সমললৈ যাওক

পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সাহিত্য-সংগ্ৰহ

অৰ্জা উপায় আৰু কৌশল এক পুৰুষৰ পৰা আন পুৰুষে অধিকাৰ কৰে, আৰু জাতিৰ চৰিত্ৰত সেইবোৰ শক্তি গোত খাই ৰয়। এই দৰে যি জাতিয়েই সুবিধাজনক নানা উপায় বা কৌশল উলিয়াই পাচলৈও সাঁচি থৈ গৈছে, সেই জাতিৰেই উন্নতি হৈছে; সেই জাতিয়েই সভ্য বুলি জগতত গণ্য হৈছে।

 যিবিলাকে এই জীৱন ৰক্ষাৰ যুজত যোগ্যতা দেখুৱাব পৰা নাই সেইবিলাকেই প্ৰাকৃতিক নিয়মানুসাৰে পিচলৈ হুঁহকিছে। সেইবিলাক জাতিয়েই অসভ্য বুলি পৃথিবীত গণ্য হৈছে। এই মতানুসাৰে মানুহে যুদ্ধ-বিগ্ৰহ, অত্যাচাৰ, কুসংস্কাৰ, দুৰ্ভিক্ষ প্ৰভৃতিৰ মাজে দি গৈ উন্নতিৰ জখলাত ভৰি দিব পাৰিছে। যিবিলাক মানুহে এইবিলাক অসুবিধা অতিক্ৰম কৰিব পৰা নাই, সিহঁতৰ উন্নতিত বহুত প্ৰতিবন্ধক হৈছে। এই নিয়ম যদি সঁচাসঁচিকৈয়ে মানৱজাতিৰ ক্ৰমোন্নতিত খাটিছে, তেনেহলে মানৱজাতিৰ অৱনতি হবৰ প্ৰায় আশঙ্কা নাই। কাৰণ প্ৰাকৃতিক নিৰ্ব্বাচন প্ৰভৃতি অভিব্যক্তিৰ নিয়মবোৰৰ দ্বাৰাই সমাজৰ অৱনতিজনক অঙ্গবিলাক লোপ পাই, সমাজ কেৱল উন্নতিৰ বাটেৰেহে যাব। কিন্তু এইটি সাধাৰণ নিয়ম নে? এই প্ৰশ্নৰ উত্তৰত 'আমি কওঁ নহয়। জগতৰ বুৰঞ্জী মেলি চোঁৱা, আধুনিক সময়ৰ জাতিবোৰৰ সভ্যতাৰ অৱস্থালৈ এবাৰ মন কৰি চোৱা, দেখিবা অভিব্যক্তিৰ নিয়ম অনুসাৰে উন্নতি নহৈ, বহুত জাতিৰ সভ্যতাৰ অৱস্থাই লৰচৰ কৰিব নোৱাৰা হৈ আছে। এইবিলাক জাতিৰ সভ্যতাৰ প্ৰাণ নাই, সেই নিমিত্তে সি বাঢ়িব নোৱাৰে। অভিব্যক্তিবাদীবোৰৰ মতে সভ্য জাতিয়ে বহুদিনৰ ক্ৰমোন্নতিৰ মূৰত সভ্য অৱস্থাত উপস্থিত হৈছে। অসভ্য জাতিৰ কেতিয়াও এনেকুৱা ক্ৰমোন্নতি হোৱা নাই, সেই দেখি অসভ্য অৱস্থা গুচা নাই। কিন্তু সেই বুলি ইংৰাজ জাতিক আমি আগৰেপৰা উন্নতিৰ বাটেৰে অহা পুৰণি জাতি আৰু হিন্দু, চীন, গ্ৰীক, ৰোমাণ প্ৰভৃতি জাতিক কোনো কালে উন্নতিৰ বাটত ভৰি নিদিয়া আদিম অৱস্থাৰ জাতি বুলিম নে? বুৰঞ্জীয়ে কয়, যি সময়ত পুৰণি হিন্দুবিলাক, চীনবিলাক, গ্ৰীকবিলাক, ৰোমাণবিলাক, মিশৰীয়বিলাক ডাঙ্গৰ ডাঙ্গৰ বৈজ্ঞানিক আৰু দাৰ্শনিক প্ৰশ্নবিলাকৰ সিদ্ধান্ত বিচৰাত নিযুক্ত আছিল, যি সময়ত সেই সেই জাতিবিলাকে কৃষি, বাণিজ্য, শিল্প প্ৰভৃতিৰ