সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৮ শঙ্কৰদেৱ। নাযা দূৰ। কাটিবাক আনন্তে নিৰ্গত যেন ছাগ। লাথি পায়ে গাধ গৰ্দভীৰ নেৰে লাগ॥ • তোমাক নভজি কিয় আত্মঘাত কৰে।” কৃষ্ণই উত্তৰ দিছে,-“মাধৱে বোলন্তে সখি শুনা পৰিছে। পড়ে সবে মাত্ৰ বেবে জানি চাৰি বেদ। কৰিবে নোৱাৰে মোত তথাপি ভকতি। নলব নৰে যে7ে সন্তৰ সঙ্গতি। কৰ্ণত কহন্ত কষ্ণকথা গোপ্য কৰি। নাহিকে উপায় সখি সৎসঙ্গত সৰি আমাক নপাৱে মহাজ্ঞানী কৰ্ম্মা লোক। সাধু-সঙ্গে অৱশ্যকে বশ্য কৰে মোক॥ নপাৱয় মোক যোগ যাগ যজ্ঞ দানে। মহামন্ত্ৰ জি কোটি এত তীৰ্থ স্নানে। নপাৱে আমাক একাদশী উপবাসে। নকৰয় বশ্য মোক পৰম সন্ন্যাসে। আন কৰ্ম কৰিয়া মিছাত মৰে লোক। ভকতৰ সঙ্গে শেষে মাত্ৰ জানে মোক। • দেৱতো তীৰ্থতো কৰি ভকতে’স বৰ। ভকতৰ সঙ্গ পালে গুচে কৰ্ম্ম এক মোত মাত্ৰ তুমি লয়োক শৰণ নকৰিবা ভয় মই কৰিৰো ৰক্ষণ। সক ধৰ্ম্ম এৰি এক শৰণ সাক্ষাত | সুহৃদ বিশ্বাস সখি লৈয়োক আমাত উদ্ধৱে শুধিছে-“হে প্ৰাণনাথ মোক কহিয়া বুজাই। ঋষি সকলৰ কিয় এক মতি নাই। কেহহ বোলে কৰ্ম্মে, কেহে বোলে জ্ঞানে গতি তোমাৰ সম্মত পথ পৰম ভকতি। এক বেদ বাক্য কিয় মত ভৈল ভেদ। কিঙ্কৰৰ কেশৱ সংশয় কৰা ছেদ।” কৃষ্ণই উত্তৰ দিছে-“......যাৰ যেন মতি কৰে বেদক ব্যাখ্যান। নিজ অৰ্থ ভকতিক ত্যজি বুজে আন। কেহে ' সৰ্ব ধৰ্মা পৰিত্যা মামেকং শৰণং ব্ৰজ।*গীত।