পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

সাহিত্য-সংগ্ৰহ। = সুমি আনিব। এটা ৰাৰ মুখত পৰিা গৈ, গম পাই প্ৰাণ ৰাখি পলালা বা গুৰু মাৰি তোমাৰ জীৱন ৰাখিল। তেতিয়া তোমাৰ মনত কি ভাৰ আহে? সেই বিপদলৈ মনত পৰি হাতে ভৰিয়ে নকঁপে নে? পাচতত সেই বিপদ মনত পৰিলে গা জিকাৰ খাই মুঠেনে? কেনো এটা কু-অভ্যাস বা অসৎ স্বভাৱৰ হাত সাৰিলেও আমাৰ মনত ঠিক তেনে ভাবহে হব লাগে; তাত বি ফেৰা আনন্দ হয় তাক যোৰা বিপদৰ ভয়ঙ্কৰ মুত্তি দেখুৱাই মাই ৰাখিব লাগে, নহলে বাখৰ আগত ছাগে ডেও দিয়াৰ দৰেহে হয়। আনন্দত মতলীয়া হলে বিপদক দেখিবলৈ পোৱাৰ বাবেই তালৈ অন্ধ হলে বিপদে মেৰাই ধৰিবলৈ বেচি হল হে পায়। আৰু এটা কথা। তুমি জানিবা এটা লৰা পঢ়াব লগা হৈছে, তেতিয়া তুমি সেই লৰাই কিমান শিকিছে, আৰু সম্প্ৰতি তাক কি শিকাব লগা হৈছে এই কথা জানি নোলোৱানে। আত্মশিক্ষা অভ্যাস কৰিবলৈকো প্ৰথমে আত্মপৰীক্ষা কৰিব লাগে, নিজৰ দোষগুণ সোপাকে ভালকৈ বুজি লব লাগে। ইয়াক কৰিবলৈ যাওঁতে কিন্তু আমি বিশেষ সতৰ্ক হব লাগে; কিয়নো, আমাৰ অভাৱেই এই যে নিজৰ দোষবোৰ ভালকৈ নেদেখে; আৰু অনেক সময়ত আমি অলপ দেখিয়েই সন্তুষ্ট হওঁ। নিজৰ গাত বা এডোখৰ হলে যেনেকৈ আমি লিৰিকি:বিদাৰি থাকিবলৈ বেয়া নেপাওঁ পচি গলেও ধুই পলি যতনেৰে ঢাকি থওঁ আৰু লোকে যিমান বিশ্ৰ দেখে আমি সিমান নেদেখো, -আচাৰ কু-অভ্যাস আলি মনৰ ঘাকে। আমি সেই দৰেই ঢাকি ঘৰৰ চেষ্টা কৰে। আৰু নিলে তাৰ কাৰ্যতা কালকৈ নেদেশে, তাৰে সৈতেই উমলি থাকে। কিছুমান দোষকে দোষ বুলি ভাবিবলৈকে ভাল নেপাওঁ, কিছুমান আকৌ দোষ বুলি জানো আৰু গুচাবৰ ইচ্ছাও কৰে, কিন্তু তাৰ পৰিমাণ কি তাক ভালকৈ গমি নেচাওঁ, অলপ দেখিয়েই গোটেইটো দেখিলে ভাবি সন্তুষ্ট থাকে। এইবিলাক আত্মশিক্ষাৰ বিধিনি। যথাৰ্থ আত্মশিক্ষা কৰিব খুজিলে নিজলৈ যিফেৰা পক্ষপাতী ভাব থাকে তাক প্ৰথমে নিন্মল কৰি লব লাগে, অলপ কাম কৰি বহুত কৰিলো যেন ভাবি আত্মগৌৰৱ কৰিবলৈ সৰহ জ্ঞান নেলাগে আৰু কৰাটো জ্ঞানীৰ লক্ষণো নহয়। সেই পক্ষপাতী ভাব নিকুল কৰিব নোৱাৰে। মানে এনে আত্মগৌৰৱ কৰিব