ব্ৰহ্মা আদি কৰি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ব্ৰহ্মা আদি কৰি জীৱ য্ত ৰাম ৰাম ৰাম ৰাম ৰাম
লেখক অজ্ঞাত

<poem> ব্ৰহ্মা আদি কৰি জীৱ য্ত ৰাম ৰাম ৰাম ৰাম ৰাম মায়া শয্যা মাজে আছয় ঘূমতি যাই | তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম আমি অচেতন নিহোক নাথ জগাই || ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কূপে জীৱ আছে পৰি কাল সৰ্পে দংশি হৰিল চেতন তাৰ | মোক্ষ ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতিনিত, দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ || সৰোবৰ গ্ৰাহে ধৰি আছে গজেন্দ্ৰ পীড়াক পায়া পাছে আকাশে গৰুড় স্কন্ধে চক্ৰ ধৰি হৰি | দেখি সুৱৰ্ণৰ পদ্ম ধৰি বোলে দুখে আৰ্ত্তনাদ কৰি নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি ||