বনত ফুলা বসন্তৰ নেদেখা
অৱয়ব
বনত ফুলা বসন্তৰ নেদেখা ফুলে
অকলে বোৱা নিজৰাটিৰ
বন জীৱনত
আমোলমোলালে৷
সেই সুৰভি অকলে ফুৰে
বন জোনাকীৰ মনটো হৰি
মনে মনে ঘূৰে
ফেনতোলা সৌ নিজৰাৰ
বনত কন্দা বাৰিষাৰ
বুকু জুৰালে
বনে বনে মনে মনে আমোলমোলালে৷৷