বায়ু কৰতি

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
বৰ-কৰতি


শ্ৰীকৃষ্ণায় নমঃ

যৈসানী দেৱ দৈত্য সাগৰ মথিলা তিনিশ তেষষ্টি বায়ু উতপতি ভৈলা।। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ চৰণে জাৰো। তিনিশ তেষষ্টি বায়ুক পানী কৰো।। হৰ বায়ু হৰ, চৌষষ্টি বায়ু পানী উঠি পৰ।।*।। কোন কোন বায়ুৰ কোন কোন নাউ। তিনিশ তেষষ্টি বায়ুৰ আদি জন্মকথা কওঁ।। প্ৰসূতা বায়ু শুনা কাণ পাতি।। প্ৰসূতী তই য়াবি কোন ঠাই। দহ অঙ্গ বান্ধি তোক কৰিবো এক ঠাই।। জাৰিলো প্ৰসূতা বায়ু, আজি মধ্যাহ্ন বেলা। হৰ বায়ু হৰ, মহাদেৱৰ চৰণে চৌষষ্টি বায়ু পানী কৰি মাৰো।।*।। পোড়া বায়ু, কামোৰ বায়ু, জ্বৰ বায়ু, খামোচা বায়ু, হৰ আন্তকৰালি বায়ু, বগৰা বায়ু, কালিকা বায়ু হৰ, হৰ বায়ু হৰ, আমুকাৰ চৌষষ্টি বায়ু পানী হুই পৰ।।*।। জ্বৰা জাত নাই মৰ্জিয়া পেলাই, গৰ্ভ নাভিসম শৰীৰ পোৰে যেৱে। চৌষষ্টি বায়ুৰ আজি জন্মজাতি কওঁ তোৰ আমুকাৰ হৰ বায়ু হৰ মহাদেৱৰ চৰণে পানী উঠি পৰ।।*।। প্ৰিপাত বায়ু, তোৰ কওঁ জন্মজাতি। ত্ৰিদশ বায়ু শুন কাণ পাতি।। হৃদিশূল বায়ু, নাভিশূল বায়ু তোৰ কওঁ জন্ম জাতি শুনা কাণ পাতি। বিঘালি বা বাকলি বায়ু তোৰ জানো জন্ম জাতি। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ বচনে জাৰিলো চৌষষ্টি বায়ু পানী কৰি কৰি মাৰো।। হৰ বায়ু হৰ, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ বচনে চৌষষ্টি বায়ু ধৰি ঘাৰ মুচৰি মুচৰি মাৰো।।*।। বায়ু জাৰো বায়ু ফুঙ্কো বায়ু কৰো পানী। কালকূট কুমন্ত্ৰৰ বাণক কাটি খণ্ড খণ্ড কাটো, অবিচাৰ বাণ কাটো, চুৰবাণ কাটো, চন্দ্ৰবাণ কাটো, অৰ্দ্ধবাণ কাটো, ঊৰ্ধ্ববাণ কাটো, কৰণবাণ কাটো, চক্ষু, কৰ্ণ, ওষ্ঠ, জিহ্বা, সম শৰীৰ বাণ কাটো, ৰামৰ আজ্ঞায়ে কাটো, মহাদেৱৰ আজ্ঞায়ে কাটো, ব্ৰহ্মাৰ আজ্ঞায়ে কাটো, বিষ্ণুৰ আজ্ঞায়ে কাটো, সবাকো লঙ্কাৰ কৰিলো পাৰ। তিনিশ তেষষ্টি বাণ কাটো, গুলই মহাৰাজাৰ বায়ু বাণ কাটো, হৰ বিষ হৰ, কালকূট বায়ু জাৰো পানী হৈ পৰ।।*।। ব্ৰহ্মায়ে বেদ উচ্চাৰণ কৰিলো যৈতে বায়ুৰাজা আসি ঐতে ভৈলন্ত সাক্ষাত। ব্ৰহ্মা বিষ্ণু কিমতে জন্মিল।। ব্ৰহ্মা বোলে দেৱী মই নোহো অধিকাৰী। মহেশত সোধা বায়ু মন্ত্ৰক উচ্চাৰি।। আপুনি সুধিবে গৈয়া নম্ৰভাৱ হুই। কিমতে জন্মিল বায়ু মহেশে কহিবে বায়ুৰাজ সমুদায়।। হেন শুনি দেৱী মহাদেৱৰ পাশে গৈলা। কৰযোৰ কৰি দেৱী সুধিবাক লৈলা।। দেৱী বোলে শুনিয়োক মণ্ডমালা ধাৰী। বায়ু মন্ত্ৰক ব্ৰহ্মা আচন্ত উচ্চাৰি।। দেৱীয়ে সোধে মহাদেৱৰ মুখ চাই। বায়ু মন্ত্ৰ উচ্চাৰি পেলাইলন্ত খায়। ধৰ্মপাল বায়ু, বিলাপাল বায়ু, বীণাপাল বায়ুৰ নাও। গুৰুক সুমৰি সাত প্ৰহৰৰ বাট যাওঁ।। বায়ু মাৰি পানীকৃত্য কৰি থওঁ। যেতিক্ষণে বায়ুমন্ত্ৰ কৰিলা উল্লাস।। চৈধ্য ভুৱন কাম্পে, চৈধ্য ভুৱন কম্পি দেৱগণ ভৈলা মহাত্ৰাস।।*।। প্ৰেত, পিশাচ, উট, ভালুক, হস্তী, নাগ, নাগিনী, সিংহিনী, বাঘিনী, বৰাণী, পক্ষী, পিশাচী, ভাগি পলায়। বায়ুমন্ত্ৰ উচ্চাৰিয়া উলসিয়া মন। বায়ুৰাজা মনে বুলিলা বচন।। অনুষ্ঠান কৰিলেসে বুলিলো বচন। অনুষ্ঠান শুনিয়োক পাত্ৰ বৰ।। ব্ৰহ্মাস্ত্ৰ পাশক সবে যায়োক সত্বৰ। সুধিবে বচন ব্ৰহ্মাৰ পাশে গৈলা।। বায়ুগণ দেখি ব্ৰহ্মা সুধিবাক লৈলা। অনুষ্ঠান বচনক বায়ুমন্ত্ৰ পাইলা। খণ্ড খণ্ড কৰি সবে পেলাইলেক খাই। হৰ বায়ু হৰ, জাৰিলো বায়ু খণ্ড খণ্ড হুই পৰ।।*।। আলচিয়া আকাশত গৌৰীৰাজ ভাই। মাৰিলাহা গৌৰী পাচে পথতে লগ পাই। গৌৰী বোলে শুনা মোৰ পঞ্চভাই। সকাল বিষক মনে চিনিবিহি তই।। এহি বুলি পাচে গৌৰী পথে চলি গৈলা। হাজাৰেক বিষক পথতে লাগ পাইলা। বিষ বহ্নি বায়ুসমে পেলাই সেই ঠাই। সকলো বিষক মানে পেলাইলাহা খাই।। ব্ৰহ্মাৰ বচনে সবে বিষক খাইলা। সমস্তে বায়ুক পাচে তহিতে লাগ লৈলা।। তেতিক্ষণে গৈয়া বায়ুক লাগ পাইলা। বায়ু মন্ত্ৰ উচ্চাৰিয়া সবাকে খাইলা।। হৰ বিষ হৰ জাৰিলো বায়ু, পানী উঠি পৰ।।*।। আকাশত দেৱে পাইতুলি লৈলা। বায়ু মন্ত্ৰক সবাত প্ৰচাৰ কৰিলা। অৰ্দ্ধবায়ু, ঊৰ্ধ্ববায়ু, কামবায়ু, নাসিকা, মাৰিলা। অৰ্দ্ধবায়ু, ঊৰ্ধ্ববায়ু, মাৰিবে লাগিলা। হাতত তুলিয়া লৈলেক বাণ। সমস্তে বায়ুক পাচে কৰিলা নিৰ্যাণ। থানে থানে দেৱগণ পলাইবাক লৈলা। অৰ্দ্ধ মন্ত্ৰক ব্ৰহ্মা উচ্চাৰণ কৰি থৈলা। বায়ু মন্ত্ৰক মই উচ্চাৰণ কৰো। চৌষষ্টি বায়ু মাৰি পানীকৃত্য কৰো।। মহাদেৱৰ চৰণে পশিয়া শৰণ।। হেন বায়ুমন্ত্ৰ মই কৰো উচ্চাৰণ।। বায়ু বোলে এবে মই কৈলাসক যাওঁ, বায়ু বিষ বহ্নি প্ৰেত, পিশাচ, হৰা মন্দকৰা কুমন্ত্ৰ গাঁঠি চুৰচণ্ড ৰোগ ব্যাধি বিচাৰিয়া চাওঁ। পাচে কৈলাসক লাগি গৈলা। কৈলাস সহিতে পাচে কম্পিবাক লৈলা।। মহাদেৱে দেখে বায়ু ভৈলা উপস্থিতি। আগবাঢ়ি বায়ুমন্ত্ৰ, কৰন্ত কাকূতি।। সেহি সময়তে দেৱী আসি ভৈলা। সকলে বায়ুক দেৱী তহিতে দেখিলা।। অৰ্দ্ধঃবায়ু, ঊৰ্ধ্ববায়ু, কামবায়ু, কামোৰাবায়ু, শিলাবায়ু, ৰখাবয়ু সঙ্গিনী বায়ুক মই জাৰিবাক লৈলো।। বায়ুক মাৰি অনেক ৰাক্ষসে আছিলেক ৰক্ষা কৰি। বাল্মীকি ৰাখিলা পায় সেই সময়ত।। সীতাৰ গৰ্ভত দুই পুত্ৰ ভৈলা জাত।। বাল্মীকি ৰাখিলা দুইকো মহা যত্ন কৰি। ঋষি শিশুগণ সমে ফুৰে ক্ৰীড়া কৰি।। পঢ়াইলন্ত ঋষি পাচে অনেক শাস্ত্ৰক। উচ্চাৰিল দুইজনে বায়ুৰ মন্ত্ৰক। বিচাৰিয়া চাওঁ, পাচে বায়ু কৈলাসক লাগি গৈলা। অৰ্দ্ধবায়ু, ঊৰ্ধ্বূবায়ু অল্পবায়ু, খণ়্বায়ু, আকাশীবায়ু, পিবতাবায়ু, পাতালী বায়ু, ৰসবায়ু, খণ্ডবায়ু, হামি বায়ু, চৌষষ্টি বায়ুক বায়ু মন্ত্ৰে লাগ পাই। সবাকো ধৰিয়া আনি পেলাইলেক খাই।। বসবাসীৰ বায়ু মাৰিয়া যেবে লৈলো।। হৰ বায়ু যেবে মাৰিবাক লৈলো।। মাৰোহো সবাকো মই আকাশে গই। জাৰিলো বায়ুক ৰাখোতা কেহো নাই। হৰ বায়ু হৰ, আকাশে হৰ, বায়ুমন্ত্ৰে বায়ু জাৰো পানী উঠি পৰ। হৰ হৰ চৌষষ্টি বায়ু হৰ জাৰিলো বায়ু পানী উঠি পৰ।।*।। আকাশত বায়ুমন্ত্ৰ উচ্চাৰিয়া থৈলো। চৌষষ্টি বায়ুক যেবে খেদিয়া গৈলো।। বায়ুমন্ত্ৰে বায়ু পাই মাৰিবাক লৈলা। দেখি ব্ৰ্হ্মাদেৱে বায়ুমন্ত্ৰ নাম থৈলা।। অন্তবায়ু মাৰো, দান্তবায়ু মাৰো, নাভিবায়ু মাৰো, কৰ্ণবায়ু মাৰো, শিৰবায়ু মাৰো, শিহৰা বায়ু মাৰো, চুবায়ু মাৰো, চন্দ্ৰবায়ু মাৰো, খৰবায়ু মাৰো, পিতবায়ু মাৰো, অন্তবায়ু মাৰো, সমস্তবায়ু মাৰো, ধৰ্মপাল বায়ু মাৰো, বিষবহ্নি বায়ু মাৰো, দেববহ্নি বায়ু মাৰো, ব্ৰহ্মাৰ চক্ৰ হানি মই বায়ুক মাৰিবে লৈলো। এতেকতে বায়ুমন্ত্ৰ উচ্চাৰণ কৈলো, হৰ বায়ু হৰ, মোৰ হাতে চৌষষ্টি বায়ু হৰ জাৰিলো বায়ু পানী উঠি পৰ।।*।। দেৱৰাজা আছিলা গৰ্ভত, চৌষষ্টি বায়ু মাৰি কৰিলো নিৰ্যাণ। পাচে বায়ুমন্ত্ৰ দেখি মহাৰঙ্গ ভৈলা। সপত সাগৰ পাৰ শুষিবাক লৈলা।। সকল বায়ুক শুষি নিবাৰণ কৈলা। কামবায়ু,হিয়াবায়ু, শোপাবায়ু, অৰ্দ্ধ-ঊৰ্ধ্ব বায়ু, বাসাবায়ু, ক্ৰিয়াবায়ু, পোড়াবায়ু, উভণ্ডাবায়ু, বসুমতী বায়ু, চৌষষ্টি বায়ু, ধৰ্মৰ আজ্ঞাপালি বায়ু মাৰিবাক লৈলা, চৌষষ্টি বায়ু দূৰ কৰি জাৰিলো, বায়ু পানী উঠি পৰ।।*।। ব্ৰহ্মায়ে আচান্ত কৰি আছিলা। সাতবাৰ সাতক পৰীক্ষা কৰাইলা।। সেহিবেলা ব্ৰহ্মায়ে বায়ুক উচ্চাৰিলা, বায়ুক দেখিয়া ব্ৰহ্মা ৰঙ্গ ভৈলা। আগবাঢ়ি বায়ু ৰাজাক মাতিবাক লৈলা। বায়ু আসি ব্ৰহ্মাৰ আগত মিলিলা।। ব্ৰহ্মা বোলে পালো সেই সময়ত। সবে মাৰিলো নপশোক আমুকাৰ গাত।। উচ্চাৰণ কৰো বায়ুমন্ত্ৰে চালিলেক গাৱ।। বিষবহ্নি বায়ুক মাৰি কৰিলো নিৰ্য্যাণ। লঙ্কাৰি বায়ু, হৰমি বায়ু, চৌষষ্টি বায়ু কৰি আছো বল বায়ুমন্ত্ৰ জাৰি সবে কৰিবো নিৰ্য্যাণ। হৰ বায়ু হৰ জাৰিলো চৌষষ্টি বায়ু পানী উঠি মৰ।।*।। ব্ৰহ্মা বোলে শুনিয়োক যত দেৱগণ। সৃষ্টি কৰিবাক লাগি হুই আছে মন।। এতেকতে ব্ৰহ্মামন্ত্ৰ ৰাজা মনৰঙ্গ ভৈল। সত্বৰে আজ্ঞা কৰি সৃষ্টি কৰিবাক দিল।। ব্ৰহ্মাৰ বচনে সবে শিৰোগত কৰি। সৃষ্টিৰ মধ্যত পাচে গৈলেক লৱৰি।। সৃষ্টিক যে প্ৰসন্ন ভৈলা। প্ৰেত পিশাচগণ স্ৰজিবাক লৈলা।। স্ৰজিলা সমস্তে প্ৰেত পিশাচগণে। বায়ুক যে স্ৰজিলা অনাদি ঈশ্বৰে যেতিক্ষণে।। মনে বায়ু মন্ত্ৰক সুমৰিলা। অনাদি ঈশ্বৰ বায়ু দিলা। ব্ৰহ্মাদেৱে বোলে সবে মোৰ বোল ধৰা। চৌষষ্টি দিনক আদি কৰি সৃষ্টি কৰা।।বহ্নি বায়ু, প্ৰসূতা বায়ু সবেও ভৈলা তেতিক্ষণে। উঠি বায়ু মন্ত্ৰক ধৰিল, অৰ্দ্ধবায়ু, ঊৰ্ধ্ববায়ু, কামবায়ু পানী উঠি পৰ।।*।। মোৰ হাতে যাক তুলি লৈলা বঙ্কুবায়ুক মাৰিলো লাগ পায়, অৰ্দ্ধক লাগিয়া যাৰ মন্ত্ৰ চলি গৈলা, অৰ্দ্ধৰ বায়ুক সবে মাৰিবাক লৈলা।। মুখ হন্তে হৃদিকম্প সমস্ত গাৱত। মাৰিলো সমস্তে নাই আমুকাৰ গাত।। হৰ বায়ু হৰ, ইবাৰ আমুকাৰ প্ৰাণপিণ্ড ৰক্ষা কৰ।।*।। তুমি থাকা বায়ু শিৰত গাৱত চৰি। মই আহো গুৰুসেৱা কৰি।। হৰ বায়ু হৰ, জাৰিলো বায়ু পানী উঠি পৰ।।*।। ৰামচন্দ্ৰে দেখে হনুমন্ত বদ্ধ গৈলা। দেখি ৰামচন্দ্ৰ অমৃত হাতে পৰশিলা।। ৰামৰ হাতে হনুমন্ত বীৰ উঠিলা।। উঠি হনুমন্তে ৰামৰ চৰণ পৰশিলা। যেতিক্ষণে ৰামদেৱে হাতে পৰশিলা।। স্তুতি নতি কৰি ৰামৰ আগে ৰহিলা। দেখি ৰামদেৱে হনুমানক বৰ দিলা। মোৰ বৰে হোৱা অজৰ অমৰ।। যেতিক্ষণে হনুমন্তক বৰ দিলা। পৃথিৱীক লাগি হনুমন্ত চলি গৈলা।। বিপুল হাতে ধৰিলোহো মই ফুলবাণ। মাৰোহো বায়ুক সবে কৰোহো নিৰ্য্যাণ।। পৃথিৱীৰ মধ্যে আছে বায়ু মন্ত্ৰ বাণ। আগ বাঢ়ি হনুমন্তে বুলিলা বচন।। বায়ুমন্ত্ৰ মাতে হনুমন্তৰ মুখ চায়। বায়ুৰ নিমিত্তে ব্ৰহ্মাদিক পঠাইলন্ত।। যত বায়ু আছে মানে পৃথিৱী মধ্যত। বান্ধি আনি দিয়ো সবো আমাৰ হাতত। হনুমন্তে মাতে বা মন্ত্ৰ মুখ চাই। নাম হনুমন্ত মই বায়ুৰ তনয়।। শুনি বায়ু মনে মহাক্ৰোধে কৈল। মহাবীৰ হনুমন্তক বান্ধি ব্ৰহ্মা নাগপাশে বান্ধিলা হাঙ্কাৰি। পৃথিৱীৰ বায়ু সব থৈলা বন্দী কৰি।। হৰ বায়ু হৰ, মোৰ হাতে হৰ জাৰিলো বায়ু পানী উঠি মৰ।।*।। হনুমন্তে বোলে মন্ত্ৰ শুনিলেক। নাগপাশে মোক বান্ধিলাহা কি কাৰণ।। হেন শুনি বায়ু মন্ত্ৰ মহাক্ৰোধ ভৈলা। আগবাঢ়ি হনুমন্তক মাতিবাক লৈলা।। বায়ুমন্ত্ৰ বোলে শুন বায়ুৰ নন্দন। তোৰ গৰ্ভে আছে বায়ু এতিক্ষণ।। আমাৰ হাতত দিয়োক বাজ কৰি। তোমাৰ আগত মই বুঞ্জো পেট ভৰি। শুনি হনুমন্তৰ যে মহাভয় ভৈলা। তেতিক্ষণে সবে বায়ু বাজ কৰি দিলা।। অৰ্দ্ধবায়ু, ঊৰ্ধ্ববায়ু, কামবায়ু, কামোৰাবায়ু, বঙ্কবায়ু, ধোৱাবায়ু, নাসিকাবায়ু, অঙ্কবায়ু, নৃপতিবায়ু, নাভাবায়ু, কূৰ্মবায়ু, কাচোবায়ু, গুল্মবায়ু, পিতবায়ু,নানাবায়ু, নিৰোধবায়ু, মূৰ্চিতবায়ু, শোষকবায়ু, পম্পবায়ু, হনুমন্তীবায়ু, ওলোটাবায়ু, উঠিবায়ু, খামোচাবায়ু, সকোবায়ু, তৈতে কৰি আছে বায়ু, বায়ু মন্ত্ৰ জুৰি আছে কৰোহো বিনাশ।। হৰ বায়ু হৰ জাৰিলো চৌষষ্টি বায়ু পানী উঠি পৰ।।*।। গোসাঞিৰ বচনে বায়ু যে আসিলেক, চৌষষ্টি বায়ুক মাৰি খাই পেলাইলেক।। সকলো বিষক বায়ু মন্ত্ৰে মাৰি থৈলা। অৰ্দ্ধবিষ, ঊৰ্ধ্ববিষ, কামবিষ, ৰাসলাবিষ, জনবিষ, মনবিষ, কবন্ধবিষ, পোৰাবিষ, হৰাকৰা বিষ, মন্দকৰা বিষ, গুৰুৰ আজ্ঞা শিৰত ধৰি, জাৰিবাক লৈলা। চৌষষ্টি বিষক মাৰি পান কৰি থৈলা।। হৰ বিষ, ৰামৰ আজ্ঞায়ে হৰ, বায়ু বিষপানী উঠি মাৰিবাক লৈলা। বায়ু মন্ত্ৰক ডৰে বিষ দূৰক পলাইলা।। হৰিবিষ, খৰবিষ, আন্তবিষ, দান্তবিষ, চণ্ডবিষ, ওৰবিষ, আঙ্কবিষ, জাঙ্কবিষ, শিৰবিষ, কপালবিষ, চক্ষুবিষ, নাসিকাবিষ, কৰ্ণবিষ, মুখবিষ, হৃদিবিষ, গণ্ডবিষ, নাভিবিষ, গুহ্যবিষ, জাঙ্গবিষ, গ্ৰন্থিবিষ, আঁঠুবিষ, গুলফবিষ, পোৰাবিষ, ওলৰাবিষ, হস্তবিষ, পাৱবিষ, চৌষষ্টি বিষ বায়ু মন্ত্ৰে লাগ পাই। সমস্তে বিষ ধৰি পেলাইলেক খায়।। ভয় পাই কম্পিবাক লৈলা সবে বিষ। পলাইলা সমস্তে বিষ গৈলা দশোদিশ।। গুৰুৰ আজ্ঞাক মই শিৰত যে ধৰি কুমন্ত্ৰ বিষগণ মাৰো উচ্চ কৰি।। সমস্তে বিষক ধৰি মাৰিবা যে গৈলা। বায়ু মন্ত্ৰে ব্যাধি সব বিচাৰিবে লৈলা।। যত যত ব্যাধি সবে গাত ধৰি আছে। কালধৰ্ম্ম বায়ুমন্ত্ৰে মাৰিলেক পাচে।। ধৰ্ম্ম আজ্ঞা পালি বায়ু মাৰিবাক লৈলো। পোৰা বায়ু মাৰি বিষ, পানী কৰি থৈলো। হৰ বায়ু হৰ বায়ু মন্ত্ৰে বিষ মাৰে পানী উঠি পৰ।।*।।


বায়ু কৰতি সমাপ্ত