় স্বাহা। শৰবাণ যত নাশায় স্বাহা। ধৰণী গাঁঠি ধৰণী মুঠি। ধৰণী যায়। ধৰণী যায়। পানী উঠি।। ধৰণী পাতনাৱে হুতাশন নাশায় স্বাহা। সৰ্ব্বদিশ নাশায় স্বাহা। অস্ত্ৰায় স্বাহা। ধৰণী ধৰণী সুৱৰ্ণৰ কক্ষী, ধৰণী ধৰণী মন্দে আকাশী। জলধাৰা মুখ্যগুৰু সুমৰি। ধৰণী ভাঙ্গে ধৰণী কৰিলো চুৰ। যত বাণ কুজ্ঞান সবাকো কৰো দূৰ।। ওঁ কং স্বাহা স্বাহা স্মৰিলা বেদধৰ। আমুকাৰ অঙ্গ কুজ্ঞান কুমন্ত্ৰ মহা জলজন্তু হৈয়োক নিৰ্য্যাণ। স্বাহা স্বাহা।। পদ্ম আসনত ব্ৰহ্মা বসিয়া আছন্ত। উপজিল কৰতি আদি জলন্তে।। পাখাত পৱন মুখত কাল কৰতি মন্ত্ৰে যেন বিশাল। একচিত্ত্ মনে কৰাত কৰো জাপ্য। হেনয় কোটি দেৱতা বাপ।। ডাকিনী কাটো হেলে যজ্ঞিণী কাটো হেলে। সাতোখান সাগৰ থৰথৰি কাপে কৰতিৰ মন্ত্ৰৰ বলে।। ব্ৰহ্মা কৰতি যি দূৰে যায় কুজ্ঞান কুমন্ত্ৰ ভাগি পলায়। সিদ্ধগুৰু সন্ন্যাসীৰ হুংঙ্কাৰ অস্ত্ৰত পানী ফটিকৰ ধাৰ যা তই গঙ্গাৰ পাৰ। নাহিবি আমুকাৰ ঘৰ বাৰী সীমা।।*।। যি মাৰিলে পঞ্চবাৰ ওভোতা বেদে মই লওঁ তাৰ প্ৰাণ। বাণ লহুকা চন্দ্ৰ হল যে যি মাৰিলে বেদে তাৰ চুলিত ধৰি আন। বাণে কৰো চাউল বাণে কৰো আখৈ অনাদি ধৰ্মৰ আজ্ঞা সৃষ্টিকৰৰ বল যি মাৰিল বাণ। বেদে তাৰ বাৰম্বাৰ ছল ফিৰি আউ। তোৰ চকু কাটি থাজালি শ্ৰীৰামৰ আজ্ঞা লাগ লাগ। যে কামে বোলো কালিকাৰ আজ্ঞায়ে সেই কামে লাগ।।*।। কৰতি কৰতি মহা কৰতি ঠাইতে কাটো, দৈত কাটো দানৱ কাটো কাটো ইহচণ্ড, বিষচণ্ড হাতচণ্ড, বাটচণ্ড, কুচণ্ড, মাতচণ্ড, চৌষষ্টি চুৰচণ্ড কাটি কৰো খণ্ড খণ্ড। ওভোতা পুল শুকালে চৌষষ্ঠি চুৰ শুকাল ভাঙ্গি আছো চাই। চৌষষ্ঠি কুমন্ত্ৰ কুজ্ঞান পানী উঠি যায়। কালকা জন পাচলৈ যাই কালকা জল পাচলৈ যাই। কাজল পৰে কালিযামিৰ ৰাজা চামলা ডৰি, ভিণ্ডিবৰ বাট বতঙ্গা, চৌষষ্টি উঠে ভেউঠে বন্দা; সেহেনত কাবে চতফালনী, ফালা। আদেশ আদেশ, দোহাই ওঁকং স্বাহা চুৰকণ্ড ভাঙ্গা, মুখচণ্ড ভাঙ্গা, ভাঙ্গা চৌষষ্টি গাণ্ঠি ঈশ্বৰৰ আজ্ঞায়ে চৰচণ্ড ভাঙ্গো, কৰিলো নাছি। ভানু শশী ওঁনবে চান্দ দিনে ওঁলোকৰ মেলিলো বাণ, শচী মনস শচী বিকলা আৰু মুকুতাৰ হাৰ। ঈশ্বৰৰ আজ্ঞায়ে চৌষষ্টি চুৰচণ্ড মেলো খাওঁক কাল বিকাল। ওঁকং গিৰি শঙ্কৰ উপজিল জলে। ভাঙ্গিলো ধৰণী কৃষ্ণৰ বলে।। শ্ৰীকণ্ঠ বিষৰ নাম। চৌষষ্টি বিষে বালে পাতালে লুকাম।। হিয়া কৰে মুখে চুৰচণ্ড সংহাৰো, ঔষধ পোতাৰণ মুচাতে মাৰে পাচক লাগি কৰা যেৱে। চৌষষ্টি চুৰচণ্ড শৰহৰা মণ্ডবাণ মুকলি কৰো তেৱে।। ভাঙ্গো ইটা, ভাঙ্গো মাটি, ভাঙ্গো চুৰচণ্ড শৰহৰা বাণৰ গাঁঠি। শিলা, লো পাথৰ ভাঙ্গো। চৌষষ্টি চুৰচণ্ড শৰহৰা ঔষধ পোতা পানীকৃত্য কৰো।। মই কাটো গাঁঠি চুৰচণ্ড হৰ শ্ৰীহৰা বাণ যাই পানী উঠি। মান শঙ্কা থলে শঙ্কা আৰু মুকুতাৰ হাৰ। আমুকাৰ গাৱৰ শৰহৰা মণ্ডবাণ কৰো নিৰ্য্যাণ।।*।। চন্দ্ৰ সূৰ্য্য গোঁসাই দিলে ভাটি। মেলিলো চুৰচণ্ড শৰহৰা বাণৰ গাঁঠি।। বেদ সঞ্চাৰ গাঁঠি। মাজিলো মজিয়া পাৰিলো আলি। মেলিলো চুৰচণ্ড শৰহৰা মন্দবাণ, দেৱ সঞ্চাৰ।। আঠ দিশে মেলিলে কলা। হাত মেলো, বাট মেলো, মেলো আঠ দিশ। ওলটা পালটা হৰচণ্ড শৰহৰা মন্দবাণ দেৱ সঞ্চাৰ যি হানিলো চুৰচণ্ড শৰহৰা মন্দবাণ তাতে গৈ উলটি পৰ। হৰ বিষ হৰ, চৌষষ্টি চুৰচণ্ড শৰহৰা মন্দবাণ পানীকৃত্য হৈ পৰ।।*।। ভাঙ্গো ইটা, ভাঙ্গো পঠা ভাঙ্গো শয়নীৰে সীতা, বেদ চুৰচণ্ড, শৰহৰা মন্দবাণ স্বাহা। মনুষ্যৰ শৰহৰা মন্দবাণ, দন্তচুৰ শৰহৰা বাণ আন্তচুৰ শৰহৰা বাণ মাংসচুৰ শৰহৰা মন্দবাণ, উঠি বান্ধে উঠি মেলো, বহি বান্ধে বহি মেলো, দৃষ্টে বান্ধে দৃষ্টে মেলো। দেৱচুৰচণ্ড শৰহৰা মন্দবাণ দেৱলৈ খেদালো।। মনুষ্যৰ চুৰচণ্ড শৰহৰা মন্দবাণ মনুষ্যলৈ গৈল। গাগৰ চুৰচণ্ড শৰহৰা মন্দবাণ নাগলৈ গৈল।। ঊৰ্ধ্ব চুৰচণ্ড শৰহৰা মন্দবাণ ঊৰ্ধ্বলৈ গৈল। চৌদিশৰ চুৰচণ্ড মন্দ শৰহৰা মণ্ডবাণ চৌদিশে গৈল। গাঁঠি চুৰচণ্ড মুঠি চুৰচণ্ড মেলিলো চৌদিশৰ চুৰচণ্ড শৰহৰা মন্দবাণ চৌদিশলৈ নিকল। হাত মেলো, বাট মেলো, মেলো আঠ কোণা দিশ। ওলোটা পালটা চুৰচণ্ড শৰহৰা মন্দবাণ মেলিলো আৰে কৰিবে কি ভঙ্গ।। চুৰচণ্ড মেলো, বান্ধ চুৰচণ্ড শৰহৰা মন্দবাণ খেদাই আছো চাই। মই দিলো হাত দেৱী লৈলা মাথে।। হৰ বিষ হৰ, দেৱী কালিকাৰ বৰ। অজৰ ভাঙ্গো, উবৰা ভাঙ্গো, আমুকাৰ হাৰি শিকলি। যৈসানিয়ে উপজিল বেদবীৰ শৰহৰা মন্দ সেহী খানি এৰিলে কালি বিষ খাওঁ বিষ ভাঙ্গো বিষ কৰি পানী, হৰ শঙ্কৰ বিষ লাগে, কাপে জালে বিষ ভক্ষো। মই অনাদিৰ বেটা, কানাই কৰিছে কাহিনী। মই আমুকাৰ বিষ চুৰচণ্ড শৰহৰা মন্দবাণ কৰো পানী।।*।। চেঙ্গাচুৰ শৰহৰা মন্দবাণ, খোজ শৰহৰা, মন্দবাণ ধূলি পৰহৰ, মন্দবাণ, শ্ৰীৰামৰ আজ্ঞায়ে জাৰো শৰহৰা মন্দবাণ, সাত শিৰ শৰহৰা মন্দবাণ, পালটা শৰহৰা মন্দবাণ, খোজ শৰহৰা মন্দবাণ, আবুধি শৰহৰা মন্দবাণ কম্পা শৰহৰী মন্দবাণ, জ্বৰ যৱান হহাঁ শৰহৰা মন্দবাণ, শ্ৰীৰামৰ আজ্ঞায়ে জাৰো জাৰো চৌষষ্টি ৰোগব্যাধি চুৰচণ্ড শৰহৰা মন্দবাণ আমুকাৰ পানীকৃত্য কৰি মাৰো।।*।। অৰে অৰে চৌষষ্টি বাণ শৰহৰা ঈশ্বৰৰ আজ্ঞা কৰ।। যি কৰিলে শৰহৰা মন্দবাণ তাৰ গাৱে মায়া নকৰিবি এক ৰাতি ঈশ্বৰ অনাদিৰ হন্তে তেজধাৰা বাজ ভৈলা, চৌষষ্টি শৰহৰা মন্দবাণ চাৰিজন পাৰিষদ গৈলা, ঈশ্বৰৰ শৰ, বিষ্ণুৰ শৰ, ৰুদ্ৰৰ শৰ, ব্ৰহ্মাৰ শৰ, বৈষ্ণৱৰ শৰ, ইন্দ্ৰৰ শৰ, সূৰ্য্যৰ শৰ, চন্দ্ৰ শৰ, জাগি জাগি চাৱে। যাৰ চুৰচণ্ড শৰহৰা মন্দবাণ তাক লাগি যাৱে। হৰ বিষ হৰ, আমুকাৰ বিষ হৰ, আমুকাৰ বিষ পানীকৃত্য কৰো।।*।। তালুৰ শৰহৰা মন্দবাণ তালুৱে খেদো, চক্ষুৱে শৰহৰা চক্ষুৱে খেদো, গল জিহ্বা, দান্ত ওষ্ঠ চুৰ হৰা মন্দবাণ গলে খেদো, হৃদি হস্ত শৰহৰা মন্দবাণ হৃদি খেদো, গুহ্য লিঙ্গ শৰহৰা মন্দবাণ গুহ্যে খেদো, শূন্য শৰহৰা মন্দবাণ শূন্যে খেদো জাৰিলো চৰুচণ্ড শৰহৰা মন্দবাণ বিষ খাই পাতালে পঠাওঁ। নাভি গুহ্যে লৱে বাস, গুৰুৰ আজ্ঞায়ে নচলয় গাৱ। দেৱী-মহাদেৱৰ মাথাত মলচ দুই পাৱ।।*।। ফুল কৰাৰ শৰহৰা মন্দবাণ জাৰো দেৱচুৰ শৰহৰা মনদবাণ, বেলিচুৰ শৰহৰা মন্দবাণ চুচুলিৰ শৰহৰা মন্দবাণ, নাগ ৰূপে গোসাই জাপবাক লৈলা চৌষষ্টি চুৰচণ্ড ৰোগ ব্যাধি শৰহৰা পানীকৃত্য ভৈল।।*।।


ব্ৰহ্ম কৰতি সমাপ্ত