সমললৈ যাওক

বিশ্বখনিকৰ

ৱিকিউৎসৰ পৰা

দেখা নাই যদিস্যাতো আছে ত্ৰিলোকৰ
         নিশ্চয় নিশ্চয় এটি বিশ্বখনিকৰ।
         গ্ৰহ, তৰা, বেলি, জোন,
         আছে আলাসতে পোন,
তেওঁৰেহে কৃপা জৰী টনা টনি কৰি;
         ল'ৰা-তিৰী আই ভাই,
         এই সকলোকে পাই
মৰু জগততো নৰে আছে জীৱ ধৰি।
         তেওঁৰেহে মহিমাৰ
          নাই কোনো ওৰ পাৰ,
একো খিলি পাততো যে আছে কত চিন-
          তেওঁৰেহে নাম লই,
         কেনে যথা-ঠৰ হই,
যত গছনিয়ে বাই যশস্যাৰ বীণ।
         সকলোতে আছে তেওঁ
         কিন্তু নেদেখে কেও,
ওৰণিৰে মুখ ঢাকি থাকে ওচৰত
         সেয়ে খেপিয়ালে হায়!
         পাবলৈকো নাই নাই
অকণকো চিন চাব ধৰা ওপৰত
         সত্ত্বঃ ৰজঃ তমো গুণ
         সকলোতে নিৰগুণ
বোলে হুনু বিশ্ব-গিৰি সেই মহাজন।
         চাওঁ যদি ইপিনেদি
         আহা! কেনে বুকু ভেদি
মৰমেৰে বৰষিছে দয়া বৰষুণ।
         তেৱেঁ কুঁহি-গজালিক
        (পমা, চিচু, পাৰলীক)
         শেহান্তৰে একোজোপা ভয়ংকৰ
         তেৱেঁ এমাডিমা ল'ৰা
          কৰে ডেকা তেজ ধৰা
অংকাৰ বঢ়াবলৈ মাক-বাপেকৰ।
         তেৱেঁ মানী, তেৱেঁ মান,
         তেৱেঁ দানী, তেৱেঁ দান;
তেৱেঁ কাম, তেৱেঁ কৰ্মী, খেতি খেতিয়ক,
         তেৱেঁ জ্ঞানী, তেৱেঁ জ্ঞান,
         তেৱেঁ তীখা, তেৱেঁ শান,
তেৱেঁ ধৰ্ম, তেৱেঁ ধৰ্মী, বুধি-বিধিয়ক।
         তেৱেঁ পানী, তেৱেঁ মাছ;
         তেৱেঁ এক, তেৱেঁ পাঁচ
তেৱেঁ যোগী তপস্বী ও তেৱেঁ বাজীকৰ
         তেৱেঁ ধনী, তেৱেঁ ধন-
         গোমোস্তা ও মহাজন;
তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ
নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।।
         নিশ্চয় নিশ্চয় তেৱেঁ
        (দেখা নায়ো যদি কেৱেঁ)
অন্তৰ্যামী সৰ্বজ্ঞান, বিশ্ব-আত্মা প্ৰাণ
সৰ্ব-ব্যাপী সৰ্ব শক্তিমান।।