সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যোড়শ আধ্যা। ২১১ শঙ্কৰ কলিত সন্ন্যাস আশ্ৰমৰ বিপক্ষ আছিল। শঙ্কৰ আদৰ্শ গৃহস্থ, ভক্ত বৈষ্ণৱ। গৃহস্থই গৃহকাৰ্য্যৰ সকলো কৰ্তব্য সাধন কৰি, সকলো দায়িত্ব গাত ৰাখিও ঈশ্বৰৰ নাম কীৰ্ত্তন কৰি শুদ্ধ সত্বৰূপে থাকি ধৰ্ম্মানুষ্ঠান কৰি থকাটো তেওঁ শেযঃ বুলি জ্ঞান কৰিছিল। জনক তেওঁৰ আহি আছিল, শঙ্কৰাচাৰ্য্য নহয়। তেওঁৰ মতে বৈষ্ণৱ হবলৈ সন্ন্যাসী হবৰ কোনো প্ৰযোজ নাই তেওঁৰ তেনেকুৱা মত থকাৰ নিমিত্তে হে কণ্ঠভূষণে বাৰাণসী পৰা যেতিয়া সংস্কৃত ৰত্নাৱলী পুথি আনি তেওঁক দিয়ে, তাৰ গ্ৰন্থকাৰ বিষ্ণুপুৰী সন্ন্যাসী বুলি শুনি তেওঁ প্ৰথমতে সেই পুথিৰ ওপৰত শ্ৰদ্ধা প্ৰকাশ কৰা নাছিল , পিছত কণ্ঠভূষ এ অনুৰোধত পুথিখন আগৰপৰা গুৰিলৈকে পঢ়িহে তেওঁ তাৰ গুণ মুগ্ধ হৈ পুথিখন মূৰত লৈ আনন্দত নাচিবলৈ ধৰিলে।-“ৰত্নাৱলী গ্ৰন্থ বাৰাণসী হন্তে আনি। শঙ্কৰদেৱক দিয়া বুলিলন্ত বাণী। বিষ্ণুপুৰী নামে এক সন্ন্যাসী আছিল। ইতত গ্ৰন্থখান বাপু তেহেঁ। বিৰচিল। শুনিয়া শঙ্কৰদেৱে হেলা কৰিলন্ত। সন্ন্যাসীৰ কৃত জ্ঞান কম্ম কহিল। কিবা কাম ইহাত বা আছ আমাৰ। পাছে একশৰণ শঙ্কৰে দেখিল৷ কিনো মহা দিব্য গ্ৰন্থ মানিয়া মনত। উঠিলন্ত গ্ৰন্থখান ধৰিয়া শিৰত। নাচন্ত হৰিষে আতি মনে মহা ৰঙ্গ। বোলন্ত জানিবা বিষ্ণুপুৰী মোৰ সঙ্গ’ – দৈত্যাৰি। শঙ্কৰদেৱে “একাদশত” লেখিছে, - কৃষ্ণই অৰ্জ্জুনক গীতাত কৈছে, “তপ জপ সন্ন্যাস পৰম মহাদানে। নপাৱে আমাক সখি যোগ মহাজ্ঞানে।” কৃষ্ণই উদ্ধৱক কৈছে, ‘নপাৱে আমাক একাদশী উপবাসে। নকৰয় বশ মোক পৰম সন্ন্যাসে।”