সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় আধ্যা। ২১ ধ্যান, ধাৰণা, সমাধি, আসন, প্ৰাণায়াম আদি যত। বিষৱত ৰতি ত্যজিয়া সম্প্ৰতি আচৰা মাত্ৰ সতত। শীৰ হয় চক ছিন্ত মনত কৰি নিয়ম। পাছে ভাগৱত শাক পাইলষ্ট সবাতো কৰি উত্তম। ভাগৱত তত্ব জনি৷ পাছত এৰিল যোগ অভাব। শঙ্কৰদেৱ দেখিবলৈ সুপুৰুষ আছিল, আৰু তেওঁৰ গাৰ বৰণ কেচা-সোণৰ বৰণ যেন আছিল। দৈত্যাৰ ঠাকুৰে লেখিছে- “দেখিতে সুনৰ গৌৰবৰ্ণ কলেৱৰ। নব প্ৰকাশ অতি সূৰ্য্য সমসৰ। ৰূপ দেখি কৰ্পৰো দৰ্প হোৱে ছন্ন। সজন ৰখি থাকে মধৰ বচন। গমন গম্ভীৰ, নেত্ৰ কমল পাসি। চন্দ্ৰসম বদন প্ৰকাশে অল্প হাসি | সুবোধ সুথিৰ ধীৰ গন্তীৰ সাগৰ। প্ৰীতি বাঢ়ি যায় তা সমস্ত লোক।” মাধৱদেৱে লেখিছে, “দৰশিতে সুন্দৰ গৌৰ কণেৱব, যৈন সুৰপৰকাশ। সকলো সাসদৰঞ্জন যাকেৰি দৰশনে পাপ বিনাশ। বিনা অঙ্গভূষণ দেখিতে সুশোভন, গহীন গভীৰ ধীৰ মতি। আয়ত কমল-নয়ন বৰ মূল বন চালকহো জ্যোতি। লীলা গজগতি গমন বিলোকন, বাণী মেঘ-গম্ভীৰ। পাষণ্ডমনি কলিক কালে যাক সম নাহি ধীৰ।”