বামুণ আৰু বামুণী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বামুণ আৰু বামুণী
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
ককাদেউতা আৰু নাতিল’ৰা গ্ৰন্থৰ দশম সাধু


আজি নাতিয়েকে ককাকৰ পিঠিত ওলমি পৰি ককাকক মাতিছে হে মাতিছে, ককাকে নামাতে৷ ককাকৰ খং৷

নাতি৷-“ককাদেউতা, মোক নামাতা নো কিয়?মইনো কি জগৰ লগালো?”

ককা৷-“বৰ জগৰ লগাইছ; সেইদেখি নামাতো৷”

নাতি৷-“কি জগৰ লগালো কোৱাচোন? মোৰ দেখোন মনত নপৰে৷”

ককা৷-“আজি গধূলি তই দেউতাৰৰ আগত মিছা কথা কৈছিলি কিয়?”

নাতি৷-“কি মিছা কথা?”

ককা৷-“দেউতাৰে যেতিয়া সুধিছিল, তই আজি দুপৰীয়া বৰষুণ জাকত বাহিৰলৈ ওলাই তিতিছিলি নে নাই, তই কলি ‘নাই ওলোৱা, নাই তিতা৷’ তোৰ মাৰে দেখোন মোক কৈছে, বোলে তই তুলাপাতৰ নাও সাজি বৰষুণৰ ডোঙা বন্ধা পানীত উটাই দি, পানীত খেদ্‌খেদাই আছিলি?”

নাতি৷-“দেউতাই শুনিলে মাৰিব বুলি ভয়ত তেনেকৈ কৈছিলো; আৰু নকওঁ৷”

ককা৷-“নকবি বুলি মনতে সৈ কাঢ়৷ ভয়তে হওক বা ধেমালিতে হওক কোনোকালে মিছা কথা কব নাপায়৷ মিছাৰ সমান পাপ নাই৷ সঁচাৰ সমান পুন্য নাই৷ আজিৰপৰা মোৰ কুটুম, তই কেতিয়াও মিছা কথা নকবি৷ বাৰু নকওঁ বুলি সৈ কাঢ়িছ যেতিয়া মোৰ খং মাৰ গ’ল৷ আহ এতিয়া সাধু কওঁ,”----

                                      

একালত এখন দেশত এজন বৰ দুখীয়া বামুণ আছিল৷ বামুণে ধন-বিত ঘটি বামুণীক আনি দিব নোৱাৰে দেখি বামুণীয়ে বামুণক নিতৌ টান কথাৰে কৰচি থাকে৷ এদিন বামুণীয়ে বামুণক ক’লে, “আমাৰ ৰজাৰ ঘৰলৈকে যোৱাঁচোন; দেশৰ অতবোৰ বামুণে গৈ চোলোখ মাতি ৰজাক আৰ্শীব্বাদ কৰি পইচা আনিব লাগিছে, তুমি হে নোৱাৰাঁ? তুমিনো গৈ সঁচাই মিছাই চোলোখ এটা মাতি এজোলোকা আৰ্শীব্বাদ দি পাই-পইচা গোটাচেৰেক আনিব নোৱাৰা নে?” বামুণীৰ কথা শুনি বামুণে ক’লে, “তইতো মুখেৰে কব পাৰ, কিন্তু লুইতেহে জানে বঠাৰ কোব কিমানলৈ বহে৷ মই যে ধূই পানী এটোপা খাবলৈকো আৰ্শীব্বাদ এঘাৰ নাজানো আৰু শ্লোক এটাও নাজানো, সেইটো তোৰ ভূ আছে নে নাই?” বামুণৰ এই কথা শুনি ঘৈণীয়েকে খঙেৰে ক’লে, “যোৱা দেও হে, তুমি নো তেনেহ’লে কিহৰ মতাটো? আৰ্শীব্বাদ একাষাৰ দিবও নাজানা, চোলোখ এটাও মাতিব নাজানা, মিছাতে বামুণ জনম পালা৷বোলোঁ, মই কৈছোঁ তুমি যোৱাঁ ৰজাৰ ঘৰলৈ; যাওঁতে বাটত যিহকে দেখা তাকেই সঁচাই মিছাই চোলোখৰ নিচিনা কৰি সাজি ৰজাৰ আগত সৰসৰ কৰে মাতি দিবা কোনে নো ধৰিব?”

বামুণে বামুণীৰ কথাকে সাৰোগত কৰি লৈ “বাৰু যাম” বুলি ক’লত, বামুণীয়ে গা-পা ধুই ৰান্ধি-বাঢ়ি ভালকৈ বামুণক এসাজ খুৱাই ৰজাৰ ঘৰলৈ পঠিয়াই দিলে৷

বামুণ ওলাই গৈ বাটৰ কেউফালে চাই-চিতি যাওঁতে,প্ৰথমতে এটা এন্দুৰক মাটি খানি থকা দেখি সেই কথাকে শ্লোকৰ নিচিনাকৈ সাজিবলৈ মন কৰি “খুচুৰ-খুচুৰ মাটি খোচোৰা:” বুলি মনতে সাজি থলে৷তাৰ পিছত তেওঁ অলপমান গৈ,এটা মানুহে শাকনি-বাৰীত সোমাই শাক নিৰাই থকা দেখি সেইটো কথাও মনতে ইদৰে শ্লোক কৰিলে,- “কুচুটি-মুচুটি বহি কিং কৰা:”৷ তাৰ পিছত অলপমান গৈ বামুণে দেখিলে যে এটা বলদ গৰু সেই ফাললৈকে আহিছে; তাৰ পিঠিত এটা বগলী উঠি আছে আৰু বগলীটোৱে দূৰৰপৰা বামুণক ডিঙি মেলি মেলি চাইছে৷ ইয়াকে দেখি বামুণে আগৰ দৰেই আৰু দুফাকি শ্লোক ৰচনা কৰিলে,- “এখুজি দুখুজিকে কলৈ যোৱা:৷ডিঙি মেলিং মেলিং কালৈ চোৱা:৷৷” ইয়াৰ পিছত অলপ বাট গৈ বামুণে এজোপা লাওগছত ফুল ফুলি থকা দেখি আৰু এফাকি শ্লোক সাজিলে,-“লাও ফুলং ফুলা:৷” ইয়াৰ অলপপৰৰ পিছত ৰাজসভাৰ ওচৰাওচৰি হওঁতেই বামুণে তেওঁৰ ওচৰচুবুৰীয়া চিনাকি পেটগাধৰি নামৰ বামুণক দেখি আৰু এচৰণ শ্লোক সাজিলে-“পেট গাধৰি বাপু কলৈ যোৱা:৷”

কিছু পৰৰ মূৰত বামুণ ৰাজসভাত ওলালগৈ, আৰু ৰজাক দেখি তলত দিয়া “শ্লোকটো” মাতি তেওঁ “মহাৰাজৰ কুশল হওক”বুলি আৰ্শীব্বাদ কৰিলে,-

“খুচুৰ-মুচুৰ মাটি খোচৰা:৷

কুচুটি-মুচুটি বহি কিং কৰা:৷

এখুজি দুখুজিকৈ ক’লৈ যোৱা:৷

ডিঙি মেলিং মেলিং কালৈ চোৱা:৷৷

লাও ফুলং ফুলা:৷

পেট-গাধৰি বাপু ক’লৈ যোৱা:৷৷”

ৰজাই এই “শ্লোক”টো শুনি বিস্ময় মানি বামুণক তাৰ অৰ্থ ভাঙিবলৈ ক’লত বামুণে, কাটে মাৰে যি কৰে কৰক বুলি ভয়ত কঁপি কঁপি, আদিৰেপৰা অন্তলৈকে সকলো কথা ৰজাৰ আগত ভাঙি ক’লে৷ বামুণৰ কথা শুনি ৰজাই বামুণক হোজা দেখি তেওঁলৈ মৰম লাগি এচৰু ৰূপ আৰু এচৰু সোণ তেওঁক দি পঠিয়াই দিলে৷ ৰজাই বামুণক ৰূপ-চৰু আৰু সোণ-চৰু দিওঁতে পেট-গাধৰি বাপুও ৰজাৰ সভাতে থাকি সেইটো দেখি আছিল৷

বামুণে সোণ-ৰূপ দুচৰু কৈ ঘৰলৈ উভতি আহি মিচিক্‌কৰে হাঁহি বামুণীৰ আগত বাকি দিলে৷ বামুণীয়ে ইমানবোৰ সোণ-ৰূপ দেখি আনন্দত উত্ৰাৱল হৈ গিৰিয়েকক সুধিলে,- “কোৱাঁচোন কোঁৱা, তুমি নো ক’ত ইমানবোৰ সোণ-ৰূপ পালা?” বামুণে নিজক গধুৰ কৰি মিচিকীয়াই গহীনকৈ ঘৈণীয়েকক ক’লে,-“এতিয়া যাচোন যা, ৰন্ধা-বঢ়া কৰগৈ৷জিৰাই-শঁতাই খাই-বৈ লওঁ,তাৰ পিছত শোওঁতে শোৱাপাটীত ক’ম৷” এই কথা শুনি বামুণীয়ে আনন্দটো মনৰ চুঙাত হেঁচা মাৰি সুমাই সোপা দি থৈ সোণ-ৰূপবোৰ বুটলি, সামৰি-সুতৰি ভালকৈ থৈ দিলে আৰু তেতিয়াই ততাতৈয়াকৈ গা ধুই এগাল ৰান্ধিলেগৈ৷

ভাত-পানী খাই উঠি বামুণ বামুনীয়ে শোৱাপাটীত উঠলতে, বামুণীয়ে গিৰিয়েকক সেই সোণ-ৰূপৰ কথা সুধিলত গিৰিয়েকে কবলৈ ধৰিলে৷

ইফালে বামুণ-বামুণীৰ ওচৰ-চুবুৰীয়া কিৰ্পিণ যক্ষ পেট-গাধৰি নামৰ বামুণজনে, দুখীয়া বামুণটোৱে একেদিনৰ ভিতৰতে ইমানবোৰ সোণ-ৰূপ পোৱা দেখি তাৰ শ্ৰী সহিব নোৱাৰি, সেইবোৰ চুৰ কৰি নিবৰ মনেৰে বামুণৰ শোৱনি-ঘৰৰ পিৰালিত বহি লাহে লাহে সিন্ধি খানিবলৈ ধৰিছে৷ বামুণে ঘৈণীয়েকৰ আগত, প্ৰথমতে তেওঁ ৰজাৰ আগত কি শ্লোকফাকি মাতিছিল ক’লে,-

“খুচুৰ-মুচুৰ মাটি খোচৰা:৷”

চোৰে সিন্ধি খানি থাকোঁতেই এই কথা শুনি ভাবিলে যে গিৰিহঁতে এই কথাই তাকহে কৈছে৷ ইয়াকে সি ভাবি সিন্ধি খানিবলৈ এৰি, পিৰালিত কুঁচি-মুচি বহিল৷ সিফালে বামুনেও ৰজাৰ আগত কোৱা দ্বিতীয়ফাকি “শ্লোক” ঘৈণীয়েকৰ আগত মাতিলে,-“কুচুটি মুচুটি বহি কিং কৰা:৷” এই কথা চোৰৰ কাণত পৰিলতে সি ভাবিলে, তাক সেইদৰে বহা দেখিহে গিৰিহঁতে এই কথা কৈছে৷ সেইদেখি সি তাৰ পৰা উঠি এখুজি-দুখুজিকৈ যাবলৈ ধৰিলে৷ ইফালে বামুণে ঘৈণীয়েকৰ আগত তৃতীয়ফাঁকি “শ্লোক” মাতিলে,-“এখুজি দুখুজিকৈ কলৈ যোৱা:৷” এইবাৰ চোৰৰ কাণত এই আষাৰ পৰিলতে সি ভাবিলে “মই ধৰা পৰিলোঁ৷” গিৰিহঁতে তাক ধৰিবলৈ আহিছে যেন ভাবি সি ডিঙি মেলি চাওঁতেই শুনিলে,-“ডিঙি মেলিং মেলিং কালৈ চোঁৱা:?” এই আষাৰ কথাও গিৰিহঁতে চোৰকে কৈছে যেন ভাবি, লুকাবৰ মনেৰে চোৰ ওচৰেৰে এজোপা লাওগছৰ মাজত সোমালগৈ৷ ইপিনে বামুণে পঞ্চম আৰু ষষ্ঠফাকি “শ্লোক” মাতি ঘৈণীয়েকক শুনালে,-“লাও ফুলং ফুলা:৷” “পেটগাধৰি বাপু ক’লৈ যোৱাঁ:৷” পেট-গাধৰি বামুণ চোৰে সেই কথা শুনি তাৰ আচল মানে বুজিব নোৱাৰি, ধৰা পৰিলোঁ বুলি ভাবি, লাওৰ মাজৰপৰা ওলাই চোতাললৈ আহি বামুণক মাত লগালে,-“যি হ’ল হ’ল, এই কথা আৰু কাৰো আগত নকবি বোপাই৷” বাহিৰত পেট-গাধৰিৰ মাত শুনি গিৰিয়েকে ওলাই আহি তাৰ হাত দুখনত ধৰি পেলালে৷ বামুণীয়ে চোৰক ক’লে, “যদি কাকো কব নেলাগে, তেন্তে তোমাৰ ঘৰৰ লোটা, বাটি, কাঁহী, কলহ, বয়বস্তুবোৰ আমাক দিঁয়া৷” পেট-গাধৰিয়ে এই কথাটো উলিয়ালে তাৰ সৰ্ব্বনাশ হব জানি গোসাঁইৰ শপত খাই ক’লে যে, কাইলৈ পুৱাই সি তাৰ বয়বস্তুবোৰ বামুণ বামুণীক আনি দি যাবহি, সিহঁতে যেন সেই কথা কাৰো আগত নুলিয়ায়৷ এই কথাত বামুণ বামুণী মান্তি হৈ পেট-গাধৰিক এৰি দিলে৷

পিছদিনা পেট-গাধৰিয়ে তাৰ বয়বস্তু সোপাকে আনি বামুণ-বামুণীক দিলে; আৰু তাৰ পিছত দুয়ো চহকী হৈ মহাসুখে খাই-বৈ থাকিল৷