সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভৰতবৰ্ষত যুলমান জাতিৰ অধিকাৰ হ’লত যেতিয়া ১৩ শতাব্দীত তেওঁলােকে এহাতে শাণিত তৰােৱাল আন হাতে ইছলাম ধৰ্মৰ মূল কাৰণ পুথি লৈ অধিকৃত প্ৰদেশৰ মা বিলাকক সেই কত দুটি যাচি ফুৰে, সেই সমত কাকু নগৰৰ অনেক ধর্মপরায়ণ হিৱে ধৰ্ম আৰু প্ৰাণ লােগৰ ভয়ত দেশ এৰি পতে বিয়ে অশেষ দুখ সহি লুকাই ফুৰিছিল। এই লােক সকলৰ মাজত শঙ্কৰদেৱৰ উপৰি বংশধৰ লণ্ডাদেৱ গিৰি আৰু তেঁওৰ পুতেক চণ্ডীবৰ গিৰি আছিল। এওঁলােক দুজন মুচলমানৰ উপদ্ৰৱত বহুদিন পৰ্বতে হাৰিয়ে লুকাই ফুৰি অৱশেষত কাকু নগৰলৈ যােৱা নিৰাপদ নহর জানি বঙ্গদেশৰ উত্তৰ অঞ্চলৰ গৌড় নামে এক নগৰত আহি বাস কৰে। এই সময়ত এই গৌড় নগৰত ৰা ধৰ্মনাৰায়ণ আছিল। লণ্ডাদেৱ আৰু চণ্ডীবৰ বুদ্ধিমান পণ্ডিত আৰু পৰাক্ৰমী থকাত ৰজাৰ প্রিয়পাত্ৰ হৈ উঠে। চণ্ডীবৰ ৰজাৰ দেৱান হয়। গৌড় ৰাজ্যত এওঁলােকে সুখ, শান্তি, ধন, সম্ভ্রম লাভ কৰি অনেক দিন আছিল, কিন্তু অসমৰ সৌভাগ্যৰ নিমিত্তে তেওঁলােকৰ বাসস্থান গৌড় নগৰৰপৰা আঁতৰিল। গৌড় ৰাজ্যৰ লগত কমতা ৰাজ্যৰ সন্ধি থকাত দুয়ে ৰাৰ ৰজাৰ মিল আছিল। কমতাৰ ৰজা দুর্গতনাৰণে তেওঁৰ ৰাজ্য বহ দূৰলৈ ব্যাপি পৰাত তাক শাসন কৰিবলৈ ঠায়ে ঠায়ে উপযুক্ত মানুহ নথকাত আৰু ৰাজ্যত ধৰ্ম্ম-পৰায়ণ, নানী, সমাজ চলােৱা মানুহৰ সংখ্যা নীচেই তাকৰ থকাত সাতজন ব্রাহ্মণ আৰু সাতজন কায়স্থ কমতাৰ ৰাজ্যলৈ পঠাবলৈ গৌড়ৰ ৰজাক অনুৰােধ কৰে। বৰ্মনাৰায়ণে মিত্ৰৰ অনুৰােধ মতে 'সাত ঘৰ