সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰগণা বন্দৰত্ত দেৱলীয়া চৌধাৰী বৰঘৈণী আৰাম বৈপক পুৰস্কাৰ সদৰামীনৰ আত্মজীৱনী জেষ্ট গৌৰীকান্ত ৰুদ্ৰেশ্বৰে মঙ্গলা হালগিৰীৰ মাটিত যাই দেবদত্ত বৰদলৈৰ জীয়েক ঐতিলমতীক বিবাহ কৰায় ৷ ১৫১ ৷৷ ৭। চোৰ বৈদ । বৰ পানী। অনাবৃষ্টি। পুৰৰ ৰাজাৰ পৰলোক ৷ ১৭৬৮ শক, ১২৫৩ সাল, ১৮৪৬ ৪৭ ইংৰাজী । এই সনেও জিন্‌কিঞ্চন কমিচনৰ ও মিথি সাহেব ডিপুটী কমিচনৰ ও ডালটীন সাহেব কালেক্টৰ ৷ এওঁ সাহেব গত সনৰ নিধি ও নিয়মমতে পৰগণাসকল ৩৩৫ সনা ম্যাদে বন্দবস্ত কৰিলে ও হাজো পৰগণা গৌৰীকান্ত সহিত বন্দবস্ত ও কামুৰাম শৰ্ম্মা দেৱলীয়া চৌধাৰী। তেওঁলোক সহিত গৌৰীকান্ত খাজানা তহুচীল কৰি পঠায়। মঞি সৰকাৰে দাখিল কৰে।। আখেৰিতে মোখনিয়াৰ খাত আদি বাবত ৩০০/৪০০ টাকা ও খাজানাৰ বাকী, সৰকাৰে দাখিল কৰে৷৷ প্যাদাজাৰি হব নিদোওঁ, নিজৰ পৰা দিওঁ ৷৷ ১৫২ ৷ কৃষ্ণৰাম বৰুৱা চেৰস্তাদাৰ মকৰৰ হৈ লোকসকলক ৰণীভূত কৰিছিল, ও ডালটীন সাহেব সহিত বৰ ভাল ও খাটনি কৰিছিল ৷ ১৫৩ ৷ এই সনৰ জৈষ্ঠ মাহৰ আখেৰিতে শ্রীমতী বৰখৈণীৰ বেমাৰ ভাল হল, কিন্তু কাৰ ঔষধত ভাল হল, নিৰ্ণয় কৰিব পৰা ন'গল। নানা ঠাইৰ নানা বৈদ্য ও ঔষধ আনি, নানামত চিকিৎসা কৰা হৈছিল; তথাপি আঠগঞা বৈদ ঘৰত থাকি ৪৷৫ মাহ যাবৎ অনবৰত চিকিৎসা কৰাত ভাল হোৱাত, তেওঁৰ নাম হ'ল । এবং তেওঁক কাপুৰ একজোৰা, আৰো সোণা কাণত, হাতত ৰূপৰ খাৰু ও কয়েক টাকা ৰূপ দি ঘৰলৈ যাবৰ বিদায় দিলোঁ। ও হাতী সহিত তেওঁক ঘৰত থৈ আহিবৰ কাৰণে খঞ্জুৰ মাহুতক অনুমতি দি, মোহাটী কছাৰীক গলোঁ ৷ সেইমত বৈদ্ভক থৈ আহিল । ১৫৪ ॥