পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সাহিত্য-সংগ্রহ


———

 কিন্তু ভাৰতৰ আজি সেই দিন নাই; ই আজি পৰাধীন, অসভ্য, অজান—অনাদৃত। সেই মহাবীৰ ক্ষত্ৰিয়সকল নাই; সেই তপোধন ঋষিসকল নাই; সেই কবি, ধৰ্ম্মবীৰ, সেই ৰাজনৈতিক পুৰুষ আজি নাই। আগৰ তেজ, একতা,জাতীয় গৌৰৱ নাই। হিমালয় আছে, তপস্যা নাই; গঙ্গা, সৰস্বতৗ আছে, বেদধ্বনি নাই; ব্ৰাহ্মণ আছে, নৱগুণ নাই। আগৰ সভ্যতা আগৰ আচাৰ-ব্যৱহাৰ, আগৰ বল-বিক্ৰম-উৎসাহ প্ৰায় একোৱেই নাই! ভাৰতত আছে আজি বহু পাপ, তাপ, ৰোগ, শোক আৰু দুৰ্ভিক্ষ। ভাৰত আজি প্ৰায় ৰসাতল। চন্দ্ৰ-সূৰ্য্য বংশৰ ঘোৰ অভিমানী বংশধৰসকলে পবৰ সেৱা কৰি চাউল মুকিলি কৰিছে। জগতৰ শিক্ষাগুৰু ব্ৰাহ্মণ জাতিয়ে আজি ম্লেছৰপৰা শাস্ত্ৰ বুজি লৈছে। আক ম্লেছৰপৰা শাস্ত্ৰ-জ্ঞানৰ নিদৰ্শন-পত্ৰ পাই নিজক কৃতাৰ্থ আৰু গৌৰৱশালী মানিছে। স্বাধীনতাৰ লগতে হিন্দুজাতিৰ প্ৰায় সকলো ওখ ভাব লোপ পাইছে, ভাৰতৰ গৌৰৱ-সূৰ্য্য মাৰ গৈছে, ভাগ্যলক্ষ্মীয়ে সাগৰত বুৰ মাৰিছে। মহ। বিক্ৰমৗ মুছলমান জাতিও আজি ভাৰতত পৰি নিস্তেজ হৈছেহি।

 কিন্তু যিমান দিন জগতত চন্দ-দিৱাকৰ থাকিব, সিমান দিন ভাৰতৰ আগৰ গৌৰৱৰ চিন একেবাৰেই মাৰ নেযায়। যেতিয়ালৈকে হিন্দুৰ শ্ৰুতি আৰু স্মৃতি আছে, কাব্য আৰু অলঙ্কাৰ আছে, ব্যাকৰণ আৰু অভিধান আছে, তেতিয়ালৈকে ভাৰতৰ আগৰ গৌৰৱ হ্ৰাস পালেও লোপ নেপায়। যেতিয়ালৈকে জগতত ভাল বস্তুৰ আদৰ থাকিব, তেতিয়ালৈকে সংস্কৃত ভাষা আৰু সংস্কৃত সাহিত্যই জগতত ওখ আসন লাভ কৰিব। সংস্কৃত ভাষাই– সংস্কৃত সাহিত্যই হিন্দুজাতিৰ কীৰ্তিস্তম্ভ। পতিত ভাৰতক উদ্ধাৰ কৰাৰ এই ভাষাই এই সাহিত্যই ঘাই উপায়। এই সাহিত্যৰ দ্বাৰাই আজি হিন্দুজাতিৰ চিনাকী আৰু সন্মান। ইয়েই মৃত হিন্দুজাতিৰ সঞ্জীৱনী। ইউৰোপৰ ৰংচং দেখি আজি ভাৰত ভোল গৈছে, নিজকে নিজে ঘিণাইছে; কিন্তু যিবিলাক হিন্দুৱে সংস্কৃত সাহিত্য মথি পূৰ্ব্ব পুৰুষসকলৰ কাম আৰু মহত্বৰ কথা চৰ্চ্চা কৰে, তেওঁলোকৰ শৰীৰৰ শিৰে শিৰে তপত তেজ ববলৈ ধৰে আৰু মন নতুন উছাহেৰে মতলীয়া হৈ উঠে। কিন্তু আজি কালি সকলো বিষয়তে ধনৰ যোগ। যি বিষয়ৰ পৰা ধনলাভ হয়, তাকে সকলোৱে চৰ্চ্চা কৰে। সংস্কৃত টান ভাষা, তাৰপৰা ধন-