পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
সাহিত্য-সংগ্ৰহ


 পুৰাতন বৈজ্ঞানিসকলৰ মতে কোষ “প্ৰটপ্লেজম” নামেৰে জলীয় পদাৰ্থেৰে ভৰি থকা এটি সৰু মোনা। কিন্তু আজি কালিৰ পণ্ডিতসকলে কয় যে, বাহিৰৰ আবৰণটোকেই কোষ বোলা নেযায়; কোষ বুলিলে “প্ৰটপ্লেজম” নামেৰে জলীয় পদাৰ্থটিকেহে বুজায়। যি আৱৰণে “প্ৰটপ্লেজমক”ঢাকি ৰাখে, সিও “প্ৰটপ্লেজমৰ” পৰাহে উৎপত্তি হয়। এই জলীয় পদাৰ্থটি ভিতৰত জীৱাঙ্কুৰ নামেৰে কিছুমান অণু আছে, এই অণুবিনাকেই কোষৰ উৎপত্তি আৰু বৃদ্ধিৰ মূল। এই জীৱাঙ্কুটিও “প্ৰটপ্লেজমৰ” ৰূপান্তৰহে মাথোন। তলত কোষৰ এটি চিত্ৰ দিয়া গল।

ক বাহিৰ আৱৰণ।
খ “প্ৰটপ্লেজম” নামেৰে জলীয় পদাৰ্থ।
গ জীৱাঙ্কুৰ।

 উদ্ভিদ জগতত “প্ৰটপ্লেজমৰ” আৱৰণখনি থাকে। কিন্তু চেতন প্ৰাণী গত কোষৰ ঢাকোনখনি প্ৰায়েই নেথাকে। কিন্তু কোনো কোনো উদ্ভিদৰ কোষতো আৱৰণ আছে; কাজে কাজে দেখিবলৈ পোৱা যায় যে, উদ্ভিদৰ কোষ মাত্ৰৰে আবৰণ নাই এনে নহয়।

 দুয়ো জগতৰে “প্ৰটপ্লেজমৰ” গতি আছে। অৰ্থাং “প্ৰটপ্লেজম” কেতিয়াও থিৰেৰে নেথাকে; তাৰ অৱস্থিতিৰ ঠাই লৰাই থাকে। উদ্ভিদ জগতৰ কোষৰ আৱৰণ খনি থকাৰ নিমিত্তে “প্ৰটপ্লেজমৰ” গতি থাকিলেও কোষৰ স্থানচ্যুতি নহয়; আবৰণ খনিৰ ভিতৰতে “প্ৰটপ্লেজম” ইমূৰৰপৰা সিমূৰলৈ চৰি থাকে। এই গতিৰ কোনো ৰ্বন্ধা নিয়ম নাই; কোষ বৃদ্ধিৰ আৰু উৎপত্তিৰ মূল কাৰণ উদ্ভিদ জগতৰ “প্ৰটপ্লেজমৰ” এই গতিয়েই। চেতন প্ৰাণী জগতৰ কোষৰ গতি থকাৰ কাৰণেই অনেক তলৰ খাপৰ চেতন প্ৰাণীয়ে নিজৰ ঠাই সলাই বেলেগ ঠাই লয়। আরু এই দৰে ঠাই সলাওঁতে যি উপাদেয় বস্তু পায়, সেই উপাদেয় গ্ৰহণ কৰি বৃদ্ধি প্ৰাপ্ত হয়। চেতন প্ৰাণী জগতৰ প্ৰায় কোষেৰে গতি-শক্তি থকাৰ বাবে, আৰু উদ্ভিদ জগতৰ কোষৰ নথকাৰ বাবেই অনেকে কোষৰ গতি অগতিকো উদ্ভিদ আৰু চেতন প্ৰাণীৰ মূল বেলেগ