সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শঙ্কৰদেৱ। শঙ্কৰদেৱক তাৰপৰা আঁতৰাই থৈছিল; কাৰণ, তেনেকুৱা অতিৰিক্ত ভাবপ্ৰবণতা, উন্মত্তত, বিহ্বলত শঙ্কৰদেৱৰ স্বভাৱৰ বিৰুদ্ধ। ভাগৱতী বৈষ্ণৱধৰ্ম্ম সৰ্বসাধাৰণৰ ভিতৰত প্ৰচাৰ কৰি তাক স্থায়ী কৰিবৰ নিমিত্তে তেনে প্ৰণালী আৱশ্যক বুলি শঙ্কৰদেৱে নাভাবিছিল। শঙ্কৰদেৱে সাচাৰ সুনীতি ধৰ্ম্মৰ প্ৰধান অঙ্গ কৰি ৰাখিছিল। মুঠতে ঈশ্বৰত অচলা ভক্তি, নিজৰ জীৱনত পবিত্ৰত, সদাচাৰ আৰু সংযম, পৰৰে সৈতে ব্যৱহাৰত সত্যৰায়ণতা, এইবোৰেৰে তেওঁ তেওঁৰ শিষ্য হৰিভকতৰ জীৱন গঠন কৰিছিল সামাজিক ৰীতি নীতি ৰক্ষা কৰি চলিও তেওঁৰ প্ৰচাৰিত ধৰ্ম্ম পালন কৰিবলৈ তেওঁ শিষ্যসকলক সুবিধা দিছিল। তেওঁ বুজিছিল যে তেওঁৰ শিষ্যসকল সমাজত প্ৰচলিত ৰীতি নীতিৰপৰা একেবাৰে বিভিন্ন হলে সমাজৰপৰা এৰাই প্ৰৰি দুৰ্বল হব , সেইদেখি যদিও তেওঁ প্ৰতিমা পূজাৰ, তাৰ্থকৰা, শ্ৰাদ্ধ কৰা আদি কাৰ্য্য ত'সাৰ বিবেচনা কৰিছিল, তথাপি সেইবোৰ উপস্থিত সমাজ-বান্ধনীৰ অঙ্গপ্ৰত্যঙ্গ দেখি তেওঁ একেবাৰেই দলিয়াই নেপেলাইছিল। “তীৰ্থ বুলি কৰে জলত শুদ্ধি। প্ৰতিমাত কৰে দেৱতা বৃদ্ধি। বৈষ্ণৱত নাই গৰুতো অধম বদতি।” কীৰ্ত্তন। মাধবৰ বৈনায়েক গয়াপাণিয়ে ( পিছত নাম—ৰামদাস) তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা কৰি আছিল; এনেতে তেওঁ শঙ্কৰদেৱক লগ পালে। শঙ্কৰদেৱে “তত্ৰৈব গঙ্গা যমুনাচ তত্ৰ গোদাবৰী সিন্ধু সৰস্বতীঞ্চ। সৰ্বানি তীৰ্থানি বসন্তি তত্ৰ যাচুতেদাৰ কথা প্ৰসঙ্গ।” শ্লোক পঢ়ি তাৰ অৰ্থ কৰি গয়াপাণিৰ মনৰপৰা তীৰ্থ মতি।