বেসায়ো ভাৰস্তে হাট

ৱিকিউৎসৰ পৰা
।।ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰুং।। বেসায়ো ভাৰস্তে হাট, আউৰ বেলি নাটে।
চলিলে নিকট ভয়ো ভৰা দিয়ো ঝাণ্টে।।
পদ।। ভাৰত হাটত আছে অনেক দোকানি।
নিচিনি কিনিলে পুনু মিলিবে বিঘিনি।।
যৈতে তৈতে নথাকয় হৰিনাম যত্ন।
মহন্ত দোকানি ৰাখে কৰি মহা ৰত্ন।।
সাধু দোকানিৰ সংগে কৰিয়া যতন।
যাৱে বেলি তাৱে লেহু ৰাম নাম ৰতন।।
ভাৰত হাটত নৰ-নাৱ পচি যায়।
হুয়ো সাৱধান কৃষ্ণকিঙ্কৰ গায়।।