বেসায় ভাৰতে হাট, আউৰ বেলি নাটে

ৱিকিউৎসৰ পৰা

ৰাগ॥ আশোৱাৰী ॥ তাল ॥ পৰি॥
ধ্ৰুং॥ বেসায়ো ভাৰতে হাট আউৰ বেলি নাটে।
মিলিবে নিকটে ভয়ো ভৰা দিয়া ঝাণ্টে॥
পদ॥ ভাৰত হাটত আছে অনেক দোকানী।
নিচিনি কিনিলে পুনু মিলিবে বিঘিনি॥
যৈতে তৈতে নাথাকয় হৰি ভক্তি ৰত্ন।
মহন্ত দোকানী ৰাখে কৰি মহা যত্ন॥
সাধু দোকানীৰ সঙ্গে কৰিয়া যতন।
যাৱে বেলা তাৱে লেহু হৰি ভক্তি ৰতন॥
ভাৰত হাটত নৰ নাও পচি যায়।
হুয়া সাৱধান কৃষ্ণ কিঙ্কৰ গায়॥