ফুলিবলে’ পোৱা হ’লে !

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

<poem> (মৰমৰ ভাই অৰুণৰ মৃত্যুত)

             (১)

সংসাৰৰ বিচিত্ৰ মহিমা

       কেনেকৈনো বুজোঁ বাৰু !

মৰমৰ ভাই তোক সিদিনাহে দেখা,

পুনু কাহানিকে’ তোক লগ পাম বুলি

      নৌ ভাবোঁতেই

দুয়োৰে মাজতে আঁকি দিলে বিধাতাই

নেপাবলৈ দেখা তোৰ মৰমৰ মুখখনি

নিদাৰুণ হিয়াভগা মৰণৰ ঘোৰ ক’লা ৰেখা,

এই জীৱনত আৰু ক’ত পাম দেখা !!

  জীৱনত মাধুৰী বিলাই
  অন্তৰত মৰম সুমাই

গঢ়িছিল সুশোভন ভ্ৰাতৃ-প্ৰণয় মন্দিৰ

স্নেহৰ মহীৰে তাত অলঙ্কাৰ লিখা

      গুচি গ’ল কিয় বাৰু ?

দিগন্তৰ পোহৰৰ স’তে মিলিবলে’

      ৰাখি ই কৰুণ স্মৃতি,

আৰু মাথোঁ অৰুণ নামটি তোৰ

                অন্তৰত মোৰ,

উজ্জ্বল দীপিতিমান

মৰম ভাষাৰে পূৰ

      শুভ্ৰ পুণ্যলিখা

ভাই তোক সিদিনাহে দেখা

হলি মোৰ ! বিধাতাৰ কিনো ভাগ্যলিখা ৷

প্ৰাণত জ্বলিছে বন্ধু ! অসহনি ব্যথা মোৰ

      সহোঁ কেনেকৈ মই, সহোঁ কেনেকৈ ?

চকুত উপচি মোৰ পৰিছে শতধা লো

      ৰাখোঁ কেনেকৈ মই, ৰাখোঁ কেনেকৈ ?

মনত গুমৰি মোৰ উঠিছে কৰুণ স্মৃতি

      হিয়াত কৰিছে শোকে তাণ্ডৱ নৰ্ত্তন,

তোৰ ছবিয়ে মোৰ কল্পনা কৰিছে ৰুদ্ধ

      ধুঁৱলি-কুঁৱলি দেখোঁ গোটেই ভুৱন ৷

মনে মনে থাকিলে উচুপি

      শোকেই গ’লে ডেইপুৰি
      তোক আৰু নাপাওঁ ঘূৰাই,

এই কথাকে মই নুবুজোঁ দেখোন ঐ

      কোনে বাৰু দিবনো বুজাই ?

দেখিছনে তই বাৰু কেনেকৈ মই

      বহি আছোঁ উৰুঙা হিয়াৰে
             আমন-জিমনকৈ লগৰীয়া হেৰুৱাই,

ফুৰিছনে তই বাৰু কাষে কাষে মোৰ

      বতাহৰ মাজে মাজে লুকাই লুকাই ?
  হে চিৰ নীৰৱ প্ৰিয় !
  হে চিৰ মৌন বন্ধু !
         হে চিৰকুমাৰ
         চিৰঅভিমানী মোৰ
                    মৰমৰ ভাই !

এদিন আছিলোঁ আমি

         থাকিম অ’ চিৰদিনলৈ
             গঁথা দুয়ো হিয়াই হিয়াই
             অ’ মোৰ সোণামুৱা ভাই ৷

প্ৰণয়-অঙ্কুৰ কলি অন্তৰত মোৰ

         ফুলিছে দুকুল ভৰি
                স্মৃতিৰ সৌৰভপূৰ্ণ ফুল বিতোপন,

দিনৰ দিনটো মই ৰেণুৰ সৌৰভ সানো

         গোটেই অঙ্গতে মোৰ
             মোৰ জীৱনত তোৰ স্মৃতি সুশোভন !

প্ৰাণে মাথোঁ কান্দি উঠে আকুলি-বিকুলিকৈ

         সোণ মোৰ কেতিয়ানো দিবি দৰিশন ;

স্মৃতিৰ সুৰভিবোৰে অন্তৰ দেশত

         বিয়পি ফুৰিছে অই অলেখ যোজন ৷

কি স্নিগ্ধ কৰুণাভৰা অশ্ৰুমালা

         কৰিছে সৃজন,

উত্তপ্ত প্ৰাণত মোৰ বৰষিছে কাৰুণ্যৰ

         শান্তিয়নী পানী
         বৰষিব গোটেই জীৱন ,

জোন- বেলি থাকে মানে

         নিছিগক
                তোৰে মোৰে মধুৰ বন্ধন ৷

কিয় সানি দিলি বন্ধু !

         জীৱনত কৰুণতা

কিয় জ্বালি গ’লি বাৰু নীলা জুইকুৰা !

         কি মধুৰ দহন বন্ধু কৰি গলি দান ,

ভাল পাওঁ বুলিয়েনো দিলি তই এনে ব্যথা

         তোৰ ইনো কেনে অভিমান !!

কোন দিনা কোন জনমত

কোন দিনা কোন ভুৱনত

         কোন দিনা দিবি মোক দেখা ...

চিৰনীৰৱ কণ্ঠৰ তোৰ

         নীৰৱতা ভাঙি বাৰু
         কোন দিনা পাতিবিনো কথা ?

গুচাবি কাহানি বাৰু হিয়াত গুমৰি থকা

                অসহনি ব্যথা ....

কোন কাহানিনো কবি কথা !

কালৰ সোঁতত উটি

         সাগৰ-বননি পাৰ হৈ
         সুদূৰ প্ৰবাসী মই
         দূৰ প্ৰবাসত আহি পাতিলোঁ থানিকা ,
         কেনেকৈনো পাহৰিম
                তোৰ সি চকুলোধাৰি
                    দুগালেদি বোৱা
                    অ’ সোণামুৱা !

সেই দিনা বিদায়ৰ দিনা ,

         সেই দিনা সন্ধিয়া বেলিকা ৷

হে প্ৰিয় ! আজি তই কোন আলোকত ,

      জ্যোতিৰ্ম্ময় সবিতাৰ
             বিশ্ব ঢৌৱাই নিয়া
                কিৰণৰ ঢৌৱে ঢৌৱে
      নৃত্য তই কৰিছনে বাৰু হৰষত ?

সূৰুযৰ সতে তই আহ নেকি

      দিনৌ দিনৌ ,

চাবলৈ পুৰণি পৃথিৱীখনি

      পিবলৈ কৰুণাৰ মউ
      আহ নেকি দিনৌ দিনৌ ?

সৌৱা নীলা সাগৰৰ বহল বুকত

বেলিৰ পোহৰে আহি

      কৰিছে ধেমালি ,

সৌৱা প্ৰৱালৰ দ্বীপে সাগৰত

      পাতে দীপাৱলী ,

সাগৰতলিত সেই জিলিকিছে

      মুকুতাৰ মণি ,
      দীপ্তিৰ পোহৰ মেলি
  মাণিকৰ তাতে খেলিমেলি

আহিছনে চাবলৈ তাৰে ধেমালি ?


             (২)


ফুল মাজত তই নিজকে আৱৰি

      নন্দনৰ পাৰিজাত গোট গাৱে আঁৰি ,

দেৱতা বিহৰা বন তোৰে ঘৰ-বাৰী

ভাও তই দিছ নেকি হই বনমালী ,

লগৰীয়া হ’ল তোৰ দেৱতাৰ

                    ল’ৰা-ছোৱালী ৷

যা বন্ধু ! পূৰ্ণ হোক ইচ্ছা তোৰ

         গুচক পিয়াহ ঘোৰ ৷

মোৰ সপোনৰ কথা

         তোলে’ হ’ল মুকলি দিঠক ,

মই কিন্তু ভ্ৰমি ভ্ৰমি দেশ-দেশান্তৰ

      অচিনাকি মানুহৰ কাণে কাণে ক’ম ,

আহিলহেঁতেন সি সৰু ভাই মোৰ

      চাবলৈ তহঁতক

তই অভিমান কৰি এৰি যোৱা জগতক ৷

পাহৰিব নোৱাৰোঁ অঁ তোক

তয়ো যেন নেপাহৰ মোক

মনত পেলাই তোৰ

      মৰতৰ মৰম সাচোঁতাটিক ৷

সপোনত কৰিহি অ’

         মৰমৰ কথা
             পাহৰাই শোক ,

য’তেই বিহৰ তই

      আহিবি মাজে মাজে তই
             মুহূৰ্ত্তলৈ এৰি দিব্যলোক ৷

চাই ফুৰোঁতেই তই

             বিশ্বব্ৰহ্মাণ্ডৰ
             গ্ৰহে গ্ৰহে তৰাই তৰাই ,

আনিবি অ’ কাকতৰ টোপোলাটি

                    ভৰাই ভৰাই ,

নানান নৱীন বিৱৰণ

শুনি শুনি হ’ম মই তেনেই বিভোল ৷

আৰু তই আনিবি অ’ তোৰ

             টোকাৰীৰ তাঁৰত সুমাই
  অভিনৱ বিচিত্ৰ দেৱাসুৰৰ কল্লোল ,

বোৱাবিহি প্ৰাণত এদিন

      সেই চিৰশ্ৰুতি-মনোহৰ
      ফটিকৰ শুভ্ৰ সঙ্গীতৰ জোল ৷

কল্পনাতে মাথোঁ মই শুনিব

             পাৰিছোঁ অ’
             সেই মহাসঙ্গীতৰ ৰোল !
      আছিল সি পদুমৰ কলি,
             সেউজীয়া বনৰ মাজৰ
                    দূৰ-সলিলত
      ক’ৰবাত সুৰভি দিবলে’
      ক’ৰবাত ফুলিবলে’
      ক’ৰবাত হাঁহিবলে’ গুচি গ’লগৈ ৷
             আধাফুটা হাঁহিৰে সি
             কৈছিল মিচিকি কিচিকি
      সময় আহিলে মই ফুলিম আপুনি
          সুৰভি বিলাই যাম মাততে মই ৷

কোনোবা স্বৰ্গৰ দেৱীৰ

             বুকুৰ মালাৰে সিবা

চিৰ-আমৰণ কোনো বিতোপন ফুল

             নাই তাৰ তুল ,

দেৱী আহি পৃথিৱীলে’ চাওঁতেই

                ছাঁয়াবাজী
      কোনোবা সৰি যোৱা ফুল ৷

সেইহে হবলা মনত পৰোঁতে পুনু

      হঠাতে এদিন আহি
                নৌ ফুলোঁতেই ,

য’ৰ বস্তু ত’লে বুলি

      আলফুলকৈ লৈ গ’লগৈ ,
      ফুলিবলে’ পোৱা হ’লে
         বোৱালেহেঁতেন সি
                সুৰভিৰ নৈ ৷ *


[* “ ৺ অৰুণকুমাৰ আগৰৱালা কবিৰ বৰদেউতাক, ‘প্ৰতিমা’ৰ খনিকৰ চন্দ্ৰকুমাৰ মাজুপুতেক ৷ এওঁ অকালতে আত্মঘাতী হৈ জীৱন-লীলা সামৰে ৷ জ্যোতিপ্ৰসাদ ৰচিত ‘চন্দ্ৰকুমাৰ’ গ্ৰন্থ দ্ৰষ্টব্য ৷” — ‘জ্যোতিপ্ৰসাদ ৰচনাৱলী’ ৷ ] <poem>