সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম আধ্যা। আসামত বিখ্যাত বাৰভূঞাসকলৰ ভিতৰৰ 'শিৰােমণি ভূঞা চণ্ডীবৰৰ নাতিৰ নাতি আছিল। আলামত বাৰ সকলৰ উৎপত্তিৰ বিষয়ে কেইবাটাও মত আছে। আহােমবিলাক আসামত সােমােৱা কালত ভূঞাসকলে ব্ৰহ্মপুত্র নৈৰ উত্তৰ ফালে আৰু চুটীয়া ৰাজাৰ পূৰত ৰাজ কৰিছিল। এটা মত এই,-আৰিমত্ত ৰজাৰ পিছত তেওঁৰ মন্ত্রী সমুদ্রই নাৰি- মত্তৰ পুতেক ৰত্নসিংহক ৰাজ্যৰপৰা খেদি দি নিজে ৰাজপাট উঠিছিল। আৰিমত্ত সূৰ্য্যবংশী কবির ধর্মপালে সংস্থাপন কৰা ৰাজ্যৰ শেহ ৰা ৰামচন্দ্ৰৰ বাণীৰ গৰ্ভত হােৱা সন্তান। এই আৰিমত্তই বাপেক ৰামচন্দ্ৰ নাজানি বধ কৰিছিল। আৰিমত্তৰ ৰাজধানী কামৰূপৰ বেনাৰ ওচৰৰ বৈদ্যৰ গৰত আছিল। কমতাপুৰৰ ৰজাৰ বংশৰ ফেgৱা নামে ৰজা এজনে আৰিমত্তক আক্রমণ কৰি হৰি প্ৰাণ হেৰুৱায়। আৰিমত্তৰ পুতেক সিংহকে তেওঁৰ বাপেকৰ কালৰ মন্ত্রী সাইখেদাই দি নিজে ৰজা হয়। সমুদ্রৰ পিছত সমুদ্ৰৰ পুতেক মনােহৰ ৰজা হয় । এনে প্রবাদ আছে যে, মনােহৰৰ জীয়েক লক্ষ্মীৰ গৰ্ভত সূৰ্যদেৱৰ ঔৰষত দুটি লৰাৰ জনম হয়, এটি নাম সাত, আনটিৰ নাম সান্ত। সাকা বৈ আৰু সামন্ত শাক্ত হল। কারে বেলেগ হৈ