সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শঙ্কৰদেৱ। মহাপুৰুষীয়া ধৰ্ম্ম আৰু চৈতন্যপন্থীয়া ধৰ্ম্মত শৰণ বা দীক্ষাৰ প্ৰণালীতও অনেক প্ৰভেদ আছে, যিবোৰৰ বিষয়ে ইহাত কৈ আমি মহাপুৰুষীয়া আৰু চৈতন্যপন্থীয়া লোকৰ মন ক্ষুন্ন কৰিব নোখোজ।; কাৰণ সেহবোৰ গোপনীয় কথা। মুঠতে কওঁ চৈতন্যৰ দীক্ষাত যোল নাম, শঙ্কৰৰ শৰণত চাৰি নাম। শঙ্কৰদেৱে ভাটীত থাকোতে অনেক চৈতন্যপন্থীয়। যোলনামৰ দীক্ষা লোৱা লোকক সেই পথ এৰুৱা শৰণ দি মহাপুৰুষীয়া কৰিছিল। চৈতন্যদেৱৰ ধম্মপ্ৰচাৰত কৃষ্ণপ্ৰেমত উন্মত্ততা, কৃষ্ণভাবত আৰু ৰাধিকাৰ ভাবত বিভোৰতা, নাচি নাচি সংকীৰ্ত্তন, ভাবত মাটিত বাগৰি বাগৰি ফুৰা, লেটি লোৱা ভাববিহ্বলতাৰ আধিক্যত মূচ্ছা, অজ্ঞানতা, ইত্যাদি। শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰত ভাবপ্ৰবণতা গাম্ভীৰ্যৰে সৈতে মিহলি , সঙ্কীৰ্ত্তনত প্ৰেমৰ আবেগ আছে, কিন্তু উচ্ছ, অষতা নাই , সি নিয়মিত, সুগঠিত আৰু সুশৃঙ্খলিত। চৈতন্যই কৃষ্ণনাম শুনিলেই বিহ্বল বাতুল হয়, সঙ্কাৰ্তন কৰি কৰি প্ৰলাপ বকে, আৰু শেহত তেওঁ অজ্ঞান অৱস্থা প্ৰাপ্ত হয়। শঙ্কৰদেৱে কৃষ্ণমাম শুনি ভক্তিত গদগদ হয়, গভীৰ ভাবত নিমগন হৈ স্তুতি, প্ৰাৰ্থনা, অনুতাপ কৰি নিজক ধন্য মানে। চৈতন্য ও কৃষ্ণপ্ৰেমিক, শঙ্কৰও কৃষ্ণপ্ৰেমিক; কিন্তু চৈতন্যৰ প্ৰেমত চঞ্চল, শঙ্কৰৰ প্ৰেমত ধীৰত; চৈতন্যৰ প্ৰেমত ধুমুহা-বতাহ আৰু প্ৰবল ঢৌৰ হেন্দোলনি, শঙ্কৰৰ প্ৰেমত প্ৰশান্ত আৰু সুগভীৰ স্থিৰতা। চৈতন্যদেৱে জগন্নাথৰ ৰথৰ আগত সঙ্কীৰ্তন কৰোতে কৰোতে-‘উদ্দণ্ড নৃত্যে প্ৰভু কৰিয়া হুঙ্কাৰ। চক্ৰমি ভ্ৰমে যৈছে অলাত আকাৰ। স্তম্ভ স্বেদ পুলক কম্প বৈবৰ্ণ।