সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় আধ্যা। ক্ষেত্ৰবাসী পণ্ডিত আৰু পাণ্ডাসকল বিস্মিত হৈছিল। পুৰীত ৫ মাহমান থাকি দক্ষিণ ভাৰতলৈ শঙ্কৰদেৱে যাত্ৰা কৰিলে। সেতুবন্ধ ৰামেশ্বৰ আৰু দক্ষিণ দেশৰ আন প্ৰসিদ্ধ তীৰ্থস্থানবিলাক, চাই তেওঁ পশ্চিম দেশলৈ খোজ ললে। বাৰানসী, প্ৰয়াগ, মথুৰা, বৃন্দাবন, কুৰুক্ষেত্ৰ, উপবদৰিকাশ্ৰম আদি পশ্চিম ভাৰতৰ প্ৰসিদ্ধ তীৰ্থস্থানবিলাক চাই আকৌ তেওঁ জগন্নাথ ক্ষেত্ৰলৈ উভতি আহিল : আৰু তাত কিছুদিন থাকি ঘৰলৈ মুখ কৰিলে। আৰু গাৱৰ সকলোৰে অনুপম প্ৰতি, পৱিত্ৰ উৎসাহ আৰু উজ্জল আশাৰ উৎসৱে তেওঁৰ প্ৰত্যাবৰ্তমক অভ্যৰ্থনা কৰিছিল। তেওঁৰ এই ভ্ৰমণত ১২ বছৰ লাগে বুলি চৰিত্ৰত লেখা আছে। সি যি হওক এই তীৰ্থভ্ৰমণত অনেক বছৰ যে লাগিছিল তাত কোনো সনেই শাই। এই তীৰ্থভ্ৰমণৰ বিশেষ বিবৰণ চৰিত্ৰত পোবা নেযায়, কিন্তু এইটো থিৰাং যে এই ভ্ৰমণৰ পৰা তেওঁ বজ্ঞান, বহুশি আৰু বহুশক্তি লাভ কৰিছিল। পাছৰ ডাঙ্গৰ কাৰ্য্যৰ নিমিত্তে এই ভ্ৰমণতেই যে তেওঁ প্ৰস্তুত হৈছিল তাৰ অলপো সন্দেহ নাই। এই ভ্ৰমণেই তেওঁৰ হৃদয়ত জড় মুৰ্ত্তিৰ পূজাৰ অসাৰতা আৰু চৈতন্যময় ঈশ্বৰৰ পূজাৰ শ্ৰেষ্ঠতা দকৈ সুমাই দিয়ে, এই ভ্ৰমণতেই তেওঁৰ মনত দেশৰ হিত সাধনাৰ মহাব্ৰতৰ ভেটি শকতকৈ বন্ধ হয়, আৰু এই ভ্ৰমণেই তেওক আজি পৰ্যন্ত অসম ভুমিত অমৰ কৰি ৰাখিছে। পণ্ডিতৰ সমাজত তেওঁৰ নামৰ সন্মান আৰু মাহাত্ম, নামঘৰত ভকতৰ মুখত তোৰ তালৰ ধ্বনিত তেওঁৰ নাম মিহলি হৈ প্ৰতিধ্বনিত হোৱা, বহাগৰ বিহুত বছৰৰ ন দিনৰ সম্ভাষণৰ হুচৰিত গৰখীয়া লৰাৰ গতত শঙ্কৰদেৱৰ