সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষোড়শ আধ্যা। ২১৯ প্ৰচাৰিত কৰ্মকাণ্ড একেবাৰেই উঠাই দিবৰ মনেৰে নানাশাস্ত্ৰৰ তত্ত্ব উদ্ধাৰ কৰি এখন শাস্ত্ৰ ৰচনা কৰিছিল, মাধৱদেৱৰ অনুৰোধত হে তেওঁ সেই পুথি নষ্ট কৰিলে। শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ প্ৰণালী সুগঠিত আৰু সুশৃঙ্খলিত আৰু ভক্তজীৱনৰ নিয়ম নীতি সদাচাবে নিয়মি বুলি আমি ওপৰত কৈছো তেওঁ গুৰিৰেপৰা নামঘৰ, মণিক; আৰু ভকতৰ হাটা সজাই সত্ৰ-সভা পাতি তিনি-প্ৰসঙ্গৰ নিয়ম বান্ধি দি ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ উজনি ভাটা যলৈকে শৈছিল, যতে আছিল, ততে এই নিয়মৰ কটকটীয়া বাপে ৰ কাৰ্য্য কৰিছিল ' ভকতসকলৰ ভিতৰত কাৰো, তওঁ বান্ধি ‘দয়া নিয়ম আৰু ধৰ্ম প্ৰণালীৰ অলপ লৰচৰ দেখিলে সেইজনক তে কথোৰ শাসনলৈ আনিছিল গুণী ব্যাসকলাই শঙ্কৰদেৱৰে সৈতে গুৰিৰেপৰা থাকি তেওঁৰ ধৰ্ম্ম আশ্ৰয় কৰি আছিল, আৰু শঙ্কৰদেৱৰ প্ৰিয়পাত্ৰ আছিল; কিন্তু এবাৰ তেওঁ শঙ্কৰৰ প্ৰচাৰিত ধৰ্ম্মৰপৰা অলপ ভৰিপিছলি পৰি নৰীয়া পুতেকৰ অৰ্থে শিৱৰ মন্দিৰত পূজা দিয়াত শঙ্কৰদেৱে তেওঁক একেবাৰেই পৰিত্যাগ কৰিলে। দ্বিতীয়বাৰ শঙ্কৰদেৱে তীৰ্থ কৰিবলৈ যাবলৈ ওলাওঁতে এজন ভকতৰ হাতত এটকা কপ থাকিও, শঙ্কৰদেৱে "তীৰ্থৰ খৰচৰ বাবে জানো তোমাৰ হাতত ধন আছে?” বুলি শোধত তেওঁ নাই বুলি কলত শঙ্কৰদেৱে সেই কথা বিশ্বাস কৰি তেওঁক নিজৰ খৰচত খুৱাই লৈ যাবলৈ স্বীকাৰ কৰি লগত লৈ গৈছিল; পিছত শঙ্কৰদেৱে ভকতজনৰ হাতত ৰূপ এটকি থকা জানি, আগেয়ে তেওঁ মিছা কথা কৈছিল, এই অপৰাধত তেওঁৰে সৈতে প্ৰায় এমাহ কথা নোকাৱাকৈ