পৃষ্ঠা:Su swasthyar aadhar.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রংকিয়েল এজমা (হাপানী ৰােগ) ব্রংকিয়েল এজমা বা হাপানী হ’ল হাওঁফাওঁত হােৱা এটা জীর্ণ প্রদাহযুক্ত ৰােগ যত বায়ুনলীসমূহ অৱদ্ধ বা সংকুচিত হৈ উশাহ নিশাহ অসুবিধাৰ সৃষ্টি হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিবেদন অনুসৰি ভাৰতবৰ্ষত প্রায় একৰপৰা ডেৰ কোটি মানুহ এই ৰােগত আক্রান্ত হয়। এই ৰােগত কাঁহ, চুটি চুটি উশাহ, বুকুখন টান বা আটি বন্ধাৰ নিচিনা বুকুৰপৰা উশাহ নিশাহৰ লগত সোঁ সোঁ শব্দ বাহিৰ হােৱা আদি লক্ষণসমূহ দেখা যায়। আয়ুর্বেদত ব্রংকিয়েল এজমাক তমক শ্বাসৰ লগত তুলনা কৰা হৈছে। এই ৰােগৰ প্রধান কাৰকসমূহ হলঃ- ১। প্রদুষিত বাতাবৰণ ২। অত্যাধিক ব্যায়াম ৩। কিছুমান বস্তুৰ প্ৰতি থকা এলার্জী যেনে- কিছুমান খাদ্য পদার্থ, ফুলৰ ৰেণু, এলান্ধু, ধূলি-বালি, পাৰফিউম ইত্যাদি। ৪। ধুমপান ৫। কিছুমান সংক্রমণ যেনে - চর্দী, ৰাইনাইটিছ,ব্রংকাইটিছ ইত্যাদি। ৬। মানসিক চাপবাউদ্বেগ ৭ এচিডিটি ৮। কিছুমান ঔষধ সেৱন। ৯। ঠাণ্ডা বতাহ ইত্যাদি প্রধান লক্ষণসমূহঃ ১।কাহ ২।বুকুৰ বিষ ৩।উশাহ নিশাহৰ প্রচণ্ড অসুবিধা ৪। ঘন চুটি চুটি শ্বাস প্রশ্বাস ৭২