সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘোড় আধ্যা ২২১ বিহ্বলতাত বাতুলতাৰ আধিক্য, সেইবাবে তেওঁৰ লগে লগে সেই ধৰ্ম্মবিহ্বলতাৰ শাহ গৈ তেওঁৰ পিছত তাৰ বাহটো মাথোন ৰ'ল, সেইদেখি চৈতন্য প্ৰচাৰিত ধৰ আ জ এ•ে দুৰ্গতি দুৰদৰ্শী জ্ঞানী শঙ্কৰদেৱে তেওঁৰ জীবদ্দশাতে চৈতন্যৰ ধৰ্ম্মৰ এই দোষ (defect) ভালকৈ বুজিব পাৰিছিল, সেইদেখি তাৰ প্ৰতি অলপপ তেওঁ আকৃষ্ট নহৈছিল। শঙ্কৰদেৱে নিজ কীৰ্ত্তন দশম আদি অলেখ ধম্মশাস্ত্ৰ ৰচনা কৰি তেওঁৰ ধৰ্মৰ সুন্দৰ সুদৃঢ় আকৃতি গঠন কৰি দি ল। চৈতন্যদেৱে তেওঁৰ প্ৰচাৰিত ধৰ্ম্ম বিবৃত কৰি এখন পুথি লেখা নাছিল যি তেওঁৰ ধৰ্মমত সুদৃঢ় কৰি ৰাখে। তেওঁৰ পিছত তেওঁৰ শিষ্য সকণে। হে তেওঁ ধৰ্ম্ম ব্যাখ্যা কৰিছে। নিজে নিজৰ মত আৰু বিশ্বাসৰ কথা লেখা এক, লোকে লেখা এক। চৈতন্যই তেওঁৰ বন মাথোন এখন গ্ৰন্থ ৰচনা কৰিছিল, সিও তেওঁৰ জীৱনৰ আগ ছোৱাত অৰ্থাৎ নিমাই অধ্যাগুক অবস্থাত, আৰু, সিও গীতাৰ টীকা, আৰু সংস্কৃতত। শঙ্কৰদেৱে ভূৰি ভূৰি অমূল্য গ্ৰন্থ ৰচনা কৰি অসমক ওখ পাপৰ ধৰ্ম্ম দিলে, অতুল সাহিত্য দিলে, নিৰ্ম্মল চৰিত্ৰ দিলে, সাধু আচাৰ ব্যৱহাৰ দিলে; অসমীয়াক গীত দিলে, বাজনা দিলে, নাট দিলে, ভাৱনা দিলে, মহৎ আদশ দিলে; মুঠতে অসমক সকলোপিনে ধনা কৰিলে। এইজন পুৰুষে আসামক যি দিলে তাৰ ধাৰ আসামে কেতিয়াও শুজিব নোৱাৰে। এইজন পুৰুষে অসমীয়াক যি দি “লযি উপকাৰ কৰি গল, তাৰ তুলনা পৃথিবীৰ কোনো দেশতে নাই। এইজন পুৰুষক অসমীয়াই মহা- পুৰুষ বুলি এক ধনিষ্টামানো অতিৰঙ্গন কৰা নাই। ভাই অসমীয়া। তুমি মহাপুৰুষ শঙ্কৰদেৱক পাই ধন্য হৈছা। তোমাৰ অনেক কালৰ