সমললৈ যাওক

বালক গোপালে কৰতৰে কেলি

ৱিকিউৎসৰ পৰা
।।ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰং।। বালক গোপালে কৰতৰে কেলি
উচ্চায়া পাঞ্চনী নাচে হাসে গোপ মেলি।।
পদ।। নীল তনু, পীত, পট ধটিলতী লোৰ।
নৱ-ঘন ঘন যৈচে বিজুলী উজোৰ।।
শিৰে শিখণ্ডক দোলে, গলে গজমতি।
কোটি মদন মনমোহন মূৰুতি।।
চৰণে মঞ্জীৰ ঝুৰে, উৰে হেমহাৰু।
শঙ্কৰ কহ ওহি হৰিক বিহৰু।।