সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শঙ্কৰদেৱ। লাগিয়া খাটৰ খুৰা ঘাৱ ভৈল ভৰি। কান্দিবে লাগিলা শঙ্কৰৰ গলে ধৰি। এতদিন বাপু তুমি কিসক নাসিলা। সবাকে সম্বােধি দেৱশৰ ৰহিলা।” ইমান বছৰৰ মূৰত শঙ্কৰদেৱক পাই জ্ঞাতি কুটুৰ সকলােৱে আন- লিত হৈ তেওঁক তেওঁৰ আগৰ আপােন কাৰ্য্য ভূঞাৰ বিষয় গ্রহণ কৰিবলৈ কত তেওঁ উত্তৰ দিলে “মােক বিষয় নালাগে ; বহু কষ্ট কৰি শাস্ত্ৰ পঢ়ি সাৰ পাইছে; ঈশ্বৰৰ নাম লৈ বহি থাকিবৰ হে মােৰ ইচ্ছা।” ইয়াৰ পিছত পিতৃদেৱ কুসুমবৰৰ সৰিয়হ তলিত কীর্তন ঘৰ সজাই নাম-কীৰ্ত্তন কৰি সুখেৰে কাল কটাবলৈ ধৰিলে। তীৰ্থৰপৰা উভতি অহাৰ পিছত জ্ঞাতি কুটুসকলৰ অনুৰােধত শঙ্কৰদেৱে পুনৰ কালিন্দী নামে কন্যা বিবাহ কৰালে। দ্বিতীয় ভাগ জোনাকীৰ প্ৰবন্ধত এই দৰে আছে, “যথাকালত গঙ্গাতীর্থ পাই তাত যথানিয়মে স্নান-দান কৰি তেওঁৰ লগৰ ভালেখিনি মানুহ উভতি ঘৰলৈ আহিল। তাৰ পৰা জগন্নাথ ক্ষেত্ৰলৈ গল। তেওঁৰ লগত আৰু বাৰজন জগন্নাথ ক্ষেত্ৰৰ যাত্ৰী আছিল, তেওঁবিলাকৰ নামৰ উল্লেখ চৰিত্ৰত আছে, যেনে ; হয়গ্ৰীৱ, জগন্নাথ, নর্দৈ, ৰুদ্ৰবৰ, কল্কি, কল্পতৰু, ধৰাধৰ, বিশ্বনাথ, গােৱৰ্দন, সুৰথ, সুন্দৰ আৰু মনপুৰ । ওবেষা পুৰীৰ জগন্নাথ মূৰ্ত্তি দর্শন কৰি আমাৰ প্রখ্যাত যাত্রী কেইজনা মহা আনন্দেৰে থাকিবলৈ ধৰিলে ক্ষেত্ৰৰ ডাঙ্গৰ পণ্ডিতসকলৰ লগত শাস্ত্রালোচনা কবি শঙ্কৰদেৱে অনুপম তৃপ্তি লভিছিল। শঙ্কৰদেৱৰ সদালাপ, গভীৰ জ্ঞান আৰু সাধাৰণ ধৰ্ম্ম-ভাৰত