সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপৰিবাৰে গৈ নগাৱৰৰামপুৰ বােলা ঠাইত বসতি কৰিলে; আৰু সামন্ত লক্ষ্মীপুৰতে (আজি কালি যাক লখীপুৰ বােলে) থাকিল। সামন্তৰ পিছত তেওঁৰ পুত্ৰসকলে তাতে ৰাজত্ব কৰি আছিল, আৰু মধ্য-আসামত ৰাজত্ব কৰি থকা কছাৰী ৰজাই আৰু সদিয়াৰ চুটীয়া ৰজাই তেওঁলােকৰ স্বাধীনতাত হাত দিব নােৱাৰি- ছিল। কিন্তু পিছত আহােম ৰজাৰ হাতত তেওঁলােক হাৰি ৰাজ্য হেৰুৱায়। ৰাজধৰ নামে সামুৰ সন্তান এজনে নগাৱৰ বৰদোৱাত বসতি কৰে। এই বাজধৰেই আমাৰ শঙ্কৰদেৱেৰ পিতৃ কুসমবৰৰ ককাক। গুৰুচৰিত্ৰ পুথিত শঙ্কৰ বংশীয় ভূসকলৰ বিষয়ে যি আছে তাকে ঠিক বুলি ধৰিব পাৰি । যথা ; দুর্লভনাৰায়ণ নামে কমতাপুৰৰ ৰজা এজনেৰে সৈতে ধৰ্মনাৰায়ণ নামে গৌৰৰ ৰজা এজনৰ ৰণ লাগে। উভয়ে বল-বীৰ্যত সমকক্ষ হােৱাত কোনােৱে কাকে বলে নােৱাৰি শেহত মিত্রত কৰে। তাৰ পিছত কমতাপুৰৰ ৰজাই গৌৰৰ ৰজাক কলে “মােৰ দেশত উচজাতীয় লােক নাই। মােক কেইজনমান উত্তম ব্রাহ্মণ আৰু কায়স্থ লােক দিলে ভাল হয়।” গোৰেৰে সেই কথাত সম্মত প্ৰকাশ কৰি কনৌজৰপৰা অনাই কৃষ্ণ পণ্ডিত প্ৰমুখ্যে সাত ঘৰ ব্ৰাহ্মণ আৰু চণ্ডীবৰ প্ৰমুখ্যে সাত ঘৰ কায় কমতেক দিলে। ব্রাহ্মণ কেইজনৰ নাম-কৃষ্ণ পণ্ডিত, ৰঘুপতি, ৰামবৰ, লােহাৰ, বৰণ, ধৰম, মথুৰা। বহু কেইজনৰ নাম,-চণ্ডীবৰ, ধৰ, হৰি, শ্ৰহৰি, শ্ৰপতি, চিদানন্দ, সদানন্দ। কমতেৰে এই চৌদ্ধ ঘৰ ব্ৰাহ্মণ কায়স্থ, অনাই, প্ৰথমতে তেওঁ- লােক লেঙামাগুৰি নামে ঠাইত থাকিবলৈ দিছিল। চণ্ডীৰৰ