সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এখন আধ্যা। ৰা আৰু সাত বৰ কায়স্থ কম ৰাজ্যলৈ পঠা। এই কায়স্থ সাত ঘৰৰ ভিতৰত লাদেৱ আৰু চণ্ডীৰৰৰ এঘৰ আছিল। এওঁলােকে কামৰূপ জিলাৰ বৰ নদীৰ ওচৰত থাকা লোমাগুড়ি নামে গাৱত বাস স্থাপন কৰে। তেওঁলােকৰ কুল-পুৰােহিত কফ পণ্ডিতত এই ঠাইতে থাকে। চণ্ডীৰৰ ইমান কার্যক্ষম আছিল যে কমতেৰে দেৱান আৰু মন্ত্রণা কাৰ্যত মাজে-সময়ে তেওঁৰ সহায় লৈছিল। চণ্ডীবৰে বাৰভূঞাৰ শিৰােমণি ভূঞা হৈ শাসনকাৰ্য অতি সুন্দৰৰূপে চলাইছিল আৰু সেই লত ভােট আদি পৰ্বতীয়া জাতিবিলাকৰ উপদ্ৰৱ বহু পৰিমাণে মন কৰি শান্তি স্থাপন কৰিব পাৰিছিল। দুর্লভনাৰায়ণে এ চণ্ডীবৰক ধৰাই নিয়াই ৰাজধানীৰ বন্দীশালত থয়। চৰিত লেখকসকলে চণ্ডীবৰ বাশালত থােৱাৰ কাৰণ দুটী নির্দেশ কৰিছে। প্ৰথন,-চণ্ডীৰৰ লোমাগুড়িত থাকি বৰ প্রতাপশালী হৈ পৰিল ; তেওঁ ৰজাৰ আজ্ঞাকো মন কৰি নিজৰ মতে শাসন কৰিছিল, নিয়মমতে কৰ পঠাইছিল আৰু ৰজাৰ দূতক বন্দী কৰি থৈছিল। এইবিলাক কাৰণত খঙ্গ উঠি ৰজাই ফৌজ পঠাই চণ্ডীবৰক ধৰাই নি বন্দীশালত থােৱায়। আন কাৰণ,-যেতিয়া চণ্ডীবৰ কমতাৰ ৰাজ্যলৈ আহে সেই সময়ত ধৰ্মনাৰায়ণ ৰজাই তেওঁৰ এৰি নিদিছিল। চণ্ডীবৰে প্ৰতি বছৰে এবাৰ গৌড় ৰাজ্যলৈ যাব বুলি অঙ্গীকাৰ কৰি কমতা ৰাজ্যলৈ আহে। সেই অঙ্গীকাৰ মতে চণ্ডীব গৌড় ৰাজ্যলৈ প্ৰতি বছৰে এবাৰ গৈছিল। তাতে কমতাৰ ৰজাই চণ্ডীবৰক ঘনে ঘনে গৌড় ৰাজ্যলৈ যােৱা দেখি তেওঁৰ ৰাজ্য গৌড়ৰ ৰজাৰ দিয়াবৰ চক্রান্ত