সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

So 8 শঙ্কৰদেৱ। পৰাসে জুৰাইল মোৰ হিয়া। হেন জানে আউৰ নেদেখিবো তোক আই। নয়নৰ তন্তে নীৰ ধাৰে বহি যায়। ব্যক্মিণীও ভৈলা পাছে সজল নয়ন। দৈবকী বোলন্ত দুইকো প্ৰবোধ বচন | বস্ত্ৰৰ অঞ্চলে দুইৰে মলছিলা মুখ। কি কাৰণে বিহানী কৰিছ। মন দুখ। তোমাৰেসে জী জমাহ তোমাৰেসে ঘৰ। তুমি সে আপোন হৈব। আমি হৈবে। পৰ৷ জামাই পাইলা কৃষ্ণক কতেক পুণ্য ভাগে। আনন্দ উৎসব আতি কৰিবাক লাগে।" ৰুক্মিণীৰ বিয়াৰ পিছত কুণ্ডিনলৈ আহিবৰ সময়ত শশীপ্ৰতাই বিয়নীয়েকৰ হাতত ধৰি বিদায় লৈছে - “দৈবকীৰ হাত ধৰিয়া বোল শশীপ্ৰভা মহাদই। পাঞ্চপুত্ৰ মাজে জীয় এক খানি, সম্যকে মোহোৰ জীৱ। কাবৌ কৰো হেৰা, পালিব গোসানী, তোমাৰেসে লৈ জীয়। সুৱগতে মোৰ, বাঢিল ৰুক্মিণী, ঘৰে কৰে নিতে দোষ। ঢাকি ৰাখি তুমি আপুনি চাহিয়া মৰষিবা দশ দোষ। তোমাৰ হাতত সম্পিলে। জাষক, কৰিলে। হে মেলানি।” ওপৰত দিয়া পদবোৰ পঢ়াৰ পিছতো কব লাগিব নে যে শঙ্কৰদেৱৰ ৰুকিণা হৰণ কিন্তু অসমীয়াৰ আদৰৰ ধন বেদনিধি বামুণৰ মুখে কৃষ্ণই ৰুক্মিণীৰ কথা শুনি লৰালৰিকৈ বথত উঠি কুণ্ডিনলৈ গুচি আহিল; ঘৰত তেও মাক ককায়েক আদি কাকো সেই কথা ভাঙি নকলে; কাৰণ তেওঁ তেতিয়াও প্ৰথম বয়সী লাজকুৰীয়া ডেকা। তেওঁ বেদনিধিক বিশ্বসে কৈছে, ৰুক্মিণীৰ ৰূপ গুণৰ কথা যি দিনা তেওঁৰ কাণত পৰিল ‘সেই কাল